এম জে আকবৰৰ ‘ধৰ্ষণ’ৰ নিজমুখে বিৱৰণ অসমীয়া সাংবাদিকৰ

M._J._Akbar_cropped-1-750x375

এম জে’ আকবৰ। ফাইল ছবি।

বৰ্তমান কৰ্মসূত্ৰে আমেৰিকাত আছে অসমৰ এগৰাকী সাংবাদিক পল্লৱী গগৈ। ভাৰতত সাংবাদিক হিচাপে কৰ্মৰত কালছোৱাত সেইসময়ৰ জ্যেষ্ঠ সাংবাদিক এম জে আকবৰৰ সৈতে সংঘটিত তেওঁৰ এটি গোপন অধ্যায়ৰ বিষয়ে প্ৰখ্যাত ৱাশ্বিংটন প’ষ্ট কাকতত লিখিছে সাংবাদিক গৰাকীয়ে।

ৱাশ্বিংটন প’ষ্ট-ত প্ৰথম পুৰুষত সাংবাদিক গৰাকীয়ে কৰা বৰ্ণনা নৰ্থ ইষ্ট নাও-ৰ পাঠকলৈ–

এছিয়ান এ’জ কাকতৰ মুখ্য সম্পাদক হিচাপে এম জে আকবৰক মই জানিছিলো। তেওঁ আছিল এগৰাকী তীক্ষ্ণধী সাংবাদিক। মোৰ ওপৰতো তেওঁ তেওঁৰ পদবীৰ প্ৰভাৱ খটুৱাইছিল।

মই মোৰ জীৱনৰ আটাইতকৈ বেদনাদায়ক স্মৃতি দাঙি ধৰিব বিচাৰিছো। বিগত ২৩ বছৰ ধৰি মই যাক গোপনে ৰাখিছিলো।

দুটামান দেওবাৰৰ আগতে আমেৰিকাৰ মোৰ ঘৰত মই পঢ়িবলৈ পালো যে কেইবাগৰাকীও সাংবাদিকে কেই বছৰমান আগতে আকবৰে কৰা যৌন নিৰ্যাতনৰ বিৰুদ্ধে ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে। শেহতীয়াভাৱে ভাৰতৰ বিদেশ ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আকবৰে, যিয়ে বিশ্বৰ বৃহত্তম গণতন্ত্ৰ হিচাপে পৰিচিত দেশখনৰ বৈদেশিক নীতি নিৰ্দ্ধাৰণ কৰিছিল। বৰ্তমানো তেওঁ ভাৰতীয় সংসদৰ এগৰাকী সদস্য আৰু শাসকীয় দলৰ এগৰাকী সদস্য। এইটোৱে তেওঁক যুৱতীসকলক প্ৰভাৱিত কৰাৰ বাবে ক্ষমতা প্ৰদান কৰিছিল।

মোৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে। মই ভাৰতৰ দুগৰাকী নিকট বান্ধৱীক ফোন কৰিলো।

মোৰ অতিকৈ ঘনিষ্ঠ দুয়োগৰাকীয়ে দুটা দশকৰো অধিক কাল আগতে আকবৰে মোৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিষয়ে অৱগত। সেই সময়তে মই মোৰ ঘটনাৰাজি মোৰ স্বামীকো অৱগত কৰিছিলো। এয়া আছিল মই তেওঁক লগ পোৱাৰ মাত্ৰ কেই সপ্তাহমান পাছত, আৰু মোৰ মনত আছে মই তেওঁৰ আগত ঘটনাটো বৰ্ণনা কৰোতে মই ভাগি পৰিছিলো।

