• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্ণাটকত খনি মাফিয়াক আদৰণি বিজেপিৰ; তেওঁৰ ৯টা দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰি আছে চিবিআইয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2024 9:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিজেপিত গ’লেই সকলো মাফ’, ‘সকলো দুৰ্নীতিবাজ বিজেপিত গ’লেই ৱাশ্বিং মেচিনত নিকা হৈ পৰে’, ৰাজনীতিত গেৰুৱা শিবিৰক লৈ এনে ধৰণৰ কটুক্তি অতি পৰিচিত। দেশৰ শাসকীয় দলটো যিটো কাৰণত ইমান চৰ্চিত তাৰ এক উদাহৰণ সোমবাৰে কৰ্ণাটকত প্ৰতিষ্ঠা হ’ল।

ৰাজ্যিক বিজেপিত প্ৰত্যাৱৰ্তন ঘটিছে ঘটিছে বাল্লাৰীৰ গালি জনাৰ্দন ৰেড্ডীৰ। সোমবাৰে দৌল পূৰ্ণিমা উদযাপনৰ মাজতে তেওঁক বিজেপিয়ে ঘৰলৈ ওভতাই আনিছে।

ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে যে ৪০০ আসন দখলৰ স্বাৰ্থতে  বিজেপিয়ে প্ৰাৰ্থী নিৰ্বাচনত কোনো বাচ-বিচাৰ নকৰে! বিশেষকৈ গালি জনাৰ্দন ৰেড্ডী আৰু তেওঁৰ ভাতৃক ইয়াৰ পূৰ্বে দুবাৰকৈ গেৰুৱা শিবিৰে দলত ল’বলৈ অস্বীকাৰ কৰিছিল।

লগতে পঢ়কঃ IPL 2024: মুখৰ কথা নহয়! টী-২০ত হাফ চেঞ্চুৰীৰ চেঞ্চুৰী, কোহলীৰ ‘বিৰাট’ অভিলেখ; বেংগালুৰুৰ হাতত পৰাস্ত পঞ্জাৱ

এই ব্যক্তিজনক লৈ বিতৰ্ক ক’ত? বিজেপিৰ সূত্ৰ অনুসৰি, গালি জনাৰ্দন ৰেড্ডীৰ বিৰুদ্ধে ৯টা কেলেংকাৰিৰ গোচৰৰ তদন্ত কৰি আছে চিবিআইয়ে। বৰ্তমান তেওঁ জামিনত মুকলি হৈ আছে। সেই সকলোবোৰ গোচৰ বল্লাৰীৰ খনিৰ পৰা কয়লা আৰু অন্যান্য খনিজ সম্পদৰ অবৈধ নিষ্কাশন আৰু বিক্ৰীৰ সৈতে জড়িত।

অভিযোগ অনুসৰি, চিবিআইয়ে তেওঁলোকৰ এখন চাৰ্জশ্বীটত ৰেড্ডী ভাতৃক মাফিয়া চৰ্দাৰ হিচাপে নাম উল্লেখ কৰিছে।

সোমবাৰে বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলৰ সংসদীয় ব’ৰ্ডৰ জ্যেষ্ঠ সদস্য বি এছ য়াদুৰাপ্পাৰ উপস্থিতিত ৰেড্ডী ভাতৃদ্বয়ক দলত পুনৰ ঘুৰাই অনা হয়।

লগতে পঢ়কঃ জলসংকট! পানীৰ অপব্যৱহাৰৰ বাবে ২২ টা পৰিয়ালক জৰিমনা প্ৰশাসনৰ

বিগত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শেট্টৰে দল ত্যাগ কৰি কংগ্ৰেছলৈ গৈছিল। ভুল স্বীকাৰ কৰি তেওঁ এইবাৰ নিজৰ পুৰণি দললৈ উভতি আহিছে। দলত্যাগৰ অপৰাধ ক্ষমা কৰি দি বিজেপিয়ে এতিয়া তেওঁক বেলগাভি সমষ্টিত টিকট দিছে।

গালি জনাৰ্দন ৰেড্ডী এসময়ত বিজেপিৰ এজন প্ৰভাৱশালী নেতা তথা মন্ত্ৰী আছিল। মাফিয়া কামকাজত জড়িত থকাৰ অভিযোগত দলটোৱে তেওঁৰ পৰা দূৰত্ব বজাই ৰাখিছিল।

যোৱা বছৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ পুনৰ বিজেপিলৈ ঘূৰি আহিব বিচাৰে। কিন্তু গেৰুৱা শিবিৰৰ সন্মতি নোপোৱাত এইজন মাফিয়া নেতাই ৰাতিটোৰ ভিতৰতে কল্যাণৰাজ প্ৰগ্ৰেছিভ পাৰ্টি গঠন কৰি বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়ে। নিজৰ আসনত তেওঁ জিকিও যায়।

লগতে পঢ়কঃ কুখ্যাত মাফিয়া বীৰপ্পনক মনত আছেনে ? লোকসভা নিৰ্বাচনত থিয় হ’ব বীৰপ্পনৰ কন্যা বিদ্যা ৰাণী

নিজৰ পুৰণি দললৈ উভতি আহি সোমবাৰে ৰেড্ডীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈয়েই তেওঁ এই সিদ্ধান্ত থৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd