• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পূজা, খ্ৰীষ্টমাছ, নতুন বৰ্ষ আৰু ভোগালীৰ আনন্দ গ’ল, তথাপি আৰম্ভ নহ’ল গুৱাহাটীৰ ৰ’পৱে সেৱা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 24, 2020 8:34 pm
Guwahati rope way

গুৱাহাটী ৰ'পৱে সেৱা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ বৰ্ষৰ দুৰ্গা পূজা গ’ল, খ্ৰীষ্টমাছ পাৰ গৈ গ’ল, নতুন বছৰৰ উল্লাস আৰু ভোগালীৰ ভোগৰ আনন্দ উপভোগ কৰিলে মহানগৰবাসীয়ে। বাতৰিত দুৰ্গাপুজাৰ প্ৰসংগ এইবাবেই উল্লেখ কৰিছো কিয়নো যোৱাবছৰ দুৰ্গা পূজাৰ সময়তেই দেশৰ ভিতৰতে দীৰ্ঘতম ৰ’পৱে’ৰ সেৱা ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি আমাৰ সাংবাদিকক জানিবলৈ দিছিল গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষৰ মুখ্য কাৰ্য্যবাহী বিষয়া মলয় বৰুৱাই।

‘টাৱাৰৰ কাম আৰু লিফ্টৰ কাম চলি আছে। অহা চেপ্তেম্বৰ নাইবা অক্টোবৰৰ ভিতৰত অৰ্থাৎ দুৰ্গা পূজাৰ সময়তে ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰি দিয়া হ’ব,’ নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত বৰাই এইদৰে কৈছিল।

Apply Now

কিন্তু যোৱাবৰ্ষৰ জুন মাহতে বৰাই কৰা এই ঘোষণাৰ পাছতো বৰ্তমান পৰ্য্যন্ত ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰি দিয়া নহ’ল ৰ’পৱে’ৰ সেৱা।

ইতিমধ্যে, এই ৰ’পৱে নিৰ্মাণৰ দায়িত্বত থকা কলিকতাৰ ‘সমীৰ দামোদৰ ৰ’পৱেজ প্ৰাইভেট লিমিটেডে’ যোৱা এমাহ পূৰ্বেই নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লগতে যাত্ৰী কঢ়িওৱাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থাৰে পৰীক্ষণ সম্পূৰ্ণ কৰিলে।

আনকি কোম্পানীটোৱে সুৰক্ষা পৰীক্ষণ প্ৰমাণপত্ৰ ইতিমধ্যে লাভ কৰা বুলি এক সুত্ৰই জানিবলৈ দিয়ে।

কিন্তু ইমানৰ পাছতো কিয় স্তব্ধ হৈ ৰৈছে ৰাইজৰ বাবে উপলব্ধ হ’বলগীয়া এই কোটিটকীয়া প্ৰকল্পৰ শুভাৰম্ভণি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমাৰ সাংবাদিক উপস্থিত হৈছিল ভঙাগড়স্থিত জিএমডিএৰ কাৰ্য্যালয়ত।

ইয়াৰ নিৰ্মাণৰ দায়িত্বত থকা জিএমডিএৰ অভিযন্তা মণ্টু বৰাৰ পৰা এই তথ্য জানিব পাৰিম বুলি ‘সমীৰ দামোদৰ ৰ’পৱেজ’ৰ চুপাৰভাইজৰে আমাক জানিবলৈ দিছিল। সেয়েহে তেওঁক কাৰ্য্যালয়ত বিচৰাত কাৰ্য্যালয়ৰ এগৰাকী বিষয়াই মণ্টু বৰা বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যস্ত থকা বুলি কয়।

বিষয়াগৰাকীয়ে লগতে কয় যে এই বিষয়ে জানিবলৈ হ’লে ৭ ফেব্ৰুৱাৰিলৈকে অপেক্ষা কৰিব লাগিব কিয়নো তেওঁ কাৰ্য্যালয়ত ৭ ফেব্ৰুৱাৰিতহে যোগদান কৰিব।

ইপিনে, গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে’ নিৰ্মাণৰ বাবে ২০০৬ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ২০০৯ চনৰ ৪ ডিচেম্বৰত তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল। তাৰ পাছত ৰ’পৱে’ নিৰ্মাণৰ কাম চৰকাৰী অৱহেলাত কেইবাবছৰ ধৰি বন্ধ হৈ পৰি থকাৰ পিছত ২০১৭ চনৰ পৰা পুনৰ কাম আৰম্ভ হয়।

এক সূত্ৰৰ পৰা জানিব পৰা মতে দামোদৰ ৰ’পৱে’ নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰি থকা ৰ’পৱে’ৰ গম্বুজ স্থাপনৰ কাম চলি থকাৰ সময়তে নদীৰ মাজত নিৰ্মাণ কৰি থকা এটা গম্বুছ কাৰিকৰী ভুলৰ বাবে নিৰ্মীয়মান অৱস্থাত হালি পৰাত ইয়াক ঠিক কৰাৰ বাবে ওচৰৰে ‘উৰ্বশী’ নামেৰে পৰিচিত শিলাখণ্ডত ৰছী সংযোগ কৰা হৈছিল, কিন্তু প্ৰত্নতত্ব বিভাগে শিলাখণ্ডটোক ৰ’পৱে’ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰাত বাধা আৰোপ কৰে। ফলস্বৰূপে ২০১১ চনৰ ফেব্ৰুবাৰিৰ পৰা ৰজ্জুপথ নিৰ্মাণৰ কাম বন্ধ হৈ পৰে।

পিছত মহানগৰ উন্নয়ন প্ৰাধিকৰণে উৰ্বশী শিলাখণ্ডৰ পৰা নিৰ্দিষ্ট দূৰত্বত বিকল্প গম্বুজ নিৰ্মাণৰ প্ৰস্তাৱ দিয়ে।

অৱশ্যে বিভিন্ন পৰ্য্যালোচনা আৰু নিৰীক্ষণ আদিৰ পিছত ২০১৫ চনৰ এপ্ৰিলত ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন প্ৰাধিকৰণে উৰ্বশী শিলাখণ্ডৰ ক্ষতি নকৰাকৈ ৰ’পৱে’ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ পুনৰ অনুমতি দিয়ে যদিও নিৰ্মাণকাৰী সংস্থাই তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰক অতিৰিক্তকৈ ২৭ কোটি টকা বিচাৰি আৱেদন কৰিছিল যদিও ৰাজ্য চৰকাৰখনে কোনো গুৰুত্ব নিদিয়াত ইয়াৰ নিৰ্মাণৰ কাম বন্ধ হৈ পৰে।

অৱশ্যে পিছত বিজেপি মিত্ৰজোঁট চৰকাৰখনে নিৰ্মাণৰ বাকী কামৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত ধনৰ অনুমোদন দিয়াত ২০১৭ চনৰ পৰা ৰজ্জুপথ নিৰ্মাণৰ কাম পুনৰ কাম আৰম্ভ হয়।

নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পাছতো বৰ্তমানলৈকে জনসাধাৰণৰ যাতায়তৰ বাবে এই পথ মুকলি নোহোৱাত বাৰুকৈয়ে প্ৰশ্ন উত্থাপিত হয় যে নিৰ্মাণ সম্পূৰ্ণ যদিও অহা দুৰ্গা পূজাতহে মহানগৰবাসীয়ে পাব নেকি দেশৰ ভিতৰতে দীৰ্ঘতম ৰ’পৱেৰ সোৱাদ?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd