NORTHEAST NOW (Assamese)

লিডুত জাতীয়তাবাদী নেতা সলিল নেওগৰ স্মৃতিচাৰণ সভা সম্পন্ন

September 1, 2018 7:19 pm · মানস প্ৰতিম গগৈ

সদ্যঃ প্ৰয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি, উজনি অসমৰ জাতীয়তাবাদী শিবিৰৰ শক্তিশালী নেতা, প্ৰৱন্ধকাৰ সলিল নেওগ (৪২)ৰ আজি মাৰ্ঘেৰিটা মহকুমাৰ লিডু শামকুজানস্থিত নিজ বাসগৃহত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণে আঁত ধৰা সভাখনত সংগঠনটোৰ উপদেষ্টা ৰাজেন মিলি, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সুনীল গুৰুং, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ, সাংবাদিক মানস প্ৰতিম গগৈ, যুৱ-ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সম্পাদক বিমল সিং, তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন সভাপতি বিপুল শৰ্মা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষ্য জ্যোতি গগৈ প্ৰমুখ্যে কেইবাজনো বক্তাই প্ৰয়াত সলিল নেওগৰ জাতীয়তাবাদী আদৰ্শ, চিন্তা তথা কৰ্মৰ ওপৰত আলোকপাত কৰে।

উক্ত সভাতে সঞ্জীৱ উলুপৰ সম্পাদনাত প্ৰকাশ কৰা ‘সলিল নেওগ আৰু ব্যক্তিত্ব’ নামৰ স্মাৰক গ্ৰন্থ খনি উন্মোচন কৰে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পদক কণ গগৈয়ে।

উল্লেখযোগ্য যে উজনি অসমৰ জাতীয়তাবাদী শিবিৰৰ শক্তিশালী নেতা সলিল নেওগ (৪২) কেইবাদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল। তেওঁক হায়দ্রাবাদৰ এখন চিকিৎসালয়লৈ নিয়া হৈছিল যদিও যোৱা ২২আগষ্টত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।

আজিৰ স্মৃতিচাৰণ সভাখনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ কেইবাখনো আঞ্চলিক সমিতি, মহিলা পৰিষদ তথা শাখা সমিতিৰ সদস্যসকল উপস্থিত থাকে।

Related News