• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে ধুবুৰীত মন্ত্ৰী অজন্তা নেওগ,পৰীক্ষাৰ সংখ্যা বৃদ্ধিত গুৰুত্ব

মুকেশ সিং by মুকেশ সিং
May 13, 2021 8:14 pm
ajanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি ধুবুৰী জিলাৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷

আজি দুপৰীয়া ধুবুৰীত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী গৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কেবাজনো জনপ্ৰতিনিধি, জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাসহ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতত জিলাখনৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷

জিলা উপায়ক্ত আৰু স্বাস্থ্য বিভাগৰ ধুবুৰী জিলাৰ যুটীয়া সঞ্চালকে সভাত ধুবুৰীৰ কোভিড পৰিস্থিতি আৰু কোভিড চিকিৎসাৰ আন্তঃগাথনিৰ ব্যাখ্যা আগবঢ়ায়৷ ধুবুৰীত আই চি ইউ বিচনাৰ ব্যৱস্থা নথকা, চিকিৎসক- স্বাস্থ্যকৰ্মীৰ নাটনি, জিলাখনলৈ পৰ্যাপ্ত কোভিড প্ৰতিষেধকৰ যোগান, গ্লোভছ, পি পি ই কিট আদি পৰ্যাপ্ত পৰিমাণে যোগান ধৰাৰ বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক অৱগত কৰি প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব বুলি জিলাখনৰ কোভিড পৰিস্থিতি পৰ্যবেক্ষণৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে সভাত মন্তব্য কৰে৷

তেওঁ ধুবুৰীত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঠনি কোভিড চিকিৎসাত ব্যৱহাৰ কৰাৰ পোষকতা কৰে৷ তেওঁ কয় যে যোৱা ১২ মে’ৰ পৰা ধুবুৰীত কোভিড পজিটিভৰ হাৰ ৭ শতাংশ হৈছে আৰু এয়া অতি উদ্বেগজনক৷

কোভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে মন্ত্ৰী অজন্তা নেওগে৷ কোভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে নিৰ্ধাৰণ কৰা বাধা-নিষেধ কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে৷

তেওঁ কয়-‘কোভিডক লৈ আতংকিত হ’ব নালাগে৷ কিন্তু সাৱধান হোৱাৰ বাহিৰে ইয়াক প্ৰতিৰোধ কৰাৰ আন উপায় নাই৷’ মন্ত্ৰীগৰাকীয়ে প্ৰতিদিনে ধুবুৰীৰ কোভিড পৰিস্থিতিৰ শেহতীয়া খবৰ তেওঁক অৱগত কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনায়৷ কোভিড নিয়ন্ত্ৰণত জড়িত বিষয়াসকলক তেওঁলোকে সন্মুখীন হোৱা যিকোনো অসুবিধা বা পৰামৰ্শ দ্বিধাহীন ভাৱে যিকোনো সময়ত ফোনযোগে অৱগত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷

বৈঠকত উপস্থিত থাকে গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামচুল হুদা, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, অশ্বিনী ৰায় সৰকাৰ প্ৰমুখ্যে কেবাজনো বৰ্তমান আৰু পূৰ্বৰ জনপ্ৰতিনিধি৷ তেওঁলোকক ৰাইজৰ মাজত সজাগতা সৃষ্টিত বিশেষ ভূমিকা লবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷

পৰ্যালোচনা বৈঠকত জিলা উন্নয়ণ আয়ুক্ত বনশ্ৰী নাথ, অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰ, ধ্ৰুৱজ্যোতি দাস, মৃদুল যাদৱ প্ৰমুখ্যে কেবাজনো বিষয়া উপস্থিত থাকে৷ পৰ্যালোচনা বৈঠকৰ পিছতে মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰে৷

তেওঁ সাংবাদিকসকলক কোভিড সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিত লোৱা ভূমিকাৰ বাবে ধন্যবাদ জনায় আৰু ভৱিষ্যতেও এই দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনায়৷

মন্ত্ৰীগৰাকীয়ে ধুবুৰী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি তাত কোভিডৰ চিকিৎসাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়৷

মুকেশ সিং

মুকেশ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd