অখিল গগৈসহ আনসকল কাৰাবন্দীক মুক্তিৰ দাবীৰে মটক ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীললৈ স্মাৰক পত্ৰ

20200708_165902

কৃষক নেতা অখিল গগৈসহ আন সকল কাৰাবন্দী নেতাক শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে।

শিৱসাগৰ জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে।

সংগঠনটোৰ সভাপতি বিৰাজ গগৈ আৰু সম্পাদক বিতুল গগৈৰ স্বাক্ষৰিত  মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ খনত উল্লেখ কৰিছে যে ” অখিল গগৈ প্ৰকৃত এজন জননেতা।”

অসমীয়া জাতি গাঁঠনি প্ৰক্ৰিয়াত ভয়াৱহ প্ৰভাৱ পেলোৱা “কা” বিৰোধী আন্দোলনৰ উপৰি চৰকাৰৰ জনবিৰোধী নীতি সমুহক তীব্ৰ সমালোচনা কৰাৰ বাবেই বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে আক্ৰোশ মূলক ভাবে কৃষক নেতা অখিল গগৈ সহ আন সকল নেতাক বন্দী কৰি ৰাখিছে।” স্মাৰক পত্ৰত এইদৰে উল্লেখ কৰিছে সংগঠনটোৱে।

“অখিল গগৈৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ অ-গণতান্ত্ৰিক। গণতান্ত্ৰিক প্ৰমূল্য বোধক সন্মান জনাই শীঘ্ৰে অসম চৰকাৰে অখিল গগৈসহ আন সকল কাৰাবন্দীক মুকলি কৰি দিব লাগে।”  বুলি সজোৰে দাবী  কৰিছে সংগঠনটোৱে।

 তদুপৰি সংগঠনটোৱে শীঘ্ৰে অখিল গগৈৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবৰ বাবেও চৰকাৰক দাবী জনাইছে।