মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাই: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহিলাৰ প্ৰতিবাদ, বিশ্বনাথতো একে দৃশ্য
মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাই দিম বুলি কৈ এতিয়া যেন সংকটত পৰিছে ৰাজ্য চৰকাৰ।
বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা কোনো স্পষ্ট ইংগিত নাপাই ক্ষোভিত হৈ পৰিছে মহিলা সমাজ।
২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে সেই সময়ৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলা সকলৰ মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।
যাৰ বাবে ৰাজ্যৰ মহিলা সকলে হিয়া উজাৰি বিজেপি চৰকাৰক ভোট প্ৰদান কৰি ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিলে।
ৰাজ।কিন্তু ৰাজ্যৰ মহিলা সকলক ঋণ ৰেহায় দিয়া হব বুলি প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত ওলোটা খৰ দিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ।
যাৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যৰ মহিলাসকল চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে।তাৰ সমান্তৰালভাবে বিশ্বনাথতো আজি মাইক্ৰফাইঞ্চৰ ঋণ লোৱা মহিলা সকল একত্ৰিত হৈ চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
বিশ্বনাথৰ কুঁৱৰী গাঁৱত শতাধিক মহিলা ওলাই আহি মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী জনায়।