NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত দিয়া মহিলাৰ ঋণ মাফকেন্দ্ৰিক ভাষণক তীব্ৰ গৰিহণা অসম প্ৰদেশ কংগ্ৰেছৰ

June 19, 2021 5:29 pm · জাহ্নৱী বৰুৱা
Updated: June 19, 2021 5:39 pm

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত দিয়া মহিলাৰ ঋণ মাফকেন্দ্ৰিক ভাষণক তীব্ৰ গৰিহণা দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যমৰ অধ্যক্ষা ববিতা শৰ্মাই।

বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰক মাথো এক ইভেণ্ট মেনেজমেণ্ট হিচাবে ব্যৱহাৰ কৰিছিল বুলি তেওঁ উল্লেখ কৰি কয় “অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাৰ ক্ষেত্রত ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সন্দৰ্ভত নিৰ্বাচনী সভাত দিয়া তেওঁৰ ভাষণ মাথো এটা “ৰাজনৈতিক বিবৃতি আছিল, কোনো চৰকাৰী বিবৃতি” নহয় বুলি দিয়া মন্তব্য অত্যন্ত নিন্দনীয়।”

আনহাতে তেওঁ পুনৰ কয় “ড০ শৰ্মাই কেৱল ঋণ ৰেহাইক এক আকৰ্ষণীয় নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাবে প্ৰদান কৰাই নহয়, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতো বিধানসভাত আশ্বাস দিছিল যে মহিলাসকলক ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সম্বন্ধে দিয়া প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে ৰক্ষা কৰা হ’ব। কিন্তু সেই প্ৰতিশ্ৰুতি এতিয়া কেনেকৈ মাথো এটা ‘ৰাজনৈতিক বিবৃতি’ হৈ পৰিল? বুলি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি ববিতা শৰ্মাই প্ৰশ্ন কৰে।

তদুপৰি তেওঁ এই প্ৰশ্নও উত্থাপিত কৰে যে ” সেই লাখ লাখ মহিলা ক্ষুদ্ৰ বিত্তীয় ঋণদাতাৰ কি হ’ব যিসকলে নিৰ্বাচনী সভাত বিপুল সংখ্যাত উপস্থিত হৈছিল আৰু তেতিয়াৰ বিত্ত মন্ত্ৰীৰ আশ্বাসক ‘শিলৰ ৰেখা’ বুলি বিশ্বাস কৰিছিল। তেওঁ এই নিৰীহ মহিলাসকলক কিয় কোৱা নাছিল যে ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই ক্ষেত্রত কিছুমান নিৰ্দেশনা প্ৰযোজ্য হ’ব? এতিয়া এই নিৰ্দেশনা সমূহৰ ফলত লাখ লাখ মহিলা এই সুবিধাৰ পৰা বঞ্চিত হব।

দৰাচলতে তেওঁলোকৰ বাবে ঋণ ৰেহাই আছিল এক ‘ঝুমলা’ যিটো তেওঁলোকৰ এজন জ্যেষ্ঠ মন্ত্ৰীয়ে বিখ্যাতভাৱে স্বীকাৰ কৰিছে। অসমৰ মহিলাসকলে সকলো মহিলা ঋণ দাতাক ঋণ মাফ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওলোটা খৰক লৈ বৃহৎ প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে বিজেপিৰ শক্তিশালী মন্ত্ৰীজনৰ নিৰ্বাচনী ভাষণত বিশ্বাস ৰখাৰ বাবে আজি চৰম বিপদত পৰিছে তথা চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাইছে বুলি ববিতা শৰ্মাই উল্লেখ কৰে।

তদুপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দাবী কৰে ৰাজ্য চৰকাৰে মহিলা ঋণ দাতাৰ মুঠ সংখ্যা, চৰকাৰে গ্ৰহণ কৰা বিভিন্ন শ্ৰেণী আৰু নিৰ্দেশনা অনুসৰি কিমান গৰাকী মহিলাই ঋণ ৰেহাই লাভ কৰিবলৈ সক্ষম হ’ব আৰু তেওঁলোকৰ নিৰ্দেশনা অনুসৰি কিমান গৰাকী মহিলাই ঋণ ৰেহাই সুবিধাৰ পৰা বঞ্চিত হব, সেই সন্দৰ্ভত তৎক্ষণাৎ এখন শ্বেতপত্ৰ দাখিল কৰিব লাগে।

Related News