আজিৰ কেবিনেটত লোৱা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত; জনালে চন্দ্ৰ মোহন পাটোৱাৰীয়ে

ফটো : নৰ্থ-ইষ্ট নাও

খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আজি সোণোৱাল কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকৰ অন্তত কেবিনেটে লোৱা সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

মন্ত্ৰী পাটোৱাৰীয়ে আজিৰ এই বৈঠকখনত মূলতঃ ক’ভিডৰ ওপৰতে আলোচনা হোৱা বুলি কয়।

বৈঠকত লোৱা সিদ্ধান্ত সমূহ তলত দিয়া ধৰণৰ

বহিঃৰাজ্যৰ পৰা আহিবলগীয়া সকলো মানুহ কোৱাৰেন্টাইনত যাব লাগিব। বাহিৰৰ পৰা অহাসকলৰ ওপৰত চৰকাৰে কঠোৰ দৃষ্টি নিবদ্ধ ৰাখিব।

যিসকল যুৱক-যুৱতীয়ে কৃষিখণ্ডৰ ওপৰত গুৰুত্ব দিছে তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থা ল’ব চৰকাৰে।

চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঢ় লৈ উঠা ভৰলুপুৰীয়া ফাৰ্মত ১১৭৬ বিঘা মাটি আৱন্টন দিয়া হৈছে।

অসমৰ বাহিৰত থকা ৩ লাখ ৬১ হাজাৰক এপ্ৰিল, মে, জুনত ২০০০ কৈ টকা দিব চৰকাৰে।

ঢুলীয়া, খোলীয়া, নাগাৰা নাম, বেনপাৰ্টিৰ লোক শিল্পীসকলক এপ্ৰিল, মে, জুনত দিব ২০০০কৈ মুঠ ৬০০০ টকা। লোক শিল্পীসকলক সাংস্কৃতিক মন্ত্ৰণালয়ে তালিকাভুক্ত কৰিব।

মথাউৰী নিৰ্মাণকলৈও কেবিনেটত আলোচনা হয় বুলি মন্ত্ৰী পাটোৱাৰীয়ে সংবাদ মাধ্যমক জনায়।

বানপানীৰ বাবে পাবলগীয়া সকলো সাহায্য সামগ্ৰী মজুত কৰিবলৈ জিলা উপায়ুক্ত সকলক নিৰ্দেশ।

এজন মন্ত্ৰীক অতিকমেও দুখন জিলাৰ দায়িত্ব ল’বলৈ কোৱা হৈছে।

ইফালে যোৱা কিছু দিনত অসমত ক’ৰ’নাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ প্ৰসংগত মন্ত্ৰী পাটোৱাৰীয়ে অসমত এতিয়াও কমিউনিটি ট্ৰাঞ্চমিশ্যন হোৱা নাই বুলি মন্তব্য কৰে।

আজিৰ এই বৈঠকত বিদ্যালয় সমূহ খোলাক লৈ কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি কয় মন্ত্ৰী গৰাকীয়ে।

শেহতীয়াকৈ ৰাজ্যৰ জনসাধাৰণক জ্বলা কলা খুওৱা মূল্যবৃদ্ধি সন্দৰ্ভতো আজিৰ কেবিনেটত আলোচনা হয়।

ব্যৱসায়সকলক এই দুৰ্যোগৰ সময়ত কৃত্ৰিম মূল্যবৃদ্ধি নকৰিবলৈ আহ্বান জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

আনহাতে সাধাৰণ লোক তথা চৰকাৰৰ বাবে এই সময় জটিল বুলি মন্ত্ব্য কৰি মন্ত্ৰী পাটোৱাৰীয়ে টীম আছামৰ অংশীদাৰ হ’বলৈ ব্যৱসায়ীসকলক আহ্বান জনায়।