চামগুৰি থানাত ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সদস্যৰ চাডেন ভিজিট

3321c41d-6964-4d20-a649-3be67ed1e885

ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সদস্য দেৱ কুমাৰ শইকীয়া। ফটো : নৰ্থ-ইষ্ট নাও

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাত আজি অসম মানৱ অধিকাৰ আয়োগৰ সদস্যই চাডেন ভিজিট কৰি উদঙালে চামগুৰি থানাৰ প্ৰকৃত ছবি। চামগুৰি আৰক্ষী থানাত আজি আবেলি প্ৰায় দুই মান বজাত ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সদস্য দেৱ কুমাৰ শইকীয়াই অতৰ্কিতে প্ৰৱেশ কৰাত চামগুৰি আৰক্ষী প্ৰশাসনৰ মাজত এক অথন্তৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়।

এই সময় চোৱাত সদস্য দেৱ কুমাৰ শইকীয়াই থানাখনৰ শৌচালয়, প্ৰস্ৰাৱগাৰ, চিপাহী আৱাসগৃহকে ধৰি আৰক্ষীৰ আৱাসগৃহ সমূহৰ পৰিৱেশ দেখি অসন্তুষ্ট হোৱা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

তেওঁ লগতে দুৰ্গন্ধময় শৌচালয় আৰু প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰি কেনেদৰে কৰ্তব্যৰত আৰক্ষী বিষয়াকে ধৰি কনিষ্টবলসকলে দিন-ৰাতি পাৰ কৰিবলগীয়া হৈছে ই এক অসহ্যকৰ কথা বুলি দেৱ কুমাৰ শইকীয়া সংবাদ মাধ্যমৰ আগত কয়।

চামগুৰি আৰক্ষী থানাত নাই পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা। মকৰা জালেৰে আৱৰি ধৰিছে আৰক্ষী জোৱান সকলৰ আৱাসিকস্থলী। নাই পৰ্যাপ্ত পৰিমাণৰ ফেন-লাইটৰ ব্যৱস্থা। চামগুৰি আৰক্ষী থানা হৈছে অতি স্পৰ্শকাতৰ  য’ত ধৰ্ষণ-হত্যাৰ দৰে বহু গোচৰ পঞ্জীয়ন হয়। কিন্তু সেই অনুপাতে থানাখনত নাই আৰক্ষী জোৱানকে ধৰি মহিলা আৰক্ষীৰ সংখ্যা। কেৱল চামগুৰিয়েই নহয় চামগুৰিতকৈও ৰহা থানাত অধিক মানৱ অধিকাৰ খৰ্ব হোৱা বুলি মন্তব্য কৰে মানৱ অধিকাৰ আয়োগৰ  বিষয়াগৰাকীয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মানৱ অধিকাৰ আয়োগৰ বিষয়াগৰাকীয়ে নগাঁও সদৰ থানা, হয়বৰগাঁও থানা আৰু ৰহা আৰক্ষী থানা পৰিদৰ্শন কৰিছিল বুলি জানিব পৰা গৈছে।