স্মাৰ্ট চিটী : মূত্ৰ স্থলীলৈ ৰূপান্তৰিত ১৪ হাজাৰ কোটিটকীয়া মেট্ৰ’ ৰে’ল প্ৰকল্প

Rail

আধুনিক যাতায়ত-পৰিবহণ ব্যৱস্থাৰ উল্লেখনীয় এক মাধ্যম হৈছে মেট্ৰ’ ৰে’ল। গুৱাহাটীতো হোৱাৰ কথা আছিল মেট্ৰ’ ৰেল সেৱা, মহানগৰবাসীক মেট্ৰ’ৰেল সেৱাৰ জৰিয়তে যান-জঁটৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াৰ সপোন দেখুৱাইছিল পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰে। কিন্তু আধাৰশিলা স্থাপনতে সীমাবদ্ধ হৈ ৰ’ল গুৱাহাটী মেট্ৰ’ ৰে’ল প্ৰকল্পৰ কাম।

২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰিৰ দিনা তদানীত্বন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে খানাপাৰাত উদ্বোধন কৰিছিল গুৱাহাটী মহানগৰীৰ ৰে’লভিত্তিক মাছ ৰেপিড ট্ৰেনজিট ছিষ্টেমৰ আধাৰশিলা। কিন্তু সেই আধাৰশিলা এতিয়া সম্পূৰ্ণ পৰিত্যক্ত হৈ পৰিছে।

জি এম ডি এৰ অধীনৰ মাটিত স্থাপিত এই আধাৰশিলা এতিয়া হাবি-বননিৰে আৱৰি ধৰিছে। আনকি উত্তৰ-পূবৰ ভিন্ন ঠাইৰ পৰা অহা কোনো কোনো লোকে সেই আধাৰ শিলাৰ তলত বা কাষতে মুত্ৰ ত্যাগ কৰে। যাৰ ফলত মুত্ৰ ত্যাগৰ স্থানলৈ ৰূপান্তৰিত হৈছে ১৪ হাজাৰ কোটি টকীয়া মেট্ৰ’ ৰে’ল প্ৰকল্পৰ আধাৰশিলা।

উল্লেখযোগ্য যে, ২০১৩ চনতে কংগ্ৰেছৰ আমোলত কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন প্ৰাধিকৰণে গুৱাহাটীত মেট্ৰ’ ৰে’ল ব্যৱস্থাৰ বাবে সন্মতি দিছিল। সেই সময়তে ৰাজ্য চৰকাৰে মেট্ৰ’ ৰে’লৰ প্ৰকল্প আৰম্ভ কৰাৰ  বাবদ ২৫ কোটি টকাৰ অনুমোদন লাভ কৰিছিল। প্ৰকল্পটো সম্পূৰ্ণ হ’বৰ বাবে খৰচ ধাৰ্য কৰা হৈছিল ১৪ হাজাৰ কোটি টকা। এই মেট্ৰ’ ৰে’ল নিৰ্মাণৰ দায়িত্বত আছে গুৱাহাটী নগৰ উন্নয়ন বিভাগ।

তদুপৰি, ২০১৬ চনতে এম/এস ৰাইটছ নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে প্ৰথম স্তৰৰ ডিপিআৰ প্ৰস্তুতৰ কাম সম্পূৰ্ণ কৰিছিল। তাৰ পাছতে উক্ত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰিৰ দিনা এমআৰটিএছৰ কাম আগবঢ়োৱাৰ উদ্দেশ্যে গুৱাহাটী মেট্ৰ’ ৰে’ল কৰ্পোৰেশ্যন লিমিটেড গঠন কৰিবলৈ ৰাজ্য চৰকাৰে অনুমতি দিছিল।

আনহাতে, এই প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ তিনি মাহৰ পাছতে কংগ্ৰেছ চৰকাৰৰ ১৫বছৰীয়া শাসন ওফৰাই ‘পৰিৱৰ্তন’ৰ শ্ল’গানেৰে গাদী দখল কৰিছিল বিজেপি চৰকাৰে। চৰকাৰ গঠন কৰাৰ পাছত ২০১৭ চনৰ জানুৱাৰিত এম আৰ টি এছক নতুনকৈ ডিপিআৰ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল। য’ত উত্তৰ গুৱাহাটীৰ পৰা প্ৰস্তাৱিত এইমছ আৰু ধাৰাপুৰৰ পৰা গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ সম্প্ৰসাৰিত কৰা হ’ল।

পূৰ্বে চাৰিটা কৰিডৰ ক্ৰমে ধাৰাপুৰৰ পৰা নাৰেঙ্গী(২৬.৬ কি.মি), এম জি ৰোডৰ পৰা খানাপাৰা (১০ কি.মি.), জালুকবাৰীৰ পৰা খানাপাৰা (১৯.৪ কি. মি)), আই এছ বি টিৰ পৰা পল্টনবজাৰ (৯.৪ কি.মি) আছিল। এই মেট্ৰ’ ৰে’ল প্ৰকল্প মুঠ ৬১.৪২ কি:মি: দৈৰ্ঘ্যৰ আছিল।

কিন্তু কাগজে-পত্ৰইহে যেন সীমাবদ্ধ আছে মেট্ৰ’ ৰে’ল প্ৰকল্পৰ কাম-কাজ। কিয় জনসাধাৰণৰ মুত্ৰ ত্যাগৰ স্থানলৈ ৰূপান্তৰিত হ’বলগীয়া হ’ল বৃহৎ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ কাম-কাজ? এই প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত।

ইপিনে, উক্ত স্থানত শৌচ-প্ৰসাৱ কৰিবলৈ কোনো টয়লেটৰ ব্যৱস্থা নাই, যাৰ ফলত আধাৰশিলাৰ তলতে মুকলিকৈ প্ৰসাৱ কৰে কিছু লোকে।

‘’২০১৬ চনতে আধাৰশিলা স্থাপন কৰিলে, কৰিলে কি হ’ব, এতিয়া এনেকৈ পৰি থকাত ৰাইজে ইয়াতে প্ৰসাৱ কৰি আছে। আমি সদায় দেখি থাকো পথচাৰীয়ে প্ৰসাৱ কৰি থকা। আধাৰশিলাটোত অশোক স্তম্ভ আছে, ইয়াৰ প্ৰতি কোনো সন্মান নাইকিয়া কৰি দিছে,’‘-উক্ত স্থানৰ এজন প্ৰত্যক্ষদৰ্শীয়ে নৰ্থ ইষ্ট নাওৰ আগত এইদৰে কয়।

ইপিনে, এই কথাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই জিএমডিএ কৰ্তৃপক্ষৰ।

‘’মেট্ৰ’ ৰে’লৰ কাম-কাজ চলি আছে। আমি ৰিপৰ্টো লাভ কৰিছো। আগতে যিখিনি হৈছিল, সেয়া নতুনকৈ ডিপিআৰৰ কাম আৰম্ভ হৈছে। আধাৰশিলাটো আগতে কি হৈছিল ক’ব নোৱাৰো, মেট্ৰ’ ৰে’লৰ প্ৰকল্পৰ কাম বিজ্ঞানসন্মতভাৱে আৰম্ভ কৰিব লাগিব। খুব হেভী মেট্ৰ’ ৰে’ল দিলেও নহ’ব, কিমান ওজনৰ দিলে ভাল হ’ব সেই সমূহো পৰীক্ষা কৰিব লাগিব,‘’-নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এইদৰে কয় জিএমডিএৰ কাৰ্য্যবাহী বিষয়া মলয় বৰাই।

ইয়াৰোপৰি, আৰু পাঁচ-ছয় বছৰৰ পাছতহে মেট্ৰ’ ৰে’লৰ কাম-কাজ সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে বৰাই।

মেট্ৰ’ ৰে’ল প্ৰকল্পৰ জৰিয়তে গুৱাহাটী মহানগৰবাসীক ‘স্মাৰ্ট চিটী’ৰ সপোন দেখুওৱা ৰাজ্য চৰকাৰৰ কামৰ নমুনা পৰিত্যক্ত আৰু মুত্ৰ ত্যাগ স্থলীলৈ ৰূপান্তৰিত হোৱা ‘মেট্ৰ’ ৰে’ল প্ৰকল্পৰ আধাৰশিলাই উদঙাই দিছে।