লকডাউনৰ পৰা ৰেহাই : নতুন তালিকা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ

4-4-1140x570

প্ৰতিনিধিত্বমূলক ফটো

ৰাষ্ট্ৰজোৰা লকডাউনৰ পৰা ৰেহাই পাবলগীয়া কাৰ্যকলাপৰ এখন নতুন তালিকা কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শুকুৰবাৰে জাৰি কৰিছে।

ৰেহাই পাবলগীয়া এই কৰ্যকলাপসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে বনজ উৎপাদিত কাঠ/কাঠ ভিন্ন সামগ্ৰী, বাঁহ, নাৰিকল, তামোল, মচলা খেতি, নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন (এন বি এফ চি) আৰু ক’পাৰেটিভ ক্ৰেডিট ছচাইটিছ তথা গ্ৰাম্যাঞ্চলৰ নিৰ্মাণ কাৰ্য।

ৰাষ্ট্ৰীয় কাৰ্যবাহী কমিটিৰ অধ্যক্ষই জাৰি কৰা জাননী অনুসৰি এই কাৰ্যকলাপসমূহ লকডাউন ব্যৱস্থাৰ সময়ত বিবেচনা কৰা পুনৰীক্ষন নিৰ্দেশাৱলীত অন্তৰ্ভুক্ত কৰা হৈছে।

অনুসূচীত জনজাতি তথা আন বনত কাম কৰা লোকসকল ক্ষুদ্ৰ বনজ উৎপাদনৰ প্ৰক্ৰিয়া, ইয়াক চপোৱা তথা সংগ্ৰহ কৰাটো লকডাউনৰ নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।

সেইদৰে বাঁহ, নাৰিকল, তামোল, মচলা খেতিৰ চপোৱা, প্ৰচেছিং,পেকেজিং, বিক্ৰী তথা মাৰ্কেটিঙকো লকডাউনৰ নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হ’ব।

ক’পাৰেটিভ ক্ৰেডিট ছচাইটিছ আৰু হাউছিং ফাইনেন্স কোম্পানীকে ধৰি এন বি এফ চিক আৰু মাইক্ৰ-ফাইনেন্স ইনষ্টিটিউশ্যনসমূহক লকডাউনৰ সময়ত ন্যুনতম কৰ্মচাৰীৰে কামকাজ চলোৱাৰ অনুমতি দিয়া হ’ব।

লকডাউনৰ পৰা ৰেহাই দিয়া গ্ৰাম্যাঞ্চলৰ নিৰ্মাণ সম্পৰ্কীয় কামকাজৰ বিতৰত আছে পানী যোগান তথা অনাময় ব্যৱস্থা, পাৱাৰ ট্ৰেন্সমিশ্যন লাইন স্থাপন বা সম্প্ৰসাৰণ আৰু টেলিকম অপটিকেল ফাইবাৰ তথা কেব’ল  সম্পৰ্কীয় কামকাজবোৰ।

গৃহ মন্ত্ৰ্যালয়ে অলপতে অহা ৩ মে’লৈকে বৃদ্ধি কৰা দেশজোৰা লকডাউনৰ সময়ত কঠোৰ ৰূপায়নৰ বাবে এলানি নিৰ্দেশনা জাৰি কৰিছিল।