• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড আক্ৰান্ত হৈ মৃত্যু ঘটা সমাজকৰ্মী বিনোদ কুমাৰ ভাগৱতীৰ স্মৃতিত গ্ৰন্থ উন্মোচন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
January 8, 2022 5:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা তিনি নৱেম্বৰত পৰলোকপ্ৰাপ্তি হোৱা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বঙাইগাঁৱৰ বাৰোৱাৰী পূজা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক, বঙাইগাঁও ৰাসোৎসৱৰ শতবৰ্ষীয় সমিতিৰ সম্পাদক তথা বঙাইগাঁৱৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সম্পাদ, সমাজকৰ্মী বিনোদ কুমাৰ ভাগৱতীৰ স্মৃতিত বঙাইগাঁৱত এখন সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰা হয় ৷

প্ৰয়াত ভাগৱতীৰ ওপজা দিন উপলক্ষে বৰপাৰাত থকা বাসভৱন এখন সভা অনুষ্ঠিত কৰি উক্ত সভাতেই গ্ৰন্থখন উন্মোচন কৰা হয় ৷ সভাৰ পূৰ্বে প্ৰয়াত ভাগৱতীৰ সহধৰ্মিনী মীৰা দেৱীয়ে বিনোদ ভাগৱতীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৷
আনহাতে ভূমিধৰ চৌধুৰীয়ে পুস্প নিবেদন কৰি শ্ৰদ্ধাঞ্জলি পৰ্ব মুকলি কৰে ৷

বঙাইগাঁও জ্যেষ্ঠ নাগৰিক তথা বঙাইগাঁও বাৰোৱাৰী পূজা সমিতিৰ কাৰ্যকৰী সভাপতি অলকেশ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত সোঁৱৰণী গ্ৰন্থ ‘বিনোদ – অৰ্ঘ্য’ উন্মোচন কৰে বিশিষ্ট চিকিৎসক ডাঃ ফিৰোজ আহমেদ আৰু বিশিষ্ট অধিবক্তা হৰেশ্বৰ দাসে ৷

ডাঃ আহমেদ আৰু দাসৰ উপৰি সভাত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থকা অৱসৰী শিক্ষক জিতেন্দ্ৰ মিশ্ৰ ভাগৱতী, অৱসৰী শিক্ষয়িত্ৰী কৌশল্যা ৰায়, গণেশ্বৰ দেৱ শৰ্মা আৰু উপস্থিতসকলৰ তৰফৰ সুকৃতি মিশ্ৰ ভাগৱতী, হৰনিধি চক্ৰৱৰ্তী, জগন্নাথ গোস্বামী, ধীৰেশ ৰায়, জ্যোতিষ শৰ্মা, কমলা ভাগৱতী, ৰমলা ৰায় সৰকাৰ, নৃপেন মজুমদাৰ আদি কেইবাগৰাকী ব্যক্তিয়ে বিনোদ কুমাৰ ভাগৱতীৰ স্মৃতি সোঁৱৰণ কৰে ৷

উল্লেখ্য যে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ গণেশ্বৰ দেৱ শৰ্মাৰ নেতৃত্বত পংকজ শৰ্মা আৰু মীনা দেৱীয়ে সোঁৱৰণী গ্ৰন্থখন সম্পাদনা কৰে ৷ প্ৰায় দুশ পৃষ্ঠাৰ গ্ৰন্থখনত বঙাইগাঁৱৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী ব্যক্তিয়ে বিনোদ কুমাৰ ভাগৱতীৰ স্মৃতি স্মৰণ কৰি লিখা লেখা সন্নিবিষ্ট কৰা হৈছে ৷

অনুষ্ঠানৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা আৰু শলাগৰ শৰাই আগবঢ়ায় মীনা দেৱী আৰু পংকজ শৰ্মাই ৷

অনুষ্ঠানত বিনোদ কুমাৰ ভাগৱতী জড়িত হৈ থকা অনুষ্ঠানবোৰৰ উপৰিও সাহিত্য সভা, লেখিকা সমাৰোহ সমিতি, টুনীয়া সাহিত্য মঞ্চ, বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব, অসম গণ পৰিষদকে ধৰি আন বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে ৷

স্মৰ্তব্য যে ১৯৫২ চনৰ ৬ জানুৱাৰীত বঙাইগাঁৱত জন্মলাভ কৰা বিনোদ কুমাৰ ভাগৱতী ক’ভিড আক্ৰান্ত হৈছিল আৰু যোৱা তিনি নৱেম্বৰত তেওঁৰ মৃত্যু হয় ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd