সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন মন্দিয়া দুৰ্গাপূজা : সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ স্থানীয় হিন্দু-মুচলমান

Mandiya Durga Puja

নৱমীৰ দিনা মন্দিয়াৰ দুৰ্গা পূজাত হিন্দু মুচলমান দৰ্শকৰ একাংশ। ফটো : পুলেন্দ্ৰ দাস।

যি সময়ত ৰাজ্যত অপশক্তিয়ে হিন্দু-মুছলমানৰ নামত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ গোপনে চেষ্টা কৰি আহিছে, সেই সময়তে বৰপেটা জিলাৰ মন্দিয়াৰ দুৰ্গাপূজাত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শনে মানুহৰ দৃষ্টি কাঢ়িছে।
সংখ্যালঘু প্ৰধান অঞ্চল মন্দিয়াত এইবাৰ মুছলমান লোকৰ সহযোগত উদযাপন কৰা হৈছে দুৰ্গা পূজা ৷ মন্দিয়া বজাৰৰ সাৰ্বজনীন কালি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৬৯সংখ্যক মন্দিয়া দুৰ্গা পূজাত হিন্দু সম্প্ৰদায়ৰ লোকৰ লগতে ইছলাম ধৰ্মৱালম্বী লোকসকলেও দুৰ্গা পূজাত স্বতস্ফূৰ্তভাৱে সহায়-সহযোগিতা আগ বঢ়াই সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা দেখা গৈছে।
কেৱল আয়োজক হিচাপেই নহয়, নৱমীৰ দিনটোত অঞ্চলটোৰ মুচলমান লোকসকলে হিন্দু সকলৰ সমানেই দুৰ্গোৎসৱৰ উপভোগৰ বাবে ওলাই আহি উৎসৱৰ আনন্দত অংশ গ্ৰহণ কৰে ৷
সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰি শান্তি-সম্প্ৰীতি আৰু একতাৰ বান্ধোনডাল অধিক কটকটীয়া কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয় ৷
‘নৰ্থ ইষ্ট নাও’ ৰ প্ৰতিবেদক আগত পূজা সমিতিৰ সভাপতি- সম্পাদক ক্ৰমে বিপুল চন্দ্ৰ সৰকাৰ, ভোলা কৰ্মকাৰে জনায় যে, মন্দিয়াত দুৰ্গা পূজা উদযাপনৰ বাবে পূৰ্বৰে পৰাই মুছলমান লোকসকলে সহায়-সহযোগ আগবঢ়াই আহিছে ৷ আনহাতে কোনো অপশক্তিয়ে যাতে মন্দিয়াত  সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব নোৱাৰে তাৰবাবে মন্দিয়াবাসী সদায় নজৰ ৰাখিব বুলি ৰাইজে মত ব্যক্ত কৰে ৷