মই এছিয়ান এ’জ-ত কাম কৰিবলৈ আৰম্ভ কৰোতে মোৰ বয়স আছিল ২২ বছৰ। আমাৰ মাজত গৰিষ্ঠসংখ্যকেই আছিল মহিলা। আমাৰ মাজৰ বেছিভাগেই কলেজৰ দেওনা পাৰ হৈয়েই তাত যোগদান কৰিছিল। আমি আনকি সাংবাদিকতাৰ বুনিয়াদী বিষয়বোৰো শিকি অহা নাছিলো। নতুন দিল্লীত আকবৰৰ অধীনত কাম কৰাসকলে নিজকে ভাগ্যৱান বুলিয়েই ভাবিছিলো। তেওঁ আছিল প্ৰসিদ্ধ, দুখনকৈ উচ্চ প্ৰশংসিত ৰাজনৈতিক গ্ৰন্থৰ লেখক তথা এগৰাকী আগশাৰীৰ সম্পাদক। প্ৰায় এটা দশকতে দুটাকৈ প্ৰকাশনক প্ৰতিষ্ঠা লাভত তেওঁ সহায় কৰিছিল- ছানডে’ আৰু দৈনিক কাকত দ্য টেলিগ্ৰাফএছিয়ান এ’জ আছিল তেওঁৰ শেহতীয়া এখন আন্তঃৰাষ্ট্ৰীয় কাকত।

সেই সময়ত চল্লিশৰ ঘৰত থকা আকবৰে সদায় আমাক তেওঁৰ উচ্চ পৰ্যায়ৰ সাংবাদিক দক্ষতা সম্পৰ্কে সোঁৱৰাই দিছিল। তেওঁ আমাৰ কপিবোৰত তেওঁৰ ৰঙা কলমটোৰে দাগ আঁকি দিছিল, আমাৰ প্ৰিন্ট আউটবোৰ মোহাৰি লৈ আমাক সন্ত্ৰস্ত কৰি প্ৰায়েই জাৱৰৰ দ’মত পেলাই দিছিল। এনেকুৱা এটা দিন নাছিল যিদিনা তেওঁ আমাৰ এজনক উদ্দেশ্যি উচ্চ স্বৰে চিঞৰা নাছিল।

মই তেওঁৰ ভাষাৰ ব্যৱহাৰত মন্ত্ৰমুগ্ধ হৈছিলো, তেওঁৰ খণ্ডবাক্যৰ ব্যৱহাৰ দেখি ময়ো তেওঁৰ দৰে লিখিব পৰা হোৱাতো কামনা কৰিছিলো। সেয়েহে মই সকলো গালি-শপনি হজম কৰিছিলো। কিয়নো মই অতি গুণী ব্যক্তিজনৰ পৰা শিকি আছিলো। অন্ততঃ মই তেনেদৰে ভাবিছিলো।

২৩ বছৰ বয়সত মই এছিয়ান এ’জ-ৰ অ’পেন পে’জৰ সম্পাদক হৈছিলো। মই শীৰ্ষ স্তম্ভলেখকসকল– যশোৱন্ত সিং, অৰুণ শ্বোৰী আৰু নলিনী সিঙৰ দৰে ভাৰতীয় ৰাজনীতিৰ মহীৰূহ তথা সমাজৰ বুদ্ধিজীৱীসকলৰ সৈতে কথা পাতিছিলো। যুৱ বয়সতে মই ডাঙৰ দায়িত্ব লাভ কৰিছিলো।

