NORTHEAST NOW (Assamese)

পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত হাকামা বিল: অৰণ্য সুৰক্ষা সমিতিৰ আদৰণি উৎসৱৰ প্ৰস্তুতি

November 30, 2022 12:48 pm · তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা চহৰৰ হাকামবিললৈ এই বেলিও আহিছে পৰিভ্ৰমী পক্ষীৰ জাক। উল্লেখযোগ্য যে হাকামা বিলক পক্ষীনিৱেশ ৰূপে ঘোষণা কৰাৰ বাবে অৰণ্য সুৰক্ষা সমিতি অসমে দাবী জনাই আহিছে। সমিতিৰ আহ্বান মৰ্মে হাকামাবাসী ৰাইজে হাকামা বিল পক্ষী অভয়াৰণ্য দাবী সমিতিও গঠন কৰিছিল।

গছ বিহু ,পক্ষী আদৰণি উৎসৱ, পৰিৱেশ দিৱস,জলাশয় দিৱস,মুকলি পানীত মাছৰ পোণা মেলা আদি কাৰ্যসূচীৰে সমিতিয়ে হাকামা বিলপৰীয়া ৰাইজৰ লগতে বৃহত্তৰ বিলাসীপাৰা অঞ্চলত প্ৰকৃতি সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। ইতিমধ্যে সমিতিৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বন বিভাগে ইয়াৰ জৰীপ কাৰ্য সম্পন্ন কৰিছে আৰু ইয়াত পৰিৱেশ পৰ্যটনৰ আঁচনি লৈ চৰকাৰে বাট পথ আদিৰ উন্নয়নৰ প্ৰক্ৰিয়াও চলাই আছে।

অৰণ্য সুৰক্ষা সমিতি অসমে হাকামা বিলক অনতি পলমে পক্ষী তথা মীন অভয়াৰণ্য ৰূপে আনুষ্ঠানিক ভাৱে ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে। আনহাতে সমিতিয়ে প্ৰতি বছৰৰ দৰে এইবেলিও হাকামা বিলৰ পাৰত পখী আদৰণি উৎসৱ পাতিবলৈ যো জা চলাই আছে বুলি অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড০হৰিচৰণ দাসে জানিবলৈ দিছে।

Related News