বোকাখাতত পৌৰ সভাৰ বিভিন্ন আঁচনিৰ কামৰ শুভাৰম্ভ মন্ত্ৰী অতুল বৰাৰ

অতুল বৰা, ফটো-নৰ্থ-ইষ্ট নাও

আজি বোকাখাত সমষ্টিত এলানি বিভাগীয় আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয় কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ৷

শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে বোকাখাত পৌৰসভাৰ অধীনৰ ৪ টা পথৰ পকী নলা আৰু ৫ টা পেভাৰ ব্লক পথৰ কামৰ শুভাৰম্ভ কৰে ৷

পৌৰসভাৰ অধীনত নিৰ্মাণ হ’বলগীয়া এই আঁচনিবোৰৰ  ৪ টা পেভাৰ ব্লক পথৰ বাবে ৪৯.২৫ লাখ টকা আৰু ৫ টা পকী নলাৰ বাবে ১.৪৮ কোটি টকাৰ অনুমোদন  লাভ কৰিছে বোকাখাত পৌৰসভাই  ৷ 

এই আঁচনিৰে বোকাখাত পৌৰসভাৰ চাৰিটা ৱাৰ্ডতে একোটাকৈ পেভাৰ ব্লক পথ আৰু ১, ২ আৰু ৩ নং ৱাৰ্ডত একোটাকৈ আৰু ৩ নম্ব ৱাৰ্ডত দুটা পকী নলা নিৰ্মাণ কৰাৰ বাবে আজি আনুষ্ঠানিক ভাৱে কাম আৰম্ভ কৰা হয় ৷

আজিৰ আঁচনি শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই স্থানীয় ৰাইজক নিৰ্মাণ কাৰ্য্য সমূহত চৰকাৰী নিয়ম-নীতি মতে কাম সম্পাদন হৈছে নে নাই -তাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনায়  লগতে ৰাইজৰ সহায় সহযোগিতাও কামনা কৰে ৷

শুভাৰম্ভণি অনুস্থানত মহকুমাধিপতি বিবেক শ্যাম, কাৰ্য্যবাহী বিষয়া মানস নাথ, প্ৰাক্তন পৌৰপতি-উপ-পৌৰপতি ক্ৰমে চিত্ৰা কাৰ্ডং ,সঞ্জীৱ শইকীয়া, অসম গণ পৰিষদৰ জিলা সভাপতি জগত কলিতা, বি জে পি দলৰ মণ্ডল সভাপতি জীৱেশ্বৰ হাজৰিকা আদিও উপস্থিত আছিল ৷