DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় কৰিব কংগ্ৰেছে : ৰিপুণ বৰা

বিজেপিয়ে লোকৰ মঙহেৰে শকত হ'ব বিচাৰে : ৰিপুণ বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 20, 2019 5:05 pm
Ripun Bora

সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ২০ আগষ্ট, ২০১৯।

5.3k
VIEWS
Share on FacebookShare on Twitter

“বিজেপি দলৰ শেহতীয়া কাৰ্য্যকলাপ দেখি এনেকুৱা লাগিছে যে তেওঁলোকে লোকৰ মঙহেৰে শকত হ’ব বিচাৰিছে।” –আজি প্ৰয়াত প্রধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৫সংখ্যক জন্মজয়ন্তী উপলক্ষে শিল্পগ্ৰামত আয়োজিত এটা অনুষ্ঠানৰ অন্তত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বিজেপিলৈ আৰু হাই প্ৰফাইল নেতা আহিব বুলি কৰা মন্তব্য সম্পৰ্কত বৰাই এইদৰে প্ৰতিক্ৰিয়া কৰিছে।

বৰাই আৰু কয়, “বিজেপি দলৰ কেন্দ্ৰত চৰকাৰ, অসমত চৰকাৰ, পূৰ্ণ জনমত আছে, ইয়াৰ পাছতো তেওঁলোকক কিহৰ কাৰণে লাগে ইমান কংগ্ৰেছৰ মানুহ?”

তাৎপৰ্যপূৰ্ণ ভাৱে তেওঁ “বিজেপিয়ে বিৰোধী দল নিঃশেষ কৰাৰ ষড়যন্ত্ৰত উঠি পৰি লাগিছে” বুলি মন্তব্য কৰি কয়, “ছলে-বলে-কৌশলে বিজেপিয়ে দললৈ মানুহবোৰ নি আছে। কাৰোবাক ভাবুকি দি, কাৰোবাক চি বি আই তদন্তৰ ভয় দেখুৱাই, মিছা গোচৰ জাপি দিয়াৰ ভয় দেখুৱাই, ব্লেক মেইলিং কৰি বহু নেতাক নিছে যদিও এইবোৰ অস্থায়ী।”

বিজেপিত আজিলৈকে দেশৰ বাবে আত্মবলিদান দিয়া মানুহ কোনো নাই বুলি মন্তব্য কৰি লগতে কয়, “আমাৰ কংগ্ৰেছত দেশৰ বাবে আত্মবলিদান দিয়া মানুহ বহুত আছে। মহাত্মা গান্ধী, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে দেশৰ বাবে বলিদান দিছে। বিজেপিত তেনেকুৱা নেতা নাই।”

বিজেপিৰ সৈতে থকা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাক আদৰ্শগত যুদ্ধ আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।

“এইখন আদৰ্শগত যুদ্ধ। গতিকে বিজেপিয়ে যিমান কংগ্ৰেছী নেতা, পালিনেতা আৰু তৃণমুল কৰ্মীক তেওঁলোকৰ দললৈ নিনিয়ক কিয়, কংগ্ৰেছে সদায় আদৰ্শগতভাৱে বিজেপিৰ সৈতে যুজঁ কৰি যাব”, বিজেপিক প্ৰত্যাহ্বান জনাই বৰাই কয়।

আনহাতে, অহা ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় কৰাৰ আশ্বাস প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

“সকলো ৰাইজক শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছো। নাম বাদ পৰা ভাৰতীয়সকল ভীতিগ্ৰস্ত হ’ব নালাগে। প্ৰকৃত ভাৰতীয়ক এন আৰ চিত নামভৰ্তি কৰোৱাৰ ক্ষেত্ৰত সকলো আইনী সহায় প্ৰদেশ কংগ্ৰেছৰ পৰা আগবঢ়োৱা হ’ব”, বৰাই কয়।

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd