নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ  

Sivasagar SC

শিৱসাগৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ দৃশ্য। ফটো পাৰ্শ্বজ্যোতি গগৈ।

নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ -অৰ বাতিলকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি পৰশজ্যোতি দাস আৰু সম্পাদক মৃদুল দাসে শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ এঘাৰ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

সংগঠনটোৰ নেতৃবৰ্গই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, স্মাৰক পত্ৰযোগে সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰা, অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি প্ৰদান কৰা, অনুসূচিত জাতিৰ ৰাজ্যিক আয়োগ গঠন কৰা, অনুসূচিত জাতিৰ ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰা, শিৱসাগৰ জিলাত বসবাস কৰা ভূমিহীন অনুসূচিত জাতিৰ লোকক গোহাঁইচুক পলাশনিত মাটিৰ পট্টাৰ ব্যৱস্থা কৰা, ছাত্ৰ বৃত্তি নিয়মীয়া কৰা, শিৱসাগৰ জিলাৰ চৰগুৱা ভাটি বনগাঁও আদি দুৰ্গম এলেকা বিলাকৰ পথসমূহ পকী কৰা, ভাৰতীয় সংবিধান অনুসৰি সংৰক্ষণ ব্যৱস্থা সুচাৰুৰূপে মানি চলাৰ লগতে অনুসূচিত জাতি-জনজাতি  অৱমাননা প্ৰতিৰোধ আইনখন অসমত সঠিকভাৱে ৰূপায়ণ কৰা, অসমৰ নদী-বিল-জলাশয় হাট-ঘাট আদি সকলোতে অনুসূচিত জাতিৰ লোকক স্বতন্ত্ৰ অধিকাৰ প্ৰদান কৰা, অনুসূচিত জাতিৰ অন্যতম উপজাতি জালৌ-মালৌসকলৰ বন্ধ হৈ থকা জাতিগত প্ৰমাণ পত্ৰ শীঘ্ৰে যোগান ধৰাৰ ব্যৱস্থা কৰাৰ লগতে  অ’ এন জি চিৰ তেলৰ পাইপ ফুটি নিৰ্গত হোৱা খাৰুৱা তেলে শিৱসাগৰ জিলাখনৰ ৰুদ্ৰসাগৰ অঞ্চলত ক্ষতিগ্ৰস্ত কৰা লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে।