“কৃষি আইন সম্পৰ্কে আলোচনাৰ বাবে মিলিত হওঁতে অহংকাৰ প্ৰদৰ্শন কৰিছিল মোদীয়ে”- দাবী সত্যপাল মালিকৰ

Satya Pal Malik

বিগত কিছুদিন ধৰি চৰকাৰ আৰু বিজেপি নেতৃত্বক আক্ৰমণ কৰি অহা মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সোচ্চাৰ হৈছে।

দেওবাৰে মালিকে অভিযোগ কৰে যে কৃষকৰ প্ৰতিবাদৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লগ পোৱাৰ সময়ত তেওঁ অহংকাৰ প্ৰদৰ্শন কৰিছিল আৰু তৰ্কৰ মাজতেই তেওঁলোকৰ আলোচনা শেষ হৈছিল।

হাৰিয়ানাৰ দাদৰীত এক অনুষ্ঠানত ভাষণ দি মালিকে কয়, “যেতিয়া মই কৃষকৰ বিষয়টো আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ গৈছিলো, মই পাঁচ মিনিটৰ ভিতৰত তেওঁৰ সৈতে বাক্ বিতণ্ডাৰে আলোচনা সমাপ্ত কৰিছিলো। তেওঁ বৰ অহংকাৰী আছিল। যেতিয়া মই তেওঁক কৈছিলো যে আমাৰ নিজৰ ৫০০ জন কৃষকে মৃত্যু বৰণ কৰিছে, তেওঁ ‘মোৰ বাবে মৰিছে নেকি’ বুলি প্ৰশ্ন কৰিছিল।”

“ইয়াৰ প্ৰত্যুত্তৰত দি মই ‘হয়,যিহেতু আপুনিয়েই ৰজা’ বুলি উল্লেখ কৰিছিলো। মই তেওঁৰ সৈতে তৰ্ক কৰিছিলো। তেওঁ মোক অমিত শ্বাহক লগ কৰিবলৈ কৈছিল আৰু মই কৰিছিলো।”- মালিকে লগতে কয়।

কৃষি আইন বাতিল কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্ত আৰু কৃষকৰ অমীমাংসিত দাবীৰ বিষয়ে মালিকে কয়, “প্ৰধানমন্ত্ৰীয়ে কোৱা কথাৰ বাহিৰে আৰু কি ক’ব পাৰিলেহেঁতেন! আমাৰ কৃষকসকলে নিজৰ পক্ষত সিদ্ধান্ত লোৱা উচিত। আমি এমএছপিৰ বাবে আইনী গেৰাণ্টি প্ৰাপ্ত কৰিবলৈ তেওঁলোকৰ সহায় লোৱা উচিত।”

“কিছুমান সমস্যা এতিয়াও বাকী আছে। উদাহৰণ স্বৰূপে, কৃষকৰ বিৰুদ্ধে কিছুমান গোচৰ আছে। চৰকাৰে সেই বিষয়ত সততা প্ৰদৰ্শন কৰিব লাগিব আৰু গোচৰবোৰ প্ৰত্যাহাৰ কৰিব লাগিব। একেদৰে আইনী এমএছপি কৰিব লাগিব।”- মালিকে লগতে কয়।

উল্লেখ্য যে সত্যপাল মালিকে শেহতীয়াকৈ কৃষি আইনক লৈ কেন্দ্ৰীয় চৰকাৰক একাধিকবাৰ আক্ৰমণ কৰিছে। নৱেম্বৰত জয়পুৰত ভাষণ দি তেওঁ কৈছিল যে কেন্দ্ৰই কৃষকসকলৰ দাবী মানি ল’ব লাগিব। তেওঁ লগতে কয় যে যেতিয়াই তেওঁ কৃষকৰ বিষয়ত কথা কয়, তেতিয়াই তেওঁৰ কেইসপ্তাহমানৰ বাবে আশংকা থাকে যে তেওঁ দিল্লীৰ পৰা ফোন পাব পাৰে।

এজন ৰাজ্যপালক অপসাৰণ কৰিব নোৱাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে শুভাকাংক্ষীসকলে তেওঁৰ মন্তব্যৰ বাবে অপেক্ষা কৰি থাকে যাৰ ফলত তেওঁক অপসাৰণ কৰা হ’ব পাৰে।

মালিকে লগতে কয়, “যদি চৰকাৰে ভাবে যে এই আন্দোলন সমাপ্ত হৈছে, তেন্তে ই শুদ্ধ নহয়। আন্দোলনটো কেৱল স্থগিত কৰা হৈছে। যদি কৃষকসকলৰ ওপৰত অন্যায় বা অত্যাচাৰ কৰা হয়, তেন্তে ই পুনৰ আৰম্ভ হ’ব। পৰিস্থিতি যিয়েই নহওঁক মই কৃষকসকলৰ সৈতে থাকিম।”