NORTHEAST NOW (Assamese)

কৰ্ণাটকত আৱদ্ধ নথি,পৰিচয় পত্ৰ নোহোৱা অসমৰ প্ৰব্ৰজিত শ্ৰমিক

January 24, 2020 8:57 pm · এন ই নাও নিউজ
কৰ্ণাটকৰ কডাগুত আৱদ্ধ অসমৰ শ্ৰমিক। ফটো: নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

কৰ্ণাটকৰ কডাগুত বিশেষকৈ কফি বাগানত নিযুক্ত প্ৰায় হাজাৰ সংখ্যক অসম তথা বেংগলৰ পৰা প্ৰব্ৰজিত শ্ৰমিকক পৰিচয় পৰীক্ষাৰ বাবে জিলাখনৰ তিনিটা কেন্দ্ৰত আৱদ্ধ কৰি ৰখা হৈছে।

আৰক্ষীয়ে বৃহস্পতিবাৰে জিলাখনৰ মাডিকেৰি, ৱিৰাজপেট আৰু কুশলনগৰ চহৰৰ কেন্দ্ৰত শ্ৰমিকসকলক ৰাখিছে।

নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি, কডাগুৰ আৰক্ষী অধীক্ষক ড০ সুমন ডি পান্নেকৰৰ নিৰ্দেশত জিলাখনৰ আৰক্ষীয়ে কফি খেতিয়কসকলক প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক তেওঁলোকৰ নথিৰ সৈতে সংশ্লিষ্ট আৰক্ষী থানাত বৃহস্পতিবাৰে পুৱা উপস্থিত হ’বলৈ কয়।

ইয়াৰ পাছতে শ্ৰমিকসকলক কেন্দ্ৰসমূহলৈ লৈ যোৱা হয়। সন্ধিয়ালৈকে তথ্য পৰীক্ষণ চলি থাকে। ৰাতিপুৱাৰ ভাগত সংবাদ মাধ্যমৰ লোককো প্ৰৱেশ কৰিব দিয়া হোৱা নাছিল যদিও বিয়লি ভিৰ কমি যোৱাৰ পাছত অনুমতি দিয়ে।

শ্ৰমিকসকলৰ বেছিভাগেই অসম আৰু পশ্চিমবংগৰ আছিল আৰু তেওঁলোকক আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ দৰে পৰিচয় পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয়।

শ্ৰমিকসকলৰ বেছিভাগে কফি বাগানত কাম কৰা হোৱাৰ লগতে আন কিছুমান নিৰ্মাণ কোম্পানী আৰু ৰিছ’ৰ্টতো কাম কৰি থকা শ্ৰমিক আছে।

বাতৰি অনুসৰি, ৫,০০০তকৈয়ো অধিক প্ৰব্ৰজিত শ্ৰমিকৰ পৰিচয় পত্ৰ পৰীক্ষা কৰা হয়। তাৰ ভিতৰত প্ৰায় ৫০০জনে প্ৰয়োজনীয় নথি দেখুৱাব নোৱাৰিলে। এই ৫০০ শ্ৰমিকে কাম কৰা বাগানৰ মালিকক মূল প্ৰমান পত্ৰ সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। তদুপৰি, এই অপৰীক্ষিত শ্ৰমিকসকলক ওভতাই নপঠিয়াবলৈকো নিৰ্দেশ দিয়া হৈছে।

ইপিনে আৰক্ষী অধীক্ষকে এই পৰীক্ষণ প্ৰক্ৰিয়া বিতৰ্কিত এন আৰ চি বা ‘কা’ৰ সৈতে সম্পৰ্ক নাই বুলি জানিব দি কয় যে এই সন্দৰ্ভত চৰকাৰৰ পৰা তেওঁ কোনো নিৰ্দেশ লাভ কৰা নাই। এয়া অপৰাধ নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি কৰা পৰীক্ষণ প্ৰক্ৰিয়াহে।

তেওঁ কয় যে গোনিকপ্পালত কফি বাগানত সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ থকাৰ খৱৰৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰক্ৰিয়াৰ নিৰ্দেশ দিয়া হৈছিল।

Related News