এন আৰ চিৰ পৰা বাদ পৰা মানেই বিদেশী নহয় : গৃহ মন্ত্ৰ্যালয়; বিদেশী ন্যায়াধিকৰণত আৱেদনৰ সময় বৃদ্ধিৰ সিদ্ধান্ত

চূড়ান্ত তালিকাত নাম নহা সকলৰ কাষত থিয় দিব ৰাজ্য চৰকাৰে; আইনী সহায় কৰিব

Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

চূড়ান্ত এন আৰ চি প্ৰকাশলৈ মাত্ৰ ১০ দিন থকাৰ সময়ত বিভিন্ন স্তৰত উৎকণ্ঠা বৃদ্ধি পোৱাৰ লগতে চৰকাৰো ইয়াৰ সৈতে সম্পৰ্কিত শংকাবোৰৰ পৰা মুক্ত হ’ব পৰা নাই।

এটা অভূতপূৰ্ব পৰিস্থিতিৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ মুহূৰ্ততে গৃহ মন্ত্ৰ্যালয়ে কিছুমান আশ্বাসমূলক ঘোষণা কৰিছে।

গৃহ মন্ত্ৰ্যালয়ে এইটো জনাইছে যে এন আৰ চিৰ পৰা নাম বাদ পৰা মানেই এজন লোক বিদেশী নহয়। নাম বাদ পৰা লোকক নাম অন্তৰ্ভুক্ত কৰাৰ সময় আৰু সুযোগ দিয়া হ’ব আৰু এই প্ৰক্ৰিয়াটোত দুখীয়া লোকক ৰাজ্য চৰকাৰে আইনী সহায় কৰিব।

ইপিনে ২০ আগষ্টত গৃহ মন্ত্ৰ্যালয়ৰ দ্বাৰা জাৰি কৰা এটা বিবৃতিত এইদৰে কোৱা হৈছে :-

“চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰতিজন লোকেই তেওঁৰ গোচৰটো আইনী কৰ্তৃপক্ষ, অৰ্থাৎ বিদেশী ন্যায়াধিকৰণত উঠাব পাৰিব। বিদেশী আইন ১৯৪৬ আৰু বিদেশী (ন্যায়াধিকৰণ) নিৰ্দেশ ১৯৬৪-ৰ অধীনত কেৱল বিদেশী ন্যায়াধিকৰণবোৰকহে এজন লোকক বিদেশী বুলি ঘোষণা কৰাৰ ক্ষমতা দিয়া হৈছে। গতিকে ব্যক্তি এজনৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱা মানেই নিজে নিজে এইটো প্ৰমাণ হৈ নাযায় যে তেওঁ ঘোষিত বিদেশী।”

আনহাতে গৃহ মন্ত্ৰ্যালয়ে এইদৰে কৈছে যে ই এন আৰ চিৰ পৰা নাম বাদ পৰা লোকসকলে বিদেশী ন্যায়াধিকৰণবোৰত আৱেদন কৰাৰ পাব লগীয়া সময় ৬০ দিনৰ পৰা ১২০ দিনলৈ বৃদ্ধি কৰিবলৈ নিয়ম সংশোধন কৰিব।

সেইমতে, Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules, 2003 সংশোধন কৰা হ’ব।

১৯ আগষ্টত এন আৰ চি বিষয়ত গৃহ মন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত এখন পৰ্য্যালোচনা বৈঠকৰ পিছতে ২০ আগষ্টত এই ঘোষণাকেইটা কৰা হয়।

লগতে পঢ়ক এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় কৰিব কংগ্ৰেছে : ৰিপুণ বৰা

বৈঠকত অমিত শ্বাহে কৈছিল যে এন আৰ চিত নাম নথকাসকলক তেওঁৰ নাম বাদ পৰাৰ বিৰুদ্ধে আৱেদন কৰিবলৈ সম্পূৰ্ণ সুযোগ দিয়াৰ বাবে অসম চৰকাৰে পৰ্য্যাপ্ত ব্যৱস্থা কৰিব।

এই পৰ্য্যালোচনা বৈঠকত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় গৃহ সচিব, অসমৰ মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

এন আৰ চি প্ৰকাশৰ সময়ত ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰক অতিৰিক্ত নিৰাপত্তা বাহিনীৰ বাবে ৰাজ্য চৰকাৰে আৱেদন জনাইছে।

অলপতে অসমত নিয়োজিত নিৰাপত্তা বাহিনীৰ বহুকেইটা কোম্পানি জম্মু আৰু কাশ্মীৰলৈ নিয়া হৈছিল।

উল্লেখ কৰিব পাৰি, নাম বাদ পৰা ভাৰতীসকলক আইনী সহায় কৰাৰ বাবে  ইতিপূৰ্বে কংগ্ৰেছেও প্ৰতিশ্ৰুতি আগ বঢ়াইছে। ২০ আগষ্টত এখন সংবাদ মেলত সাংসদ হীৰা শৰণীয়ায়ো বি টি এ ডিৰ অন্তৰ্গত লোকসকলক আইনী সহায় আগ বঢ়াব বুলি প্ৰতিশ্ৰুতি আগ বঢ়াইছিল।