NORTHEAST NOW (Assamese)

এজন মিছলীয়া বিধায়কে চলাইছে বোকাখাত সমষ্টি!

July 9, 2023 6:44 pm · উত্তম কুমাৰ শৰ্মা

বাৰে বাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো  সুচল যাতায়ত লাভ নকৰিলে মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ এটা বৃহৎ বানবিধ্বস্ত অঞ্চলৰ ৰাইজে। ফলত বিধ্বস্ত পথটোৰ বাবেই প্ৰতি বছৰে  জ্বলাকলা খাই আহিছে অঞ্চলবাসীয়ে।

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ চিনাকান চাৰিআলিৰ পৰা কুৰুৱাবাহী সত্ৰ সংযোগী তথা ৰঙাগড়া গাঁৱৰ মাজেৰে যোৱা ধনশিৰি নদীৰ বানপানী প্ৰতিৰোধী ঐতিহাসিক মথাউৰিটোৰ ওপৰেদি দৈনিক যাতায়ত কৰা গাঁৱবাসীয়ে বাৰম্বাৰ অভিযোগৰ কৰাৰ পিছতো আজি পৰ্যন্ত মেৰামতি কৰা নহ’ল গুৰুত্বপূৰ্ণ পথচোৱা।

মন্ত্ৰী গৰাকীৰ দুটাকৈ কাৰ্যকালত ৰাইজৰ অভিযোগৰ প্ৰতি সাধাৰণ দৃষ্টিপাতো নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। ফলত সাধাৰণ পথচাৰীৰ পৰা প্ৰসূতি, ৰোগী আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা একপ্ৰকাৰে যমৰ যন্ত্ৰণা ভুগি থাকিবলগীয়া হৈছে।

যাৰবাবে শনিবাৰে শাসনাধিষ্ঠ বিজেপি চৰকাৰ  তথা  বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ক্ষোভ উজাৰিলে অনুসূচিত জাতি ছাত্ৰ সন্থা, গোলাঘাট জিলা সমিতিৰ লগতে স্থানীয় ৰাইজে। 

তীব্ৰ সাম্প্ৰদায়িক আৰু বৰ্ণবাদী চৰকাৰৰ পৰিচয় দিয়া বিজেপি চৰকাৰে কেৱল অনুসূচীত জাতি অধ্যুষিত অঞ্চল হোৱাৰ বাবেই বিধ্বস্ত পথটোৰ মেৰামতিৰ লগতে অঞ্চলটোৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অনুসূচীত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট সমিতিৰ উপ সভাপতি ৰাহুল দাসৰ লগতে দুসুঁতীমুখ দেবীথান নাককাটি আঞ্চলিক সমিতিৰ সভাপতি প্ৰাঞ্জল দাসে।

উল্লেখযোগ্য যে বিগত বিধান সভা নিৰ্বাচনৰ সময়ত স্থানীয় নেতা পালিনেতাৰ উপস্থিতিত বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰাই দিয়া প্ৰতিশ্ৰুতি পালনত কিয় ব্যৰ্থ হ’ল বুলিও প্ৰশ্ন কৰে স্থানীয় ভুক্তভোগী ৰাইজে।

ইফালে প্ৰতিবাদী স্থানীয় ৰাইজ আৰু অনুসূচীত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে অতি শীঘ্ৰে পথচোৱাৰ মেৰামতি কৰি যাতায়তৰ সুচল কৰি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু মন্ত্ৰী অতুল বৰাক দাবী জনাইছে অন্যথা আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়াৰ লগতে তীব্ৰ গণতান্ত্ৰিক অন্দোলনৰ মুখামুখি হ’বলৈ সাজু থাকিবলৈ সতৰ্ক কৰি দিছে স্থানীয় বিধায়ক-মন্ত্ৰী অতুল বৰাক।

আনহাতে ২০২২ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত ভয়ংকৰ শিলাবৃষ্টিৰ বলি হৈছিল উক্ত অঞ্চলৰ কৃষক ৰাইজ। কিন্তু ক্ষতিগ্ৰস্ত কৃষকৰ কৃষি পথাৰত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই তাৎক্ষণিক ভাৱে ক্ষতিপূৰণ আদায় দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিও আজিৰ তাৰিখলৈকে কোনো ধৰণৰ ক্ষতিপূৰণ প্ৰদান নকৰাত এজন মিছলীয়া বিধায়কে সমষ্টি চলাইছে নেকি বুলিও প্ৰশ্ন কৰে অঞ্চলটোৰ ভুক্তভোগী কৃষক ৰাইজে।

Related News