মানুহৰ তেজ, মগজু, আৰু গৰ্ভৰ পৰা আৰম্ভ কৰি এতিয়া ডিম্বাণু আৰু শুক্ৰাণুতো মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে। এই নতুন তথ্যই বিশ্বজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। প্লাষ্টিক প্ৰদূষণৰ এই ভয়াৱহ প্ৰভাৱে প্ৰশ্ন উত্থাপন কৰিছে যে প্লাষ্টিকৰ কণাৰে জন্ম হ’ব নেকি শিশু?
‘ইউৰোপিয়ান ছ’চাইটি অৱ হিউমেন ৰিপ্ৰডাকচন এণ্ড এম্ব্ৰিঅ’লজী’য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ডিম্বাশয়ৰ ভিতৰত ডিম্বাণুটোক আগুৰি থকা ফোলিকুলাৰ তৰল পদাৰ্থত আৰু শুক্ৰাণুৰ তৰলতো মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে। গৱেষকসকলে ২৯ গৰাকী মহিলাৰ ফোলিকুলাৰ ফ্লুইড আৰু ২২ গৰাকী পুৰুষৰ শুক্ৰাণুৰ তৰল পৰীক্ষা কৰি দেখিছে যে ৬৯ শতাংশ মহিলাৰ ফ’লিকুলাৰ ফ্লুইড আৰু ৫৫ শতাংশ পুৰুষৰ শুক্ৰাণুৰ তৰলত প্লাষ্টিকৰ কণা পৰিলক্ষিত হৈছে। গৱেষকসকলৰ মতে, মাইক্ৰ’প্লাষ্টিক তেজৰ মাধ্যমেৰে প্ৰজনন কোষত প্ৰৱেশ কৰিছে।
বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে যে প্ৰজনন কোষত প্লাষ্টিকৰ উপস্থিতিয়ে ভ্ৰুণ গঠনৰ সময়ত শৰীৰত প্লাষ্টিকৰ প্ৰৱেশ ঘটাব পাৰে। ইতিপূৰ্বে নেদাৰলেণ্ডৰ বিজ্ঞানীসকলে উল্লেখ কৰিছিল যে মানুহৰ তেজত মাইক্ৰ’প্লাষ্টিকৰ পৰিমাণ আতংকজনক হাৰত বৃদ্ধি পাইছে। তেজত প্লাষ্টিক প্ৰৱেশ কৰিলে ই বিভিন্ন অংগত সহজে প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত জটিল আৰু মাৰাত্মক ৰোগৰ সম্ভাৱনা বাঢ়ে।
বিশেষকৈ শিশুসকল এই প্লাষ্টিক প্ৰদূষণৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। গৱেষণা অনুসৰি, প্ৰাপ্তবয়স্কৰ তুলনাত শিশুৰ শৰীৰত প্ৰায় দহগুণ বেছি মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে। পানীৰ বটল, খাদ্যৰ পেকেট, গাখীৰৰ পেকেট, ফেচ ৱাছ, প্ৰসাধন সামগ্ৰী, আনকি জীৱন ৰক্ষাকাৰী ঔষধৰ পাত্ৰতো প্লাষ্টিকৰ ব্যৱহাৰে এই সমস্যা বৃদ্ধি কৰিছে। পানীৰ বটলত লাখ লাখ প্লাষ্টিকৰ গুড়ি থাকে, যিয়ে সহজে শৰীৰত প্ৰৱেশ কৰে।
বিজ্ঞানীসকলে সকীয়াই দিছে যে যদি প্লাষ্টিকৰ ব্যৱহাৰ এতিয়া বন্ধ নকৰা হয়, তেন্তে ২০৪০ চনৰ ভিতৰত বিশ্বৰ প্লাষ্টিক আৱৰ্জনা প্ৰায় দুগুণ হ’ব। তেজত মাইক্ৰ’প্লাষ্টিকৰ প্ৰৱেশে ইনচুলিন নিঃসৰণত প্ৰভাৱ পেলায়, যাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা বাঢ়ে। ইয়াৰ উপৰি, হৰম’নৰ ভাৰসাম্যতো পৰিৱৰ্তন আনে, যাৰ ফলত প্ৰজনন প্ৰক্ৰিয়াত ব্যাঘাত আৰু বন্ধ্যাত্বৰ সমস্যা বৃদ্ধি পায়। শিশুৰ জন্মৰ সময়ত জটিল ৰোগৰ সম্ভাৱনাও বাঢ়িছে। এই পৰিস্থিতিয়ে প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে জৰুৰী পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।