সুদীৰ্ষ ৯ মাহৰ বিৰতিৰ অন্তত পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়া হ’ল মেঘালয়ৰ দুৱাৰ।
কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘসময় পৰ্যটক সকলৰ বাবে পাহাৰীয়া ৰাজ্যখন বন্ধ কৰি ৰখাৰ পাছত সোমবাৰে পুনৰ মুকলি কৰি দিয়া হয়।
মেঘালয় পৰ্যটক সকলৰ বাবে পুনৰ মুকলি কৰি দিলেও ৰাজ্যখনৰ পৰ্যটন বিভাগে পৰ্যটক সকলৰ বাবে কিছু বিশেষ নিৰ্দেশনা প্ৰস্তুত কৰি উলিয়াইছে।
মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰেষ্টন টাইছং, মন্ত্ৰী এইছ ড’হলিংকে ধৰি অন্যান্য বিষয়ববীয়াই ৰিভ’ই জিলাত পৰ্যটক সকলৰ বাবে ৰাজ্যখন পুনৰ মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে।
আনহাতে, কোভিডত আক্ৰান্ত হোৱা বাবে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও টুইটাৰযোগে পৰ্যটক সকলক মেঘালয়লৈ আদৰণি জনায়।
‘‘পৰ্যটনৰ বাবে আজিৰে পৰা মেঘালয় পুনৰ মুকলি হৈছে আৰু আমাৰ পৰ্যটক সকলে ইতিমধ্যে প্ৰৱেশ স্থানত ভিৰ কৰিছে,’’ কনৰাড চাংমাই টুইট কৰে।
উল্লেখযোগ্য যে, মেঘালয় ভ্ৰমণলৈ আহিব বিচৰা সকলো পৰ্যটকে মেঘালয় টুৰিষ্ট এপত বাধ্যতামূলক পঞ্জীয়ন কৰি ই-ইনভাইট গ্ৰহণ কৰিব লাগিব।
গুগ’ল প্লে ষ্ট’ৰ আৰু এপ’ল ষ্টোৰত মেঘালয় পৰ্যটন এপটো উপলব্ধ হৈ আছে।