• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

#meToo: ‘চুবলৈ দিছিল লিংগ, উৰুত ফুৰাইছিল হাত’, খ্ৰীষ্টান গুৰুৰ বিৰুদ্ধে সোচ্চাৰ শ্বিলঙৰ মহিলা

মই সেই মানুহটোৰ ওচৰলৈ যাবলৈ অস্বীকাৰ কৰিবলৈ সাহস কৰিলো…মোক গালি পৰা হ’ল, মাৰ-পিট কৰা হ’ল, কিন্তু কেতিয়াও মৰমেৰে সোধা নহ’ল কিয় (কিয়নো মই যাব নুখুজিছো): মেৰি কাৰকালাং

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2018 7:03 pm
#meToo reaches shillong

প্ৰতিনিধিত্বমূলক ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত শ্বিলং পালেহি বিশ্ব কঁপোৱা #meToo! শ্বিলঙৰ দুগৰাকী খ্ৰীষ্টান ধৰ্মগুৰুৱে শৈশৱত বহু বছৰ ধৰি যৌন নিৰ্য্যাতন চলোৱাৰ “কাহিনী” শুকুৰবাৰে চ’চিয়েল মিডিয়াত ৰাজহুৱা কৰিছে মেৰি কাৰকালাং নামৰ এগৰাকী ৪০ বছৰীয়া মহিলাই।

শ্বিলঙৰ ছেণ্ট এদমান্দছৰ ফ্ৰেন্সিছ গেইল/ গালে (Francis Gale/ ফ্ৰেংক গালে বুলিও জনাজাত) আৰু ডন বস্ক’ৰ প্ৰিণ্টিং ইউনিটৰ মাছকেট নামৰ দুজন ব্ৰাদাৰৰ বিৰুদ্ধে যৌন নিৰ্য্যাতনৰ অভিযোগ তুলিছে মেৰিয়ে।

Apply Now

শৈশৱৰ যৌন নিৰ্য্যাতনে সৃষ্টি কৰাৰ গভীৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ ৩ বছৰ পূৰ্বে মনোৰোগ বিশেষজ্ঞৰ দীঘলীয়া কাউন্সেলিঙৰ সহায় লোৱা বুলিও সদৰী কৰিছে মহিলাগৰাকীয়ে।

“কিশোৰী আৰু যুৱতী অৱস্থাত মই ৩ বাৰ আত্মহত্যাৰ চেষ্টা কৰিছিলো, দুবাৰ মই গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈছিলো,” নিৰ্য্যাতনসৃষ্ট যন্ত্ৰণাৰ এই বৰ্ণনা মেৰিৰ।

বিশেষজ্ঞৰ সৈতে বহু মাহজোৰা কথা-বতৰাৰ পিছত “৫ বছৰ বয়সৰ পৰা বুকুত হেঁচি থকা শিল এডোখৰ” “আঁতৰি” যোৱাৰ দৰে পাতল লগা বুলিও মেৰিয়ে মন্তব্য কৰিছে।

“তেওঁ (ফ্ৰেন্সিছ গালে) আছিল মোৰ পৰিয়ালৰ বিশ্বাসী ‘বন্ধু’ আৰু তেওঁক ‘ধৰ্মীয় ব্যক্তি’ৰূপে উচ্চ আসনত স্থান দিয়া হৈছিল। মোক তেওঁৰ ওচৰত টিউচন কৰিবলৈ পঠোৱা হৈছিল—মই আছিলো ৫ বছৰীয়া যেতিয়া তেওঁ প্ৰথম বাৰ মোক তেওঁৰ যৌনাংগ দেখুৱায় আৰু সেইটো চুবলৈ কয়। মই মোৰ পৰিয়ালৰ মানুহক এই কথা ক’লো…কিন্তু মোক চৰিওৱা হ’ল আৰু এনেকুৱা কাহিনী নাসাজিবলৈ কোৱা হ’ল।…মই যেতিয়া ১২ বছৰীয়া হ’লো আৰু মোৰ ঋতুস্ৰাৱ আৰম্ভ হ’ল…মই সেই মানুহটোৰ ওচৰলৈ যাবলৈ অস্বীকাৰ কৰিবলৈ সাহস কৰিলো…মোক গালি পৰা হ’ল, মাৰ-পিট কৰা হ’ল, কিন্তু কেতিয়াও মৰমেৰে সোধা নহ’ল কিয় (কিয়নো মই যাব নুখুজিছো),” ছেণ্ট এদমান্দছৰ ব্ৰাদাৰজনৰ যৌন নিৰ্য্যাতন এইদৰে বিৱৰণ কৰিছে মেৰিয়ে।

#meToo আন্দোলনৰ বিষয়ে জানিবলৈ ক্লিক কৰক– মি টু আন্দোলন

আনহাতে শ্বিলঙৰ লাইতুমখ্ৰাস্থিত ডন বস্ক’ৰ ছপা গোটৰ ব্ৰাদাৰ মাছকেটৰ বিৰুদ্ধেও শৈশৱতে নিৰ্য্যাতনৰ অভিযোগ তুলিছে মহিলাগৰাকীয়ে।

“এই মানুহজনে (ব্ৰাদাৰ মাছকেট) তেওঁৰ কাৰ্য্যালয়ত এখন বিশাল টেবুলৰ পিছফালে বহি থাকিছিল। দ্ৰয়াৰত তেওঁ মিঠাই আৰু টফি ৰাখিছিল…প্ৰাপ্তবয়স্কসকল মেজৰ সিপাৰে বহি থকা অৱস্থাত তেওঁ আমি, ল’ৰা-ছোৱালীহঁতক, তেওঁৰ দ্ৰয়াৰৰ পৰা টফি বাছি নিবলৈ মাতিছিল…আমি তফি বিচাৰোতে, তেওঁ আমাৰ উৰুত ঘঁহি হাতেৰে স্পৰ্শ কৰিছিল। ইয়াৰ বিৰুদ্ধে মই মাত মতা নাছিলো, কাৰণ মই তাতকৈ ডাঙৰ নিৰ্য্যাতনৰ মুখামুখি হৈছিলো,” মাছকেটৰ বিৰুদ্ধে এই অভিযোগ মেৰিৰ।

শেহতীয়াকৈ ভাৰততো আলোৰণ কৰা #meToo আন্দোলনৰ সমালোচকসকলৰ প্ৰতি সজাগ হৈ এই সন্দৰ্ভতো মন্তব্য কৰিছে মহিলাগৰাকীয়ে।

“কিছুমানে সুধিব পাৰে এতিয়া কিয়? মই কিয় অপেক্ষা কৰিলো? মই অপেক্ষা কৰা নাছিলো, মই তেতিয়াই প্ৰতিক্ৰিয়া কৰিছিলো, মই জনা ৰাস্তাৰে আৰু শিশু হিচাপে মই পোৱা সামান্য সুবিধাৰে। কিন্তু মই তেতিয়া য’লৈকে গৈছিলো, যাৰে কাষ চাপিছিলো—সহায় নাপালো,” সমালোচকৰ প্ৰতি এই উত্তৰ মেৰিৰ।

যিকোনো লোকে আন যিকোনো লোকৰ “বিৰুদ্ধে” #meToo অভিযোগ তুলিব পাৰে বুলি মূলতঃ আন্দোলনটোক সমালোচনা কৰা হৈছে। কিন্তু আন্দোলনটোৰ উদ্দেশ্য পুৰণা ঘটনা এটাত আইনী বিজয় সাব্যস্ত কৰা বা দোষীক শাস্তি দিয়া ধৰণৰ নহয়।

#meToo আন্দোলনৰ আৰম্ভণি কৰোঁতা এমেৰিকান সমাজ কৰ্মী, সংগঠক তাৰানা বাৰ্কক জানিবলৈ ক্লিক কৰক।

যৌন নিৰ্য্যাতন আজিৰ পৃথিৱীত এটা আটাইতকৈ যন্ত্ৰণাদায়ক ঘটনাৰূপে স্বীকৃত হৈছে আৰু #meToo তাৰ বিৰুদ্ধে এক ব্যক্তিগত নৈতিক প্ৰতিৰোধ— যি বহু নিৰ্য্যাতিতক শ্বিলঙৰ মেৰিয়ে কোৱাৰ দৰে ‘‘বুকুৰ পৰা এডোখৰ শিলৰ বোজা” পাতলোৱাত সহায় কৰিছে।

দ্বিতীয়তে যৌন নিৰ্য্যাতন নসহি মুক্তকণ্ঠে প্ৰতিবাদ কৰা, প্ৰকাশ কৰা আৰু নিৰ্য্যাতনৰ বিশালতা জনসমাজত তুলি ধৰা #meToo-ৰ মূল উদ্দেশ্য।

#meToo যৌন নিৰ্য্যাতন আৰু যৌন আক্ৰমণৰ বিৰুদ্ধে এক বিশ্বজোৰা আন্দোলন। চ’চিয়েল মিদিয়াত ২০১৭ চনৰ অক্তোবৰৰে পৰা ভাইৰেল হৈ পৰা হেশ্বটেগ মি টু আন্দোলনটো শেহতীয়াকৈ আহি ভাৰত পাইছেহি।

তাৰানা বাৰ্ক (Tarana Burke) নামৰ এমেৰিকান সমাজ কৰ্মী আৰু সংগঠকগৰাকীয়ে ২০০৬ চনতে এই আন্দোলনটো আৰম্ভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd