NORTHEAST NOW (Assamese)

ভাগ্যৰ চকৰি ঘূৰিল, ঘৰত আহি পৰিল উল্কাপিণ্ড, নিশাটোৰ ভিতৰতে কোটিপতি যুৱক

November 19, 2020 8:19 pm · এন ই নাও নিউজ
Updated: November 19, 2020 9:09 pm

সৌভাগ্যই কেতিয়া কাক কেনেকৈ লগ দিয়ে সেয়া কোনেও কব নোৱাৰে।

ঘৰৰ বাহিৰত এটা কফিন তৈয়াৰত ব্যস্ত আছিল যুৱক জন।মূৰত ক্ৰিয়া কৰিছিল নানান চিন্তাই—কেৱল কফিন সাজিয়েই ঘৰ-সংসাৰ চলাব নোৱাৰি, আন কিবা লাভজনক কাম কৰিব লাগিব…।

ধনৰ অভাৱে খেদি ফুৰা  যুৱকজনলৈ যেন নেদেখা জনে মূৰ দাঙি চালে।

আকাশৰ পৰা হঠাতে এটা বস্তু আহি যুৱক জনৰ ঘৰৰ মূধচত পৰিল।

যুৱক জনে কি বস্তুনো আহি ঘৰৰ ওপৰত পৰিল তাকে ভাবি আচৰিত হ’ল। তেওঁ ছাদৰ ওপৰলৈ উঠি গৈ  এটুকুৰা অদ্ভুত ধৰণৰ শিল পৰি ৰোৱা দেখিলে। তেনে শিল যুৱক জনে ইয়াৰ পূৰ্বে আগতে কতো দেখা নাই।

তেওঁ ওচৰৰে দুজনমান লোকক মাতি আনি শিল টুকুৰা দেখুৱালে। বহুতে ক’লে সেয়া স্বৰ্গৰ পৰা আহি পৰা শিল। ইণ্ডোনেছিয়াৰ উত্তৰ সুমাত্ৰাৰ কোলাংগা নামৰ ঠাইখনত বাস কৰা ৩৩ বছৰীয়া জছোৱা হুটা গালুং নামৰ যুৱক জনে শিলাখণ্ডটি  ঠাণ্ডা হোৱাৰ পিছত সেয়া লৈ গ’ল স্থানীয় প্ৰশাসনৰ বিষয়া এগৰাকীৰ ওচৰলৈ।

বিষয়া গৰাকীৰ প্ৰচেষ্টাতে শিলাখণ্ডটি পৰীক্ষা কৰি সেয়া মহাকাশৰ পৰা সৰি পৰা উল্কাপিণ্ড বুলি নিশ্চিত কৰা হয়। পৰীক্ষাৰ পৰা জনা গ’ল যে সেই শিলাখণ্ডৰ বয়স কমেও চাৰে চাৰি বিলিয়ন বছৰ।

সুপ্ৰাচীন এই উল্কাপিণ্ডকলৈ এতিয়া ইণ্ডোনেছিয়াত হৈ-চৈ লাগি গৈছে। চৰকাৰী ভাবেও যুৱক জনৰ সৈতে যোগাযোগ কৰা হৈছে।

জানিব পৰা মতে এই উল্কাপিণ্ডটি বিক্ৰী হ’ব ভাৰতীয় মুদ্ৰাৰ হিচাবত প্ৰায় ১০ কোটি টকাত।

আকাশৰ পৰা সৰি পৰি উল্কাপিণ্ডটিৰ বাবেই নিশাটোৰ ভিতৰতে কোটিপতি হৈ পৰা যুৱক জনে লাভ কৰিবলগীয়া ধনৰ কিছু অংশৰে তেওঁৰ গাঁৱত এটা গীৰ্জা সজাব।

কাৰণ তেওঁ যি পাইছে সেয়া ঈশ্বৰৰ ইচ্ছাৰ বাবেহে পাইছে।

Related News