কিন্তু শীঘ্ৰেই এই ভালপোৱা কামটোৰ বাবে মই ডাঙৰ মূল্য ভৰিবলগীয়া হ’ল। মোৰ বান্ধৱী তুষিতাই আকবৰে মোক প্ৰথমবাৰ কৰা নিৰ্যাতনৰ কথা মনত পেলায়। সেয়া আছিল ১৯৯৪ চনৰ বসন্তৰ শেষ বা গ্ৰীষ্মৰ সময়ছোৱাৰ কথা। মই তেওঁৰ  কাৰ্যালয়ত সোমাই গৈছিলো, তেওঁৰ দুৱাৰখন প্ৰায়েই বন্ধ থাকিছিল। মই তেওঁক মই সজোৱা অ’পেন পে’জটো দেখুৱাবলৈ গৈছিলো। তেওঁ মোৰ প্ৰচেষ্টাক প্ৰশংসা কৰিলে আৰু হঠাতে মোক চুম্বন কৰিবলৈ সাৱটি ধৰিলে। মই স্তম্ভিত। মই ৰঙা-ছিঙা পৰি কাৰ্যালয়ৰ ভিতৰৰ পৰা ওলাই আহিলো; বিব্ৰত, লজ্জিত, বিধ্বস্ত ৰূপত। সেইদিনা মোৰ মুখখন কেনে দেখাইছিল সেই কথা তুষিতাই এতিয়াও মনত পেলায়। তাই যেতিয়া মোৰ কি হৈছিল সুধিছিল, মই তাইক লগে লগেই জনাইছিলো। সেই সময়ত এই ঘটনা একমাত্ৰ তাইকে মই অৱগত কৰিছিলো।

কেইমাহমান পিছতে সংঘটিত হৈছিল দ্বিতীয়টো ঘটনা। তেতিয়া মোক মুম্বাইত এখন আলোচনী আৰম্ভ কৰাত সহায় কৰিবলৈ মাতি পঠিওৱা হৈছিল। তেওঁ আকৌ লে’-আউট চাবলৈ মোক তাজ হোটেলৰ তেওঁৰ কোঠালৈ মাতিছিল। তেওঁ আকৌ যেতিয়া মোক চুম্বন কৰিবলৈ মোৰ ওচৰ চাপিছিল, মই তেওঁৰ সৈতে যুঁজ দিছিলো আৰু তেওঁক অঁতৰাই পঠিয়াইছিলো। মই দৌৰি পলাব খোজোতে তেওঁ মোৰ মুখত আঁচোৰ বহুৱাইছিল, মই কান্দোনত ভাগি পৰিছিলো। সেই সন্ধিয়া মই এগৰাকী বান্ধৱীক মুখৰ দাগ সম্পৰ্কে ব্যাখ্যা দি কৈছিলো যে মই পিচলি হোটেলত পৰি গৈছিলো।

যেতিয়া মই দিল্লীলৈ উভতি আহিছিলো, আকবৰ ক্ষুব্ধ হৈ উঠিছিল আৰু মই যদি তেওঁক পুনৰ বাধা দিও, তেন্তে মোক কামৰ পৰা উলিয়াই দিয়াৰ ভাবুকি দিছিল। কিন্তু মই কাকতখন এৰি দিয়া নাছিলো।

বাতৰিকাকতৰ বেছিভাগ সাংবাদিকতকৈ আগতে মই ৰাতিপুৱা ৮ বজাত কামত উপস্থিত হ’বলৈ ধৰিলো। মোৰ লক্ষ্য আছিল বাকী সহকৰ্মীসকল আহি পোৱাৰ সময় পুৱা ১১ বজাৰ ভিতৰতে অ’পেন পে’জটো সাজু কৰি তোলা। সেইদৰে মই ৰিপ’ৰ্টিঙৰ কাৰণে প্ৰায়ে কাৰ্যালয়ৰ পৰা ওলাই যাব পাৰো। মুম্বাইৰ ঘটনাটোৰ পিছতেই দিল্লীৰ পৰা কেইশ কিলোমিটাৰমান আঁতৰৰ গাওঁ এখনলৈ এটা বাতৰিৰ বাবে যাব লগা হ’ল। গাওঁখনত এহাল নৱ দম্পতীক গাওঁখনৰ লোকে ফাঁচী লগাই মাৰিছিল কিয়নো প্ৰেমিকযুগল ভিন্ন জাতৰ আছিল। এই কামটো জয়পুৰত সমাপ্ত হ’বলগীয়া আছিল। যেতিয়া মই উভতিব ওলালো, আকবৰে মোক দিল্লীৰ পৰা বহু দূৰৰ জয়পুৰত তেওঁৰ হোটেলত বাতৰিটোৰ বিষয়ে আলোচনা কৰিবলৈ মাতিলে।

তেওঁৰ হোটেলৰ কোঠাত, মই যদিও তেওঁৰ সৈতে যুঁজ দিছিলো, তেওঁ শাৰীৰিকভাৱে অধিক শক্তিশালী আছিল। তেওঁ মোৰ কাপোৰ আঁজুৰি পেলাইছিল আৰু মোক ধৰ্ষণ কৰিছিল। আৰক্ষীক তেওঁৰ বিৰুদ্ধে অৱগত কৰোৱাৰ পৰিৱৰ্তে মই লাজত ম্ৰিয়মান হৈ পৰিছিলো। মই তেতিয়া এই বিষয়ে কাকো ক’ব পৰা নাছিলো। কোনোবাই মোক বিশ্বাস কৰিলেহেঁতেননে? মই নিজকে দোষ দিছিলো। মই কিয় হোটেলৰ কোঠালৈ গৈছিলো?

আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো আছিল যে সেই প্ৰথমবাৰৰ পিছত মোৰ ওপৰত তেওঁৰ শক্তি বৃদ্ধিহে পালে। মই তেওঁৰ নিৰ্যাতনৰ সৈতে যুঁজ দিবলৈ বন্ধ কৰিলো কিয়নো মই অসহায় অনুভৱ কৰিছিলো। তেওঁ মোৰ ওপৰত নিৰ্যাতন চলাই গ’ল। কেইমাহমান ধৰি তেওঁ মোক শাৰীৰিকভাৱে, মৌখিকভাৱে, আৱেগিকভাৱে নিৰ্যাতন চলাই গ’ল। নিউজ ৰুমত মোৰ বয়সৰ পুৰুষ সতীৰ্থৰ লগত কথা পতা দেখিলে তেওঁ ক্ষুব্ধ হৈ চিঞৰি উঠিছিল। এয়া শংকাদায়ী আছিল।

মই তেতিয়া কিয় তেওঁৰ সৈতে যুঁজ নিদিলো? মোৰ জীৱনৰ বাকী সকলো দিশতে মই এগৰাকী যুঁজাৰু আছিলো। তেতিয়া তেওঁ মোৰ ওপৰত কিয় আৰু কেনেকৈ শক্তি প্ৰয়োগ কৰিব পাৰিলে মই তাক ব্যাখ্যা কৰিব নোৱাৰিম। মোতকৈ তেওঁ অধিক শক্তিশালী আছিল, সেই কাৰণেই? মই মোৰ চাকৰি হেৰুৱাম, সেই ভয়ৰ বাবে? আৰু কেনেকৈ বহু দূৰত থকা মোৰ সৎ অভিভাৱকক ব্যাখ্যা কৰিম? মই মাত্ৰ জানো যে মই তেতিয়া নিজকে ঘৃণা কৰিছিলো। আৰু মই প্ৰতিদিনে তিল তিলকৈ মৰিছিলো।

মই দূৰলৈ পঠিওৱা ৰিপ’ৰ্টিঙৰ কামত ব্যস্ত হ’বলৈ ধৰিলো। ১৯৯৪ চনৰ নিৰ্বাচনৰ কাভাৰ কৰাৰ গৌৰৱ মই কৰিব পাৰো। দিল্লীৰ পৰা বহু দূৰৰ কৰ্ণাটকলৈ মই গৈছিলো। মই ৰাজ্যখনৰ প্ৰসিদ্ধ ৰাজনীতিকৰ সাক্ষাৎ লৈছিলো, সমাৱেশত উপস্থিত হৈছো, গাঁৱৰ লোকৰ সৈতে কথা পাতিছিলো। সেয়া আছিল এক বিৰল অভিজ্ঞতা। ইয়াৰ পিছত আকবৰে কৈছিল যে তেওঁ মোক পুৰস্কাৰ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰ বা ব্ৰিটেইনলৈ পঠিয়াব। মই দুয়োখন দেশতে কাম কৰাৰ ভিজা লাভ কৰিছিলো। মই শিহৰিত হৈ পৰিছিলো। আৰু মই ভাবিছিলো যে অৱশেষত মোৰ ওপৰত নিৰ্যাতন বন্ধ হ’ব, কিয়নো মই দিল্লীৰ কাৰ্যালয়ৰ পৰা বহু দূৰত থাকিম। একমাত্ৰ সত্যটো আছিল যে তেওঁ মোক বাহিৰলৈ পঠিয়াইছে যাতে মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব আৰু মোক য’তেই নিযুক্তি দিয়া হ’ব তালৈ তেওঁ গ’লে মোৰ ওপৰত নিৰ্যাতন চলাব পাৰে।

মই লণ্ডনৰ কাৰ্যালয়ত তেওঁৰ সৈতে হোৱা এটা অভিজ্ঞতাৰ কথা মনত পেলাব বিচাৰিছো। তাত মই এগৰাকী পুৰুষ সহকৰ্মীৰ সৈতে বন্ধুত্বপূৰ্ণভাৱে কথা পাতিছিলো। সেই সন্ধিয়া মোৰ সহকৰ্মীজন কামৰ পৰা ওলাই যোৱাৰ পিছত তেওঁ মোক আঘাত কৰিছিল আৰু ডে’স্কৰ পৰা বস্তু-বাহানিবোৰ দলিয়াই চূৰ্ণ-বিচূৰ্ণ কৰিছিল। টেবুলত যি পাইছিল সেয়াই মোৰ গালৈ দলিয়াই মাৰিছিল। মই কাৰ্যালয়ৰ পৰা দৌৰি পলাইছিলো আৰু এঘন্টা ধৰি পাৰ্ক এখনত লুকাই আছিলো। মই পিছদিনা বান্ধৱী তুষিতাক ঘটনাটোৰ বিষয়ে কোৱা মনত আছে। মই মোৰ মা আৰু ভণ্টীৰ লগত তেতিয়া কথা পাতিছিলো কিন্তু সবিশেষ জনাব পৰা নাছিলো। জানিলে মোক ঘৰলৈ মাতি পঠিয়াব বুলি ভাবি শংকিত হৈছিলো।

মই মানসিকভাৱে, শাৰীৰিকভাৱে, আৱেগিকভাৱে ভাগৰি পৰিছিলো। মই জানিছিলো মই লণ্ডনৰ পৰা ওলাই আহিব লাগিব। তুষিতাৰ বাহিৰে এই ঘটনাবোৰ মোৰ আন এগৰাকী ঘনিষ্ঠ বান্ধৱী সুপৰ্ণাক জনাইছিলো। মই এই পৰিস্থিতিৰ পৰা আঁতৰি যোৱাৰ কথা তেওঁলোকক কৈছিলো।

আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী বিদেশী সংবাদদাতা হিচাপে মোৰ ভিছা আছিল। মই কাম কৰা সেই প্ৰকাশন গোষ্ঠীতে কমেও কেইজনমান জ্যেষ্ঠ সম্পাদক আছিল। কিন্তু আকবৰে তেতিয়াও মোক আগত ৰাখি শীঘ্ৰেই মুম্বাইলৈ মাতি পঠিয়াইছিল।

মই চাকৰি এৰিলো। এইবাৰ ভালৰ বাবে আছিল। মই ৰিপ’ৰ্টিং এছিষ্টেন্টৰ কাম এটা পালো নিউ য়ৰ্কৰ ডও জ’নছ-ত অভাৰনাইট শ্বিফট কাম কৰিব ল’লো।

বৰ্তমান মই এগৰাকী যুক্তৰাষ্ট্ৰৰ নাগৰিক। মই এগৰাকী পত্নী আৰু মাতৃ। মই মোৰ ভালপোৱা সাংবাদিকতা পুনৰ বিচাৰি পালো। মই মোৰ জীৱন ঘূৰাই পাইছো। মোৰ কঠিন কৰ্ম সাধনা, আত্মোৎসৰ্গ আৰু প্ৰতিভাৰ বাবে ডও জ’নছৰ পৰা বিজিনেছ উইক, ইউ এছ এ’ টুডে’, দ্য এছ’চিয়েটে’ড প্ৰে’ছ আৰু চি এন এন-লৈকে কাম কৰা সুযোগ দিছে। বৰ্তমান মই নেচনেল পাব্লিক ৰেডিঅ’ৰ এগৰাকী নেত্ৰী। মই জানো যে মই আৰু এটা চাকৰিৰ বাবে গ’লে তাতো সফলতাৰ বাবে নিৰ্যাতন ভুগিব নালাগে।

বহু বছৰ ধৰি মই আকবৰৰ সৈতে কথা পতা নাই। মই সদায় অনুভৱ কৰো যে আকবৰৰ ক্ষেত্ৰত আইন আৰু ন্যায়ৰ উৰ্ধ্বত কোনো নহয় কথাষাৰ নাখাটে। মই ভাবিছিলো তেওঁ মোৰ লগত যিটো কৰিলে তাৰ বাবে কেতিয়াও মূল্য ভৰিব নালাগে।

দুসপ্তাহমান আগতে আকবৰে বিদেশ ৰাজ্য মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। তেওঁ এই অভিযোগবোৰক ‘’ভিত্তিহীন আৰু বন্য’’ বুলি অভিহিত কৰিছে আৰু মাত মতা এগৰাকী সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰিছে। এইটোৱে মোক আচৰিত কৰা নাই। তেওঁ ভাবে তেওঁ নিজৰ ‘’সত্য’’ৰ ওপৰত দৃঢ়, যেনেকৈ সেই সময়ত আমাৰ শৰীৰবোৰৰ ওপৰত আছিল তেওঁৰ আগ্ৰাসন। এতিয়া এইবোৰ খোলাখুলিকৈ কৈ মোৰ একো পাবলগীয়া নাই। আকবৰে আগবাঢ়ি আহিব খোজা আন মহিলাসকলৰ বিৰুদ্ধেও গোচৰ তৰাৰ ভাবুকি দিছে। আৰু মই সেইসকলৰ মাজত নপৰিম বুলি ধাৰণা থাকিব পাৰে।

কিন্তু মই এয়া লিখিছো, কাৰণ মই জানো এয়া মই আকবৰৰ দৰে ক্ষমতাশালী মানুহৰ বলি হোৱাৰ দৰে। মই এয়া লিখিছো যিসকল মহিলাই তেওঁলোকৰ কথা ক’বলৈ আগবাঢ়ি আহিছে তেওঁলোকক সমৰ্থন কৰিবলৈ। মই এয়া লিখিছো মোৰ কিশোৰী কন্যা আৰু পুত্ৰৰ বাবে। যাতে কোনোৱে তেওঁলোকক বলি সজাব খুজিলে উভতি যুঁজ দিব পাৰে। যাতে তেওঁলোকে জানে যে কেতিয়াও কাকো বলি সজাব নালাগে। যাতে তেওঁলোকে যে মোৰ সৈতে যি ঘটিছিল তাৰ ২৩ বছৰ পিছত তেওঁলোকে মোক কোনো আখ্যা দিয়াৰ কথা অগ্ৰাহ্য কৰি মই সেই অন্ধকাৰৰ পৰা উঠি আহিছো, আৰু মই নিৰৱচ্ছিন্নভাৱে আগবাঢ়ি যাম।