দিল্লীৰ পৰা উৰা মাৰি ডমিনিকাত উপস্থিত বিমান, ভাৰতলৈ অনা হ’ব পাৰে প্ৰৱঞ্চক মেহুল চকছিক

nn

পঞ্জাৱ নেশ্যনেল বেংক জালিয়াতি কাণ্ডৰ পলাতক প্ৰৱঞ্চক মেহুল চকছিক ভাৰতলৈ ওভতাই অনাৰ বাবে দিল্লীৰ পৰা উৰা মৰা চাৰ্টাৰ্ড বিমান খনে ডমিনিকাৰ ডগলাছ চাৰ্লছ বমান বন্দৰত অৱতৰণ কৰিছে।

কাটাৰৰ ডোহাৰ পৰা অহা Bombardier Global 5000 (A7-CEE) বিমান খনে ২৭ মে’ৰ বিয়লি ৩.২৭ বজাত দিল্লীত অৱতৰণ কৰিছিল।

এদিন দিল্লীতে থকাৰ পিছত বিমান খনে ডমিনিকালৈ উৰা মাৰিছিল। ধাৰণা কৰা অনুসৰি এই বিমান খনতে বেংক জালিয়াতিৰ মূল অভিযুক্ত মেহুল চকছিক ভাৰতলৈ ওভতাই অনা হ’ব।

উল্লেখ্য পাঞ্জাৱ নেশ্যনাল বেংকৰ পৰা প্ৰায় ১৩,৫০০ কোটি টকাৰ ঋণ লৈ সেই ঋণ পৰিশোধ নকৰাকৈয়ে চকছিয়ে এণ্টিগুৱালৈ পলায়ন কৰিছিল।

চকছিয়ে এণ্টিগুৱাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল।ভাৰতে বহু চেষ্টা কৰিও প্ৰৱঞ্চক চকছিক দেশলৈ ওভতাই আনিব পৰা নাছিল। কাৰণ এণ্টিগুৱৰ নিয়ম অনুসৰি দেশ খনে নাগৰিকত্ব গ্ৰহণ কৰা কোনো লোককে আন দেশৰ হাতত গটাই দিব নোৱাৰে।

কিন্তু কিছুদিন পূৰ্বে মেহুল চকছিয়ে এণ্টিগুৱাৰ পৰা ১৮৮ কিলোমিটাৰ দূৰৈত অৱস্থিত ডমিনিকালৈ যোৱা বুলি নিশ্চিত হোৱাৰ পিছতে ভাৰতে চকছিক দেশলৈ ওভতাই অনাৰ বাবে তৎপৰ হৈ পৰে।

ইতিমধ্যে ভাৰতে জনোৱা আবেদনৰ প্ৰতি ডমিনিকাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনে সঁহাৰি জনাইছে। সেইমৰ্মে চকছিক ভাৰতলৈ অনাৰ যো-জা চলিছে। ইপিনে চকছিৰ অধিবক্তাই অভিযোগ কৰা অনুসৰি কিছুদিন পূৰ্বে চকছিক অপহৰণ কৰি ডমিনিকালৈ নিয়া হৈছে আৰু তাত তেওঁক বেয়াকৈ মাৰ-ধৰ কৰা হৈছে।

উল্লেখ্য বিগতবৰ্ষৰ মাজ ভাগত দেশৰ এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰে মেহুল চকছি আৰু তেওঁৰ আত্মীয় আন এজন প্ৰৱঞ্চক নীৰৱ মোদীৰ জিম্মাত থকা হীৰা-মুকুতা সোণৰ গহনা জব্দ কৰিছিল।

এই গহণাসমূহৰ ওজন প্ৰায় ২,৩০০ কিলোগ্ৰাম আৰু ইয়াৰ আনুমানিক মূল্য প্ৰায় ১,৩০০ কোটি হ’ব বুলি ।

ইডিৰ সূত্ৰৰ মতে এই বিপুল পৰিমাণৰ গহনা তথা অলংকাৰখিনি হংকঙৰ পৰা মুম্বাইলৈ অনা হৈছিল।
১০ট টা কাৰ্টুনত ভৰাই অনা এই অংলকাৰখিনিৰ মাজৰ ৩২ টা নীৰৱ মোদীৰ আৰু ৭৬ টা কাৰ্টুন নীৰৱৰ মোমায়েক মেহুল চকছিৰ বুলি জনাইছিল ইডি-এ।

উল্লেখ্য যে, ২০১৮ চনত ১৩,৫০০ কোটি টকাৰ পাঞ্চাৱ নেশ্যনেল বেংকৰ ঋণ জালিয়াতিৰ কথা ধৰা পৰাৰ পূৰ্বেই নীৰৱ মোদী আৰু মেহুল চকছিয়ে দেশ এৰি পলায়ন কৰিছিল।

দেশ এৰি পলায়ন কৰাৰ পূৰ্বে এই বৃহৎ পৰিমাণৰ অলংকাৰখিনি এখন জাহাজেৰে হংকংঙলৈ প্ৰেৰণ কৰিছিল দুই প্ৰৱঞ্চকে।

হংকঙৰ পৰা অলংকৰাখিনি ডুবাইলৈ প্ৰেৰণ কৰাৰ কথা আছিল যদিও ইডি-এ অলংকাৰখিনি দেশলৈ উভতাই আনিবলৈ আইনী প্ৰক্ৰিয়াৰে তৎপৰ হৈছিল।