• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাগ্যৰ চকৰি ঘূৰিল, ঘৰত আহি পৰিল উল্কাপিণ্ড, নিশাটোৰ ভিতৰতে কোটিপতি যুৱক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 19, 2020 9:09 pm

2 min read

aa ulkaindex
55.9k
VIEWS
Share on FacebookShare on Twitter

সৌভাগ্যই কেতিয়া কাক কেনেকৈ লগ দিয়ে সেয়া কোনেও কব নোৱাৰে।

ঘৰৰ বাহিৰত এটা কফিন তৈয়াৰত ব্যস্ত আছিল যুৱক জন।মূৰত ক্ৰিয়া কৰিছিল নানান চিন্তাই—কেৱল কফিন সাজিয়েই ঘৰ-সংসাৰ চলাব নোৱাৰি, আন কিবা লাভজনক কাম কৰিব লাগিব…।

ধনৰ অভাৱে খেদি ফুৰা  যুৱকজনলৈ যেন নেদেখা জনে মূৰ দাঙি চালে।

আকাশৰ পৰা হঠাতে এটা বস্তু আহি যুৱক জনৰ ঘৰৰ মূধচত পৰিল।

যুৱক জনে কি বস্তুনো আহি ঘৰৰ ওপৰত পৰিল তাকে ভাবি আচৰিত হ’ল। তেওঁ ছাদৰ ওপৰলৈ উঠি গৈ  এটুকুৰা অদ্ভুত ধৰণৰ শিল পৰি ৰোৱা দেখিলে। তেনে শিল যুৱক জনে ইয়াৰ পূৰ্বে আগতে কতো দেখা নাই।

তেওঁ ওচৰৰে দুজনমান লোকক মাতি আনি শিল টুকুৰা দেখুৱালে। বহুতে ক’লে সেয়া স্বৰ্গৰ পৰা আহি পৰা শিল। ইণ্ডোনেছিয়াৰ উত্তৰ সুমাত্ৰাৰ কোলাংগা নামৰ ঠাইখনত বাস কৰা ৩৩ বছৰীয়া জছোৱা হুটা গালুং নামৰ যুৱক জনে শিলাখণ্ডটি  ঠাণ্ডা হোৱাৰ পিছত সেয়া লৈ গ’ল স্থানীয় প্ৰশাসনৰ বিষয়া এগৰাকীৰ ওচৰলৈ।

বিষয়া গৰাকীৰ প্ৰচেষ্টাতে শিলাখণ্ডটি পৰীক্ষা কৰি সেয়া মহাকাশৰ পৰা সৰি পৰা উল্কাপিণ্ড বুলি নিশ্চিত কৰা হয়। পৰীক্ষাৰ পৰা জনা গ’ল যে সেই শিলাখণ্ডৰ বয়স কমেও চাৰে চাৰি বিলিয়ন বছৰ।

সুপ্ৰাচীন এই উল্কাপিণ্ডকলৈ এতিয়া ইণ্ডোনেছিয়াত হৈ-চৈ লাগি গৈছে। চৰকাৰী ভাবেও যুৱক জনৰ সৈতে যোগাযোগ কৰা হৈছে।

জানিব পৰা মতে এই উল্কাপিণ্ডটি বিক্ৰী হ’ব ভাৰতীয় মুদ্ৰাৰ হিচাবত প্ৰায় ১০ কোটি টকাত।

আকাশৰ পৰা সৰি পৰি উল্কাপিণ্ডটিৰ বাবেই নিশাটোৰ ভিতৰতে কোটিপতি হৈ পৰা যুৱক জনে লাভ কৰিবলগীয়া ধনৰ কিছু অংশৰে তেওঁৰ গাঁৱত এটা গীৰ্জা সজাব।

কাৰণ তেওঁ যি পাইছে সেয়া ঈশ্বৰৰ ইচ্ছাৰ বাবেহে পাইছে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd