ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’
কথাতে আছে একালৰ বৃন্দাবন একালত পৰে চন।
আমেৰিকাৰ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ক্ষেত্ৰতো এতিয়া পূৰ্ৰ বৃন্দাবন চন পৰাৰ উপক্ৰম ঘটিছে।
মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হোৱাৰ পিছৰে পৰাই বিশ্বজুৰি ট্ৰাম্পৰ জনপ্ৰিয়িতা কমিছে।
একালত বন্ধুৰ অভিনয় কৰা সকলেও লাহে লাহে ট্ৰাম্পৰ সংগ এৰিবলৈ আৰম্ভ কৰিছে।
আন নালাগে ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্পেও আজিকালি ট্ৰাম্পৰ সন্মান-অসন্মানৰ বিষয়টোৰ প্ৰতি যেন গুৰুত্ব নিদিয়া হৈ পৰিছে।
পৰাজিত সৈনিক ট্ৰাম্পৰ সৈতে মেলানিয়াই আনকি ফটো উঠিবলৈও অস্বীকাৰ কৰিছে।
এসময়ৰ জনপ্ৰিয় মডেল মেলানিয়াই ট্ৰাম্পৰ সৈতে বিবাহ বিচ্ছেদ বিচাৰিব বুলি কথা ওলাই থকাৰ সময়তে মেলানিয়াই ট্ৰাম্পৰ সৈতে একেলগে ফটো উঠিবলৈ অস্বীকাৰ কৰাৰ কথাই বিষয়টোক আৰু অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে।
শেহতীয়াকৈ হোৱাইট হাউচ এৰি পিছতে ট্ৰাম্পে পত্নী মেলানিয়াৰ সৈতে বিমানেৰে গৈ উপস্থিত হৈছিল ফ্ল’ৰিডাত।
ফ্ল’ৰিডাৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে ট্ৰাম্প আৰু মেলানিয়াক অভিবাদন জনাইছিল তাত উপস্থিত থকা সাংবাদিকসকলে।
ক্ষমতাত থকাৰ সময়ত মেলানিয়াই ট্ৰাম্পৰ সৈতে সাংবাদিকৰ আগত একেলগে প’জ দিছিল যদিও ফ্ল’ৰিডাৰ বিমান বন্দৰত তাৰ ব্যতিক্ৰম ঘটিল।
If “I’m over it” were a person. pic.twitter.com/CLA8WucyXX
— The Lincoln Project (@ProjectLincoln) January 21, 2021
ট্ৰাম্পে সাংবাদিকৰ অভিবাদন গ্ৰহণ কৰি ফটো উঠিবলৈ ৰৈ যায় যদিও মেলানিয়াই পূৰ্বৰ পৰম্পৰা ভংগ কৰি ট্ৰাম্পলৈ নৰোৱাকৈয়ে চিধাই খোজকাঢ়ি আগুৱাই গৈ থাকে।
পত্নীৰ এনে ব্যৱহাৰত স্বাভাৱিকতে অপ্ৰস্তুত হৈ পৰে ট্ৰাম্প।
এই ঘটনাই ট্ৰাম্প-মেলানিয়াৰ সম্পৰ্কত যে অধিক ফাঁট মেলিছে তাকেই প্ৰতীয়মান কৰা বুলি বহুতে আলোচনা কৰিবলৈ লৈছে।