আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ভাৰত ভ্ৰমণলৈ অহা ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্পে আজি দিল্লীৰ চৰকাৰী বিদ্যালয়লৈ যায়।
ছাউথ মতিবাঘ অঞ্চলৰ সৰ্বোদয়া বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নামৰ চৰকাৰী বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত আমেৰিকাৰ ফাৰ্ষ্ট লেডীগৰাকীৰ উপিস্থিতক লৈ দেখা যায় উৎসৱমুখৰ পৰিৱেশ।
বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে হাতত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় লৈ পতাকা শাৰী শাৰীকৈ থিয় হৈ মেলানিয়া ট্ৰাম্পক পৰম্পৰাগতভাৱে আদৰণি জনায়। এই অভিভাদন তথা আদৰণিত অভিভূত হৈ পৰে আমেৰিকান ফাৰ্ষ্ট লেডীগৰাকী।
বিদ্যালয়খনত মেলানিয়াই প্ৰায় ২০ মিনিট সময় কটায়।
মেলানিয়াই বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ লগত অন্তৰঙ্গভাৱে বাৰ্তালাপ কৰে।
বিশ্বমানৰ তথা অতি সুন্দৰ আন্তঃগাঠনিৰ বিদ্যালয়খন মেলানিয়া ট্ৰাম্পে পৰিদৰ্শন কৰি অভিভূত হৈ উঠে।
ইফালে্ মেলানিয়াৰ আগমনকলৈ বিদ্যালখনৰ শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকলো অতি উৎফুল্লিত হৈ উঠা দেখা যায়।
এই উপলক্ষ্যে শিক্ষাৰ্থীসকলে ভিন্নৰঙী উজ্জ্বল ৰঙাৰ পোছাক পিন্ধি যোৱা পৰিলক্ষিত হয়।
উল্লেখ্য যে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দিল্লী শিক্ষামন্ত্ৰী মনীষ চিচোড়িয়াই দিল্লীৰ বিদ্যালয়ৰ কেৱল আন্তঃগাঠনিকেই নহয় সমগ্ৰ দিল্লীৰ শিক্ষা ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আনিছে।
বিশ্বমানৰ শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা কৰা দিল্লী চৰকাৰী বিদ্যালয়বোৰৰ শিক্ষাৰ্থীসকলৰ যোৱা বৰ্ষৰ পৰীক্ষাৰ উত্তীৰ্ণ হাৰ আছিল ৯৬ শতাংশৰো অধিক। ইতিমধ্যে বহু বেচৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে আহি চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিছেহে।
বিশেষকৈ ২০১৮ বৰ্ষৰ পৰা আৰম্ভ কৰা ‘হেপ্পীনেছ ক্লাছেছে’ দিল্লীৰ শিক্ষা ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আনিছে। এই ‘হেপ্পীনেছ ক্লাছেছ’ চাবলৈকে মেলানিয়া ট্ৰাম্পে দিল্লীৰ শিক্ষানুষ্ঠানত পৰিদৰ্শন কৰিছিল।
মেলানিয়া ট্ৰাম্পৰ শিক্ষানুষ্ঠান ভ্ৰমণক দিল্লীৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ক্ৰমে অৰিবন্দ কেজৰিৱাল আৰু মনীষ চিচোড়িয়াই স্বাগতম জনাইছে।