NORTHEAST NOW (Assamese)

এলন মাস্কৰ পথেৰেই খোজ দিছে মাৰ্ক জুকাৰবাৰ্গে; মেটাৰ ‘ব্লু বেজ’ সেৱাৰ বিনিময়ত ভৰিব লাগিব টকা

February 20, 2023 10:52 am · এন ই নাও নিউজ, গুৱাহাটী

Meta to launch paid subscription service ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গেও এইবাৰ বিশ্বৰ অন্যতম ধনী ব্যক্তি এলন মাস্কৰ পথেৰেই খোজ দিছে। ২০২২ৰ নৱেম্বৰত এলন মাস্কে ঘোষণা কৰিছিল যে  ধনৰ বিনিময়তহে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ ‘ব্লু বেজ’ সেৱা লাভ কৰিব। মাৰ্ক জুকাৰবাৰ্গেও সেই একেটা ঘোষণাই কৰিছে।

জুকাৰবাৰ্গৰ ঘোষণা অনুসৰি, ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে এতিয়া ধনৰ বিনিময়ত তেওঁলোকৰ একাউণ্ট ভেৰিফাইড কৰিব পাৰিব অৰ্থাৎ ব্লু বেজ পাব। ফেচবুকৰ মূল কোম্পানী মেটাই এই ঘোষণা কৰিছে।

এই ব্লু বেজৰ বাবে প্ৰতি মাহে ১১.৯৯ ডলাৰ বা প্ৰায় ৯৮১ টকা ব্যয় কৰিব লাগিব। আনহাতে, আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে ১৪.৯৯ ডলাৰ বা প্ৰায় ১২২৭টকাৰ প্ৰয়োজন হ’ব। আৰম্ভণিতে, এই সেৱা অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত আৰম্ভ কৰা হ’ব।

মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে কয় যে এই পদক্ষেপে ছ’চিয়েল মিডিয়া এপৰ নিৰাপত্তা আৰু সত্যতা বৃদ্ধি কৰিব।

মেটাই আগবঢ়োৱা চাবস্ক্ৰিপশ্বন সেৱা এতিয়াও ব্যৱসায়ৰ বাবে নহয় যদিও  যিকোনো লোকে পৰিশোধ কৰি ইয়াৰ সুবিধা ল’ব পাৰে।

কোম্পানীটোৱে লগতে কৈছে যে এই পদক্ষেপে পূৰ্বৱৰ্তী ভেৰিফাইড একাউণ্টসমূহক প্ৰভাৱিত নকৰে। অৱশ্যে, ইয়াৰ ফলত ব্লু বেজ অধিক স্বচ্ছ হ’ব পাৰে।

Related News