NORTHEAST NOW (Assamese)

মেঘালয়ত ১১৯১ গৰাকীলৈ বৃদ্ধি ক’ৰ’না আক্ৰান্তৰ সংখ্যা; বৃহস্পতিবাৰে ১২ গৰাকী লোক প’জিটিভ

August 13, 2020 5:44 pm · এন ই নাও নিউজ

বৃহস্পতিবাৰে মেঘালয়ত পুনৰ ১২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১১৯১ গৰাকীলৈ বৃদ্ধি পায়।

মেঘালয়ত নতুনকৈ ক’ৰ’না আক্ৰান্ত লোক কেইগৰাকীৰ ভিতৰত তিনিগৰাকী বায়ু সেনাবাহিনীৰ লোকো আছে।

আনহাতে, বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৩০ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়। বৰ্তমানলৈ ৰাজ্যখনত ৫৪৭ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

মেঘালয়ত বৰ্তমান সময়ত মুঠ ৬৩৮ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে ইয়াৰ ভিতৰত ৪৩৬ গৰাকী পূৱ খাচি পাহাৰীয়া জিলাৰ, ৮৩ গৰাকী ৰি-ভই জিলাৰ, ৮২ গৰাকী পশ্চিম গাৰো পাহাৰীয়া জিলাৰ, ১৬ গৰাকী পশ্চিম জয়ন্তীয়া পাহাৰীয়া জিলাৰ, ছয়গৰাকী ক্ৰমে পূৱ জয়ন্তীয়া পাহাৰ আৰু উত্তৰ গাৰো পাহাৰৰ।

তদুপৰি, পশ্চিম খাচি পাহাৰ আৰু দক্ষিণ গাৰো পাহাৰৰ তিনিগৰাকী, এগৰাকী দক্ষিণ-পশ্চিম পাহাৰীয়া জিলাৰ।

বুধবাৰে মেঘালয়ত মুঠ ৪২,০৮৪ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়।

Related News