পশ্চিম বংগত হিমন্ত বিশ্ব শৰ্মাক তৃণমূল কংগ্ৰেছ কৰ্মীৰ ভয়ংকৰ আক্ৰমণ

D5-MJ45UYAEQp94

পশ্চিম বংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত আক্ৰমণ। ফটো : টুইটাৰ

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অসমৰ বিত্ত মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ড০  হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া তৃণমূল কংগ্ৰেছ কৰ্মীৰ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হৈছে। ৰাজ্যখনৰ পশ্চিম মেদিনীপুৰৰ কান্থি লোকসভা সমষ্টিৰ খেজুৰিত তৃণমূল কংগ্ৰেছৰ সমৰ্থকে হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ সৈতে থকা বিজেপি নেতা-কৰ্মীসকলৰ ওপৰত বেয়াকৈ আক্ৰমণ চলায়।

তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ আক্ৰমণত বহু বিজেপি কৰ্মী আহত হোৱা বুলি জানিব পৰা গৈছে। উন্মত্ত আক্ৰমণকাৰীসকলে হিমন্ত বিশ্ব শৰ্মাৰ বাহনখনৰ পিছৰ গ্লাছখন ভাঙি পেলায়।

তৃণমূলৰ উগ্ৰ সমৰ্থকসকলে পশ্চিমবংগৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষ আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ কৰ্মীসকলক বহু সময় ঘেৰাও কৰি ৰাখে। তৃণমূল সমৰ্থকসকলে দুয়োপিনৰ পৰা পথ অৱৰোধ কৰি ৰখাৰ সময়ত পশ্চিমবংগৰ আৰক্ষীৰ লোকসকলে কোনো তৎপৰতা প্ৰদৰ্শন কৰাৰ বিপৰীতে ঘটনাটো নিৰৱে লক্ষ্য কৰি থাকে।

আনহাতে, তৃণমূলৰ উগ্ৰ সমৰ্থকসকলে হিমন্ত বিশ্ব শৰ্মাকে ধৰি আবদ্ধ হৈ থকা বিজেপি নেতা-কৰ্মীসকলক উদ্ধাৰ কৰাত আৰক্ষীকো বাধা দিয়ে। তেওঁলোকে বিজেপিৰ নেতাসকলক উদ্দেশ্যি অশ্ৰাব্য গালি গালাজ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ঘটনাৰ বহু সময়ৰ পাছত আৰক্ষীৰ লোকসকলে ক্ৰমে ঘটনাস্থলীৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ লগতে আবদ্ধ হৈ পৰা বিজেপিৰ দলটোক উদ্ধাৰ কৰি লৈ যায়। তৃণমূল সমৰ্থকে কমেও ২০খনতকৈয়