• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনসংখ্যা বিস্ফোৰণৰ সমাধানৰ হেতু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ জনসংখ্যা সমাধান ফাউণ্ডেচনৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 11, 2022 9:31 pm
World Population Day
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ১১ জুলাই, সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব জনসংখ্যা দিৱস। বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰে জনসংখ্যা সমাধান ফাউণ্ডেচনে।

সংবাদমেন সম্বোধন কৰি জনসংখ্যা সমাধান ফাউণ্ডেচনৰ ৰাষ্ট্ৰীয় অধক্ষ্য অনিল চৌধুৰীয়ে কয়, “আমাৰ জনসম্পর্ক অভিযান কালত সমগ্ৰ দেশৰ জে এছ এফৰ কাৰ্যকৰ্তা সকলে অনুভৱ কৰিছে যে দেশত হৈ থকা জনবিস্ফোৰণত দেশৰ গৰিষ্ঠ সংখ্যক লোক বাৰুকৈ চিহ্নিত হৈ পৰিছে৷ দেশৰ মুঠ প্ৰজনন হাৰ (Total Fority Rate) কমিছে বুলি কোৱা হৈছে যদিও বিভিন্ন বৰ্গৰ মাজৰ দেশৰ মূল সামাজিক ভেটিক সলনি কৰি সামাজিক সন্ধোলনক বিপদগ্ৰস্ত কৰি তুলিছে।”

সংবাদমেলত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ দ্বাৰা জনসংখ্যা বিস্ফোৰণৰ সমাধানৰ হেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰে জনসংখ্যা সমাধান ফউণ্ডেচনৰ ৰাষ্ট্ৰীয় অধক্ষ্য গৰাকীয়ে।

এই সন্দৰ্ভত তেওঁ কয়, “জে.এছ.এফৰ ২২ খন ৰাজ্যৰ প্ৰতিনিধিয়ে দিয়া পৰামৰ্শৰ আধাৰত আমি আগ্ৰহ কৰোঁ যে দেশৰ তীব্ৰ গতিৰে বৰ্ধিত জনসংখ্যাৰ ওপৰত প্ৰভাৱী আৰু কুশল নিয়ন্ত্ৰণৰ বাবে নিম্নোল্লিখিত প্ৰাৱধান সমূহৰ লগত যুক্ত কৰি সুবিচাৰ ধাৰাৰ আহনী পাণ্ডুলিপি তৈয়াৰ কৰি জনসংখ্যা নিয়ন্ত্রণ আইন ৰূপায়ণ কৰা হওঁক।”

জনসংখ্যা সমাধান অধিনিয়ম পাৰিত ৰূপায়ন কৰাৰ সম্বন্ধে স্মাৰক পত্ৰত দিয়া নিয়ম সমূহ হৈছে:-

১) চৰকাৰে জনবিস্ফোৰণৰ উচিত সমাধানৰ বাবে এনে আইন প্রনয়ণ কৰক, য’ত কোনো প্ৰকাৰৰ ভ্ৰান্ত চিন্তাৰ অৱকাশ আৰু জাতি, ধর্ম, ক্ষেত্র, আৰু ভাষাৰ বান্ধোনৰ উৰ্দ্ধত থাকি ৰাষ্ট্ৰহিতক সৰ্বোপৰি মানি জনসংখ্যা নিয়ন্ত্রণ আইনক দেশৰ সকলো নাগৰিকৰ ওপৰত সমানে বলবৎ কৰাৰ ব্যৱস্থা কৰক।

২) এই আইনৰ সকলো দন্দাত্মক (punitive) প্রাৱধান, আইন অধিসূচিত হোৱা তাৰিখৰ এবছৰৰ পিছত, আইন ভংগ কৰি দুটা জীৱিত সন্তানৰ পিছতো অধিক সন্তান জন্ম দিয়া পিতৃ মাতৃৰ ওপৰত বলৱৎ হ’ব। কিন্তু জনসংখ্যা আইন অধিসূচিত হোৱাৰ তাৰিখৰ আগতে দুটাতকৈ অধিক সন্তান থকা পিতৃ মাতৃৰ ওপৰত কোনো ৰূপতে বলৱৎ নহ’ব।

৩) জনসংখ্যা নিয়ন্ত্রণ আইন অধিসূচিত হোৱা তাৰিখৰ পৰা ১ বছৰৰ পিছত দুটাতকৈ অধিক সন্তান জন্ম দিয়া দম্পতিৰ বাবে সকলো প্ৰকাৰৰ চৰকাৰী সা-সুবিধা, অনুদান আদি সমাপ্ত কৰাৰ প্রাৱধান জনসংখ্যা নিয়ন্ত্রণ আইনত ৰখা হওক।

৪) বৰ্তমান চৰকাৰী চাকৰী কৰি থকা দুটা বা তাতোধিক সন্তানৰ পিতৃ মাতৃয়ে যদি জনসংখ্যা নিয়ন্ত্রণ আইন অধিসূচিত হোৱাৰ ১ বছৰৰ পিছত আৰু অধিক সন্তান জন্ম দিয়ে, তেনে পিতৃ মাতৃক চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰা আৰু ভৱিষ্যতে চৰকাৰী চাকৰি কৰাৰ যোগ্যতা হেৰোৱাৰ প্রাৱধান জনসংখ্যা নিয়ন্ত্রণ আইনত ৰখা হওক।

৫) জনসংখ্যা নিয়ন্ত্রণ আইন অধিসূচিত হোৱাৰ এবছৰৰ পিছত আইন ভংগ কৰি, অধিক বিবাহ কৰি সন্তান জন্ম দিয়া পিতৃ মাতৃ আৰু তেনে সন্তানক আজীৱন ভোটাধিকাৰ আৰু যিকোনো প্ৰকাৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ভাগ লোৱাৰ পৰা বঞ্চিত কৰাৰ প্ৰাৱধান জনসংখ্যা নিয়ন্ত্রণ আইনত নযা হওক।

৬) জনসংখ্যা নিয়ন্ত্রণ আইন এবাৰ উলংঘন কৰাৰ পিচত, পুনৰ উলংঘন কৰিলে (অর্থাৎ চতুর্থ সন্তান জন্ম দিয়ালে) উপৰোক্ত প্ৰাৱধান সমূহৰ লগতে তেনে পিতৃ মাতৃক ১০ বছৰ কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰা হওক।

৭) দম্পত্তীৰ প্ৰথম বাৰতে যমজ সন্তান জন্ম হ’লে পৰিয়াল সম্পূর্ণ হোৱা বুলি মান্যতা দিয়া হওক। দ্বিতীয় সন্তান জন্মৰ সময়ত যমজ সন্তান জন্ম হলে জনসংখ্যা আইনৰ উলংঘন হোৱা বুলি গণ্য কৰা নহওক।

৮) জাতি, ধৰ্ম আৰু সম্প্ৰদায়ৰ উৰ্দ্ধত থাকি এই প্ৰাৱধান স্পষ্ট ৰূপত ৰখা হওক যে প্রথমা পত্নীৰ দুটা জীৱিত সন্তান থকাৰ পিছত, বিবাহ বিচ্ছেদ হ’লে দ্বিতীয় গৰাকী জীৱন লগৰী আগৰে পৰা আৰু প্ৰথম বিবাহত সন্তানহীন হলেও স্ত্রী বা পুৰুষৰ দ্বিতীয় বিবাহৰ জৰিয়তে সন্তান জন্ম দিয়াৰ অধিকাৰ নাথাকিব। প্রথম বিবাহত এটা জীৱিত সন্তান থাকিলে, দ্বিতীয় বিবাহত কেৱল এটা সন্তান জন্ম দিয়াৰ অধিকাৰ থাকিব।

৯) বহুবিবাহ (polysyny) আৰু বহুপতিত্ব (polyandry) বিবাহৰ ক্ষেত্ৰত কোনো প্ৰকাৰৰ ভ্ৰমৰ স্থিতি ৰখা উচিত নহ’ব। আইনসংগত ভাবেও যদি কোনো পুৰুষে অধিক পত্নী ৰাখে আৰু পৰিয়ালত দুটা জীৱিত সন্তান থাকে তেনে ক্ষেত্ৰত যদি বিবাহ বিচ্ছেদৰ জৰিয়তে পত্নীৰ বা পতিৰ সাল-সলনি কৰি বহুবিবাহ কৰে, সেই সকলৰো ভিন ভিন পত্নী আৰু পতিৰ দ্বাৰা সন্তান জন্ম দিয়াৰ কোনো অধিকাৰ নাথাকিব। কোনো এগৰাকী অথবা দুগৰাকী বা তাতোধিক পত্নী বা পতিৰ পৰিয়ালত সৰ্বমুঠ দুটা জীৱিত সন্তানেৰে পৰিয়াল পূর্ণ হব। এনে পৰিয়ালত দুটাত কৈ অধিক সন্তান জন্ম দিয়ে জনসংখ্যা নিয়ন্ত্রণ আইন উলংঘন হ’ব আৰু তেনে পৰিয়ালৰ ওপৰত জনসংখ্যা নিয়ন্ত্রণ আইনৰ নিৰ্দিষ্ট দণ্ডাত্মক প্ৰাৱধান সমূহ বলৱৎ হ’ব।

১০) দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসম, ছিক্কিম, অরুনাচল প্রদেশ, নাগালেণ্ড, মিজোৰাম, মনিপুৰ, মেঘাল আৰু ত্ৰিপুৰাৰ মূল ধৰ্মৰ জনজাতীয় লোকৰ সংখ্যা অবৈধ অনুপ্ৰৱেশকাৰীৰ কবলত পৰি আনুপাতিক ভাবে হ্ৰাস হৈ থকাৰ বাবে, নির্দিষ্ট সময় সীমাৰ বাবে উক্ত ৰাজ্য সমূহৰ মূল ধৰ্মৰ জনজাতীয় (ST) লোক সকলক জনসংখ্যা আইনৰ পৰিধিৰ বাহিৰত ৰখাৰ প্ৰাৱধান ৰখা হওক। অবৈধ অনুপ্রৱেশকাৰীয়ে স্থানীয় মহিলাক বিবাহ কৰি ঠাইতে বসন কৰা পৰিয়াল জনসংখ্যা নিয়ন্ত্রণ আইনৰ গম্ভীৰ ভিতৰত থাকিব।

১১) উপৰোক্ত প্ৰাৱধান সমূহৰ ক্ৰিয়ান্নয়নৰ বাবে আৱশ্যক অনুসৰি সংবিধানত উপযুক্ত সংশোধনৰ ব্যৱস্থা কৰা হওক।

ইতিমধ্যে এই স্মাৰক পত্ৰৰ প্ৰতিলিপি সমূহ গৃহমন্ত্ৰী অমিত শাহ, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে বুলি জনসংখ্যা সমাধান ফাউণ্ডেচনৰ ৰাষ্ট্ৰীয় অধক্ষ্য অনিল চৌধুৰীয়ে জানিবলৈ দিয়ে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd