#meToo ধুমুহাত বৰগোহাঞি: পাহৰণিৰ কবৰৰ পৰা পুনৰ মূৰ দাঙি উঠিছে ‘যৌন নিৰ্য্যাতন’ৰ কংকাল

২০০৩ চনৰ ১৫ অক্টোবৰতে ৰাষ্ট্ৰপতি কাৰ্য্যালয়ৰ পৰা বিষয়টোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্য সচিবলৈ পত্ৰ অহাৰ পিছতো প্ৰভাৱশালী সাংবাদিকগৰাকীক ‘‘সোধ-পোচ” কৰাৰ বাবেও ডেৰ দশকজুৰি “সাহস নকৰিলে” অসম আৰক্ষীয়ে।

homen borgohain

বিশ্ব কঁপোৱা #meToo আন্দোলনে দেশজুৰি খলকনি তোলাৰ মাজতে অসমৰ প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞিৰ বিৰুদ্ধে পুনৰ পাহৰণিৰ কবৰৰ পৰা উঠি আহিছে ডেৰ দশক পুৰণি এক যৌন নিৰ্য্যাতনৰ অভিযোগ।

বৰগোহাঞিৰ বিৰুদ্ধে ১৮ বছৰ পূৰ্বে যৌন নিৰ্য্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছতো আজি পৰ্য্যন্ত বিচাৰ নোপোৱাৰ কাহিনী #meTooৰ ধুমুহাৰ মাজতে পুনৰ ফে’চবুকযোগে ৰাজহুৱা কৰিছে ‘‘ভুক্তভোগী’’ গুৱাহাটীস্থিত সাংবাদিক সবিতা লহকৰে।

২০০৩ চনৰ ১৫ অক্টোবৰতে ৰাষ্ট্ৰপতি কাৰ্য্যালয়ৰ পৰা বিষয়টোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্য সচিবলৈ পত্ৰ অহাৰ পিছতো প্ৰভাৱশালী সাংবাদিকগৰাকীক ‘‘সোধ-পোচ” কৰাৰ বাবেও ডেৰ দশকজুৰি “সাহস নকৰিলে” অসম আৰক্ষীয়ে। সেই বছৰৰ ১৭ ছেপ্তেম্বৰত গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষী থানাত বৰগোহাঞিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪/৫০৯ ধাৰাৰ অধীনত গোচৰ (নং ৩২১/ ১৭-০৯-০৩) ৰুজু কৰিছিল লহকৰে।

“আৰক্ষীয়ে গোচৰটোৰ সঠিক তদন্ত নকৰিলে আৰু তেওঁলোকে আনকি সোধ-পোচৰ বাবে মাতিবলৈয়ো সাহস নকৰিলে হোমেন বৰগোহাঞিক– কাৰণ তেওঁ এজন বিখ্যাত লেখক,” অসম আৰক্ষী, মানৱ অধিকাৰ আয়োগ আৰু স্বয়ং দেশৰ ৰাষ্ট্ৰপতিৰ কাষ চাপিও বিচাৰ নোপোৱাত ২০১৩ চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰলৈ পুনৰ প্ৰেৰণ কৰা পত্ৰত এই মন্তব্য লহকৰৰ।

সাংবাদিক সবিতা লহকৰে ৰাষ্ট্ৰপতিলৈ দিয়া পত্ৰ। সৌজন্য- লহকৰৰ ফে’চবুক একাউণ্ট।

বৰগোহাঞিৰ বিৰুদ্ধে “২০০৩ চনৰে পৰা যুঁজ অব্যাহত আছে” বুলি মন্তব্য কৰি এতিয়া এই সমূহ নথি ফে’চবুকত ৰাজহুৱা কৰিছে মহিলা সাংবাদিকগৰাকীয়ে।

অসমীয়া দৈনিক কাকত আমাৰ অসম-ত কৰ্মৰত অৱস্থাত ২০০০ চনত এই ‘‘যৌন নিৰ্য্যাতন”ৰ অভিযোগ উত্থাপন কৰিছিল সাংবাদিকগৰাকীয়ে। হোমেন বৰগোহাঞি আছিল কাকতখনৰ তদানীন্তন মুখ্য সম্পাদক আৰু লহকৰ আছিল মুখ্য উপ সম্পাদিকা।

মহিলা সাংবাদিকগৰাকীয়ে বৰগোহাঞিৰ বিৰুদ্ধে তোলা অভিযোগে অসমৰ সংবাদ জগতৰ লগতে সমাজ-ৰাজনীতিটো সেই সময়ত আলোড়নৰ সৃষ্টি কৰিছিল।

বৰগোহাঞিৰ “যৌন আৰু পেচাক্ষেত্ৰৰ ধাৰাৱাহিক নিৰ্য্যাতন”ৰ বিৰুদ্ধে সৰৱ হৈ কাকতখনৰ চাকৰিৰ পৰা ইস্তফা দিয়াৰ লগতে ২০০৩ চনৰ ১০ ছেপ্তেম্বৰত গুৱাহাটী প্ৰে’ছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰিছিল লহকৰে।

প্ৰে’ছ কাউন্সিল অৱ ইণ্ডিয়া আৰু এ’দিতৰ্ছ গীল্দ অৱ ইণ্ডিয়ালৈকো পত্ৰ প্ৰেৰণ কৰিছিল সাংবাদিকগৰাকীয়ে।

লহকৰৰ সংবাদমেলৰ দুদিন পিছত গুৱাহাটী প্ৰে’ছ ক্লাবত এখন প্ৰতিবাদী সভাৰ আয়োজন কৰিছিল জাৰ্নেলিষ্ট এক্সন কমিতি, জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম, আছাম ট্ৰিবিউন এম্প্লয়িজ ইউনিয়ন, আছাম প্ৰে’ছ কৰেছপ’ন্দেন্তছ ইউনিয়ন আৰু নেচনেল ফে’দাৰে’চন অৱ নিউজ পে’পাৰ এম্প্লয়িজ-এ।

লগতে পঢ়ক– #meToo: ‘চুবলৈ দিছিল লিংগ, উৰুত ফুৰাইছিল হাত’, খ্ৰীষ্টান গুৰুৰ বিৰুদ্ধে সোচ্চাৰ শ্বিলঙৰ মহিলা

লহকৰে কৰা অভিযোগ মতে ২০০০ চনত বৰগোহাঞে তেওঁক “প্ৰথম” এনে প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু লহকৰে প্ৰতিবাদ কৰি কাকতখনৰ তদানীন্তন কাৰ্য্যবাহী সম্পাদক মনোজ কুমাৰ গোস্বামী আৰু প্ৰকাশক গোষ্ঠী জি এল পাব্লিকে’চনছৰ মহা প্ৰবন্ধকক অভিযোগ দাখিল কৰিছিল।

কাকতখনৰ পৰিচালনা মণ্ডলীৰ পৰা এই ‘‘বেয়া ব্যৱহাৰ” পুনৰ নঘটিব বুলি তেওঁক আশ্বাস দিয়া হৈছিল। কিন্তু কাৰ্য্যবাহী সম্পাদক গোস্বামীয়ে আন কাকতত যোগ দিয়াৰ পিছতে লহকৰৰ অভিযোগ মতে বৰগোহাঞি “পুনৰ” আগৰ ৰূপলৈ উভটি আহে।

লহকৰে তোলা অভিযোগৰ পিছতে উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় (ৱিশাখা ৰায়) অনুসৰি কাকতগোষ্ঠীটোত অভ্যন্তৰিণ প্ৰতিবিধান সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছিল ৰাজ্যিক মানৱ অধিকাৰ আয়োগে। আৰু লহকৰক সেই সমিতিত অভিযোগ দাখিলৰ বাবে পৰামৰ্শ আগবঢ়াইছিল।

কাকতখনে সমিতিখন গঠন কৰিলে, তেওঁৰ অভিযোগো গ্ৰহণ কৰিলে; কিন্তু “মজাৰ কথাটো হ’ল একেখন সমিতিয়ে কেতিয়াও মাতি নপঠিয়ালে অভিযুক্ত বৰগোহাঞিক,” ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ দিয়া পত্ৰত উল্লেখ লহকৰৰ।

বৰগোহাঞিৰ বিৰুদ্ধে উঠা অভিযোগ নিশ্চয় বিচাৰযোগ্য। কিন্তু “যৌন নিৰ্য্যাতন”ৰ দৰে গুৰুতৰ অভিযোগ এটাৰ ১৮ বছৰ ধৰি তদন্ত “নোহোৱাটো” কেনে কথা?

একে অভিযোগত দেশৰ প্ৰখ্যাত সাংবাদিক তথা মোদী চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী এম জে আকবৰে পদত্যাগ কৰিবলে বাধ্য হোৱাৰ সময়ত “ব্যতিক্ৰম” হৈ ৰ’ব নেকি অসমৰ হোমেন বৰগোহাঞি?

বৰগোহাঞিৰ মন্তব্য জনাৰ বাবে তেওঁক ফ’নত যোগাযোগৰ চেষ্টা কৰা হৈছিল, কিন্তু তেওঁৰ ম’বাইল বন্ধ পোৱা গ’ল। বৰগোহাঞিৰ কাৰ্য্যালয়লৈও নৰ্থ ইষ্ট নাও-ৰ সাংবাদিক শনিবাৰে গৈছিল যদিও তেওঁ তাত নাছিল।

বৰগোহাঞি বৰ্তমান অসমীয়া দৈনিক কাকত নিয়মীয়া বাৰ্তা-ৰ মুখ্য সম্পাদক।