• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্ণাটকত আৱদ্ধ নথি,পৰিচয় পত্ৰ নোহোৱা অসমৰ প্ৰব্ৰজিত শ্ৰমিক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2020 8:57 pm
Kodagu_id_check

কৰ্ণাটকৰ কডাগুত আৱদ্ধ অসমৰ শ্ৰমিক। ফটো: নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ কডাগুত বিশেষকৈ কফি বাগানত নিযুক্ত প্ৰায় হাজাৰ সংখ্যক অসম তথা বেংগলৰ পৰা প্ৰব্ৰজিত শ্ৰমিকক পৰিচয় পৰীক্ষাৰ বাবে জিলাখনৰ তিনিটা কেন্দ্ৰত আৱদ্ধ কৰি ৰখা হৈছে।

আৰক্ষীয়ে বৃহস্পতিবাৰে জিলাখনৰ মাডিকেৰি, ৱিৰাজপেট আৰু কুশলনগৰ চহৰৰ কেন্দ্ৰত শ্ৰমিকসকলক ৰাখিছে।

নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি, কডাগুৰ আৰক্ষী অধীক্ষক ড০ সুমন ডি পান্নেকৰৰ নিৰ্দেশত জিলাখনৰ আৰক্ষীয়ে কফি খেতিয়কসকলক প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক তেওঁলোকৰ নথিৰ সৈতে সংশ্লিষ্ট আৰক্ষী থানাত বৃহস্পতিবাৰে পুৱা উপস্থিত হ’বলৈ কয়।

ইয়াৰ পাছতে শ্ৰমিকসকলক কেন্দ্ৰসমূহলৈ লৈ যোৱা হয়। সন্ধিয়ালৈকে তথ্য পৰীক্ষণ চলি থাকে। ৰাতিপুৱাৰ ভাগত সংবাদ মাধ্যমৰ লোককো প্ৰৱেশ কৰিব দিয়া হোৱা নাছিল যদিও বিয়লি ভিৰ কমি যোৱাৰ পাছত অনুমতি দিয়ে।

শ্ৰমিকসকলৰ বেছিভাগেই অসম আৰু পশ্চিমবংগৰ আছিল আৰু তেওঁলোকক আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ দৰে পৰিচয় পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয়।

শ্ৰমিকসকলৰ বেছিভাগে কফি বাগানত কাম কৰা হোৱাৰ লগতে আন কিছুমান নিৰ্মাণ কোম্পানী আৰু ৰিছ’ৰ্টতো কাম কৰি থকা শ্ৰমিক আছে।

বাতৰি অনুসৰি, ৫,০০০তকৈয়ো অধিক প্ৰব্ৰজিত শ্ৰমিকৰ পৰিচয় পত্ৰ পৰীক্ষা কৰা হয়। তাৰ ভিতৰত প্ৰায় ৫০০জনে প্ৰয়োজনীয় নথি দেখুৱাব নোৱাৰিলে। এই ৫০০ শ্ৰমিকে কাম কৰা বাগানৰ মালিকক মূল প্ৰমান পত্ৰ সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। তদুপৰি, এই অপৰীক্ষিত শ্ৰমিকসকলক ওভতাই নপঠিয়াবলৈকো নিৰ্দেশ দিয়া হৈছে।

ইপিনে আৰক্ষী অধীক্ষকে এই পৰীক্ষণ প্ৰক্ৰিয়া বিতৰ্কিত এন আৰ চি বা ‘কা’ৰ সৈতে সম্পৰ্ক নাই বুলি জানিব দি কয় যে এই সন্দৰ্ভত চৰকাৰৰ পৰা তেওঁ কোনো নিৰ্দেশ লাভ কৰা নাই। এয়া অপৰাধ নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি কৰা পৰীক্ষণ প্ৰক্ৰিয়াহে।

তেওঁ কয় যে গোনিকপ্পালত কফি বাগানত সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ থকাৰ খৱৰৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰক্ৰিয়াৰ নিৰ্দেশ দিয়া হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd