• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2025 6:30 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহৰ তেজ, মগজু, আৰু গৰ্ভৰ পৰা আৰম্ভ কৰি এতিয়া ডিম্বাণু আৰু শুক্ৰাণুতো মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে। এই নতুন তথ্যই বিশ্বজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। প্লাষ্টিক প্ৰদূষণৰ এই ভয়াৱহ প্ৰভাৱে প্ৰশ্ন উত্থাপন কৰিছে যে প্লাষ্টিকৰ কণাৰে জন্ম হ’ব নেকি শিশু?

‘ইউৰোপিয়ান ছ’চাইটি অৱ হিউমেন ৰিপ্ৰডাকচন এণ্ড এম্ব্ৰিঅ’লজী’য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ডিম্বাশয়ৰ ভিতৰত ডিম্বাণুটোক আগুৰি থকা ফোলিকুলাৰ তৰল পদাৰ্থত আৰু শুক্ৰাণুৰ তৰলতো মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে। গৱেষকসকলে ২৯ গৰাকী মহিলাৰ ফোলিকুলাৰ ফ্লুইড আৰু ২২ গৰাকী পুৰুষৰ শুক্ৰাণুৰ তৰল পৰীক্ষা কৰি দেখিছে যে ৬৯ শতাংশ মহিলাৰ ফ’লিকুলাৰ ফ্লুইড আৰু ৫৫ শতাংশ পুৰুষৰ শুক্ৰাণুৰ তৰলত প্লাষ্টিকৰ কণা পৰিলক্ষিত হৈছে। গৱেষকসকলৰ মতে, মাইক্ৰ’প্লাষ্টিক তেজৰ মাধ্যমেৰে প্ৰজনন কোষত প্ৰৱেশ কৰিছে।

Apply Now

বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে যে প্ৰজনন কোষত প্লাষ্টিকৰ উপস্থিতিয়ে ভ্ৰুণ গঠনৰ সময়ত শৰীৰত প্লাষ্টিকৰ প্ৰৱেশ ঘটাব পাৰে। ইতিপূৰ্বে নেদাৰলেণ্ডৰ বিজ্ঞানীসকলে উল্লেখ কৰিছিল যে মানুহৰ তেজত মাইক্ৰ’প্লাষ্টিকৰ পৰিমাণ আতংকজনক হাৰত বৃদ্ধি পাইছে। তেজত প্লাষ্টিক প্ৰৱেশ কৰিলে ই বিভিন্ন অংগত সহজে প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত জটিল আৰু মাৰাত্মক ৰোগৰ সম্ভাৱনা বাঢ়ে।

বিশেষকৈ শিশুসকল এই প্লাষ্টিক প্ৰদূষণৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। গৱেষণা অনুসৰি, প্ৰাপ্তবয়স্কৰ তুলনাত শিশুৰ শৰীৰত প্ৰায় দহগুণ বেছি মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে। পানীৰ বটল, খাদ্যৰ পেকেট, গাখীৰৰ পেকেট, ফেচ ৱাছ, প্ৰসাধন সামগ্ৰী, আনকি জীৱন ৰক্ষাকাৰী ঔষধৰ পাত্ৰতো প্লাষ্টিকৰ ব্যৱহাৰে এই সমস্যা বৃদ্ধি কৰিছে। পানীৰ বটলত লাখ লাখ প্লাষ্টিকৰ গুড়ি থাকে, যিয়ে সহজে শৰীৰত প্ৰৱেশ কৰে।

বিজ্ঞানীসকলে সকীয়াই দিছে যে যদি প্লাষ্টিকৰ ব্যৱহাৰ এতিয়া বন্ধ নকৰা হয়, তেন্তে ২০৪০ চনৰ ভিতৰত বিশ্বৰ প্লাষ্টিক আৱৰ্জনা প্ৰায় দুগুণ হ’ব। তেজত মাইক্ৰ’প্লাষ্টিকৰ প্ৰৱেশে ইনচুলিন নিঃসৰণত প্ৰভাৱ পেলায়, যাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা বাঢ়ে। ইয়াৰ উপৰি, হৰম’নৰ ভাৰসাম্যতো পৰিৱৰ্তন আনে, যাৰ ফলত প্ৰজনন প্ৰক্ৰিয়াত ব্যাঘাত আৰু বন্ধ্যাত্বৰ সমস্যা বৃদ্ধি পায়। শিশুৰ জন্মৰ সময়ত জটিল ৰোগৰ সম্ভাৱনাও বাঢ়িছে। এই পৰিস্থিতিয়ে প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে জৰুৰী পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd