মেঘালয়ত পুনৰ ১৯ গৰাকী বি এছ এফ জোৱান কোভিড-১৯ প’জিটিভ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বৃহস্পতিবাৰে মেঘালয়ত নতুনকৈ ১৯ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে।

নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হোৱা এই কেইগৰাকী লোকৰ সৈতে মেঘালয়ত সক্ৰিয় কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৫৭ গৰাকীলৈ বৃদ্ধি পালে।

বৃহস্পতিবাৰে নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হোৱা লোক কেইগৰাকীৰ ভিতৰত পূব খাচি পাহাৰীয়া জিলাৰ ১৩ গৰাকী বি এছ এফৰ জোৱান আৰু তিনিগৰাকীকৈ ক্ৰমে পশ্চিম গাৰো পাহাৰ আৰু দক্ষিণ গাৰো পাহাৰ জিলাৰ।

বৰ্তমানলৈ ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত হোৱা বি এছ এফৰ জোৱানৰ সংখ্যা ২৮২ গৰাকীলৈ বৃদ্ধি পালে।

মেঘালয়ত বৰ্তমানলৈ মুঠ ৫৩৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে ৭৮ গৰাকী লোক।

আনহাতে, ৰাজ্যখনত এতিয়ালৈ চাৰি গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

মেঘালয়ত কোভিড-১৯ ত আক্ৰান্ত হোৱা লোক সকলৰ ভিতৰত অধিকাংশ লোকে বহিৰাজ্যৰ পৰা নিজ ৰাজ্যলৈ উভতি অহা।

মেঘালয় চৰকাৰে অসমত বৰ্দ্ধিত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সীমামুৰীয়া জিলা সমূহত ল’কডাউন ঘোষণা কৰিছিল।