NORTHEAST NOW (Assamese)

মেঘালয় চৰকাৰে বন্ধ কৰিলে কোভিড ৰোগীৰ বিনামূলীয়া খাদ্যৰ যোগান

October 20, 2020 4:43 pm · এন ই নাও নিউজ

পৰ্যাপ্ত ধন নথকা বাবে মেঘালয় চৰকাৰে ৰাজ্যখনৰ কোভিড কেয়াৰ কেন্দ্ৰ সমূহত কোভিড ৰোগীৰ বাবে বিনামূলীয়া খাদ্য সামগ্ৰীৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সোমবাৰে পূৱ খাচী পাহাৰীয়া জিলা প্ৰশাসনে এতিয়াৰে পৰা কোভিড কেয়াৰ কেন্দ্ৰ সমূহত ক’ৰ’না ৰোগী সকলক দিবলগীয়া খাদ্য সমূহ বিনামূলীয়াকৈ দিয়া নহ’ব বুলি উল্লেখ কৰে।

জিলা উপায়ুক্ত ইচাৱান্দা লালোই জনোৱা মতে এতিয়াৰে পৰা কোভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি হোৱা ৰোগী সকলে দৈনিক ৩৮০ টকাকৈ আদায় দিব লাগিব।

জিলা উপায়ুক্ত গৰাকীয়ে ৰাজ্যখনত নিৰ্দ্ধাৰণ কৰা খাদ্যৰ মূল্য কেন্দ্ৰৰ কোভিড ৰেছপঞ্চ টাস্ক ফোৰ্চে নিৰ্দ্ধাৰণ কৰা মূল্য অনুসৰি গ্ৰহণ কৰা হৈছে বুলি জনায়।

আনহাতে, দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা লোক সকলৰ পৰা এই মূল্য গ্ৰহণ কৰা নহ’ব আৰু তেওঁলোকলৈ বিনামূলীয়া খাদ্যৰ যোগান অব্যাহত থাকিব বুলিও উপায়ুক্ত গৰাকীয়ে সদৰী কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মেঘালয় চৰকাৰে ৰাজ্যখনত বিনামূলীয়া কোভিড টেষ্টিং সেৱাও বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কেন্দ্ৰ চৰকাৰে বিনামূলীয়া টেষ্টিং কিট প্ৰেৰণ বন্ধ কৰাৰ পাছতে মেঘালয় চৰকাৰে অৰ্থৰ অভাৱত বিনামূলীয়া টেষ্টিং বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।

Related News