গাৰো পাহাৰৰ ৰাভা ভাই-ভনীৰ মাজত ৰঙালীৰ উলাহ, মাণিকগঞ্জত দিনে-নিশাই বিহুৰ আখৰা

Meghalaya's Rabha youth starts Rangali Bihu preparation

উত্তৰ গাৰো পাহাৰৰ মাণিকগঞ্জত ৰাভা যুৱতীৰ বিহুৰ আখৰা। ছবি- নৰ্থ ইষ্ট নাও।

সমগ্ৰ অসমৰ লগতে চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰবাসী ৰাভা ভাই-ভনীসকলৰ মাজলৈয়ো আহিছে ৰঙালীৰ উলাহ৷

উত্তৰ গাৰো পাহাৰ জিলাৰ মাণিকগঞ্জ, জংলা, ৰোম, দাৰাম, থাপা আদি অঞ্চলৰ ৰাভা জনগোষ্ঠীৰ লোকসকলো ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত।

ঠায়ে ঠায়ে দেখা গৈছে বিহুৰ আখৰাত ব্যস্ত ৰাভা ডেকা-গাভৰুৰ দল।

ভৈয়ামৰ ভাই-ভনীসকলৰ দৰেই মেঘালয়বাসী ৰাভাসকলেও ৰঙালীকে ধৰি আটাইকেইটা বিহু উদযাপন কৰে।