গৰুখুঁটিৰ হিংসাত্মক ঘটনাৰ আঁৰত কংগ্ৰেছ-এআইইউডিএফৰো উচটনি থাকিব পাৰে : অতুল বৰা

'আইন হাতত তুলি ললে চৰকাৰে কেতিয়াও মনে মনে থাকিব নোৱাৰে'

আইন হাতত তুলি ললে চৰকাৰে কেতিয়াও মনে মনে থাকিব নোৱাৰে ৷

সিদিনা গৰুখুঁটিত যি ঘটনা সংঘটিত হ’ল আমি ভাৱো যে সেই হিংসাত্মক ঘটনাৰ লগত কেতবোৰ অপশক্তি জড়িত হৈ আছে ৷ নহ’লে সেই স্থানত ইমান মানুহ নাই ৷ এশ মানুহৰ ঘৰো নাই ৷ গতিকে ইমান হাজাৰ মানুহ ক’ৰ পৰা তাত গোট খালে ?

সংগঠিত ৰূপত বাধা প্ৰদান কৰাৰ বাবে তাত ইমান মানুহ গোট খাইছিল ৷ এই মন্তব্য ৰাজ্যৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ ৷

মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও জিলাত উপস্থিত হৈ এই মন্তব্য কৰে। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া আৰু জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ উপস্থিতিত কৃষি,পশুপালন, দুগ্ধ উন্নয়ন আৰু সমবায় বিভাগৰ বিষয়াসকলৰ লগত এক পৰ্যালোচনা সভাত মিলিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে তেওঁ৷

সাংবাদিকে মন্ত্ৰী বৰাক গৰুখুঁটিৰ ঘটনা সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত কয় যে গৰুখুঁটিৰ আমাৰ যিটো প্ৰকল্প এই প্ৰকল্পটোৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বিশেষ উদ্যোগ লৈছে আৰু এয়া তেওঁৰ সপোন ৷

ইয়াৰ জৰিয়তে এটা মডেল প্ৰজেক্ট কৰিব বিচৰা হৈছে যাতে সমগ্ৰ ৰাজ্যখনৰ উঠি অহা চামটোৱে ইয়াক দেখি উদ্বুদ্ধ হয় ৷ তাৰ বাবে ইতিমধ্যে কাম তৰিৎ গতিত আগবাঢ়িছে ৷ ইয়াৰ বাবে পদ্ম হাজৰিকাক অধ্যক্ষ হিচাপে লৈ এখন কমিটি গঠন কৰা হৈছিল আৰু কমিটিখনে তাত যথেষ্টখিনি কাম কাজ আগবঢ়াইছিল ৷

আনকি গুজৰাটৰ পৰা গিৰ গৰু অনা হৈছে ৷ তাত যিখিনি লোক আছে সেই লোকখিনিক বিকল্প স্থানত মাটি দিয়াৰ কথাও কৈছে আৰু ইতিমধ্যে তেওঁলোকে সেই কথা বুজিও উঠিছে৷ এইটো নহয় যে তেওঁলোকক অমানৱীয়ভাৱে কিবা প্ৰকাৰে তাৰ পৰা উঠাই দিয়া হ’ব ৷

হয় ,অসম আন্দোলনৰ সময়তো ডাঙৰ ডাঙৰ ঘটনা সংঘটিত হৈছে সেই এলেকা বিলাকত ৷ জয়নাথ শৰ্মাৰ ভাতৃক তাত হত্যা কৰা হৈছিল ৷ কিন্তু কথা হ’ল চৰকাৰৰ মাটি কোনোবাই দখল কৰি থাকিব আৰু চৰকাৰে সদায় মনে মনে থাকিব সেইটো হ’ব নোৱাৰে ৷

আমাৰ ৰাজ্যখনৰ কৃষি বিভাগৰে ৭৫ খনমান চিড ফাৰ্ম আছে ৷ তাৰে বহুখিনি মাটি দখল হৈছে ৷ আনকি কিছুমান সন্দেহজনক মানুহেও তাত বসবাস কৰিবলৈ লৈছে ৷ গতিকে সেইবিলাকো উচ্ছেদ কৰা হ’ব আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে এনেকুৱা ধৰণৰ বাধাই আমাৰ গতি স্তব্ধ কৰিব নোৱাৰে ৷

আমাৰ যিটো লক্ষ্য সেই লক্ষ্যত উপনীত হ’বলৈ নিশ্চিতভাৱে আমি আগবাঢ়ি যাম ৷ কিন্তু এইটো ঠিক যে কোনোবা এজন ফটোগ্ৰাফাৰৰ এটা দৃশ্য দেখিছো বৰ ভালবিধৰ নহয় ৷ অত্যন্ত দুৰ্ভাগ্যজনক ৷ তেনেকুৱা ঘটনা আমি কেতিয়াও আশা নকৰো৷ মূল কথা হ’ল যে পৰিকল্পিতভাৱে তেওঁলোকে সৃষ্টি কৰা বা পুলিচক আক্ৰমণ কৰা যিটো কথা তাক প্ৰশাসন আৰু চৰকাৰে কেতিয়াও সহ্য কৰিব নোৱাৰে ৷

আনহাতে সাংবাদিকে এই ঘটনাৰ আঁৰত কংগ্ৰেছৰ উচটনি থাকিব পাৰে নেকি বুলি সোধাত মন্ত্ৰী বৰাই কয় যে কংগ্ৰেছৰ উচটনি থাকিব পাৰে , এ আই ইউ ডি এফৰ উচটনিও থাকিব পাৰে ৷

ইপিনে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়ে সোধাত তেওঁ কয় যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়টো এতিয়া আলোচনা হোৱা নাই ৷ ভৱিষ্যতে হ’বই ৷ আনহাতে ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰিত্ব পাব নে বুলি সোধাত তেওঁ কয় যে এনেকৈ ৰাজহুৱাভাৱে কোৱা কথা নহয় ৷

সকলোৱে জানে আৰু আপোনালোকেও জানে ৷ উল্লেখ্য যে মন্ত্ৰী অতুল বৰাই অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, বিধায়ক ফণীভূষণ চৌধুৰী জ্যেষ্ঠ ভাতৃ প্ৰয়াত সুবোধ চৌধুৰীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