ভোগালীৰ ভোগ ত্যাগ কৰি অনশনত ৭০টা সংগঠনৰ প্ৰতিনিধি

জাতিটোক নিঃশেষ কৰি দিলে ভৱিষ্যতে বিহুৱেই পাতিব নোৱাৰিম : এজন অনশনকাৰী

Hunger Strke

ভোগালীৰ ভোগ ত্যাগ কৰি অনশনত ৭০টা সংগঠনৰ প্ৰতিনিধি। ফটো : য়ু বি।

সমগ্ৰ অসমীয়াই কৰি থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ আন্দোলনটোক চৰকাৰে গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত ভোগালীৰ আনন্দৰ পৰা বিৰত থকাৰ লগতে উৰুকাৰ দিনাই অনশনত বহিল ৭০টা সংগঠনৰ প্ৰতিনিধি। হেঁপাহৰ ভোগালী বিহুটোৰ আহ্বান নেওচি গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈসহ ৭০টা সংগঠনৰ প্ৰতিনিধিসকলে অনশন আৰম্ভ কৰে।

আজি ১৪ জানুৱাৰিৰ বিয়লি ২ বজাৰ পৰা আৰম্ভ হোৱা এই অনশন কাৰ্যসূচী ১৫ জানুৱাৰি, অৰ্থাৎ বিহুৰ দিনা বিয়লি ২ বজালৈ চলিব।

মুখ্য মন্ত্ৰীক বিভিন্ন স্থানত ক’লা পতাকা প্ৰদৰ্শণ কৰা, ৰাজপথত আন্দোলন কৰাৰ পাছতো অসমৰ ৰাইজৰ কথা বুজি নোপোৱাত উৰুকাৰ দিনা এই কাৰ্যসূচী ল’ব লগীয়া হৈছে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কয়। লগতে বিহুৰ আনন্দ উল্লাসৰ মাজতো জাতীয় চেতনা জাগ্ৰত কৰি ৰখাৰ লগতে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিবলৈ অসমবাসীলৈ অখিল গগৈয়ে আহ্বান জনায়।

তেওঁ কয়, “আনন্দ-স্ফূৰ্তি আৰু ভোগৰ মাজতো যেন অসমীয়া জাতিয়ে নিজৰ অস্তিত্বৰ কথা পাহৰি নাযায়, তাৰ বাবে সজাগ কৰি ৰাখিবলৈ আৰু আমাৰ প্ৰকৃত আন্তৰিকতাৰে আমি বিধেয়কখন বাতিল কৰাবলৈ কেনেকৈ যুঁজিছো সেই কথা বুজাই দিবলৈ এই কাৰ্যসূচী হাতত লৈছো”।

অখিল গগৈয়ে লগতে এই বিধেয়কখন গৃহীত হ’লে ৭০টা সংগঠনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও স্পষ্ট কৰি দিয়ে। লগতে ৭০ সংগঠনে আন্দোলনৰ সমানে সমানে আইনী যুঁজ চলাবলৈও সাজু থকা বুলি মন্তব্য কৰে।

একেদৰে মৰিগাঁৱত অনুষ্ঠিত হ’ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ বাতিল কৰা বাবে সংঘক ধন্যবাদ জনায় অখিল গগৈয়ে।

“প্ৰধান মন্ত্ৰীৰ বাবে ইয়াতকৈ আৰু ডাঙৰ অপমান একো হ’ব নোৱাৰে” গগৈয়ে কয়। লগতে অধিবেশনলৈ নৰেন্দ্ৰ মোদী আহিলেও ৭০টা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁক ঘূৰাই পঠাব বুলিও তেওঁ কয়।

অনশনস্থলীত ভাষণ প্ৰদান কৰি এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, “জাতিটোক বচোৱাৰ স্বাৰ্থত বিহুৰ সময়তো আমি অনশন কৰিছো। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশী আনি অসমীয়া জাতিক নিঃশেষ কৰি দিলে আমি আগলৈ বিহুৱেই পাতিব নোৱাৰিম”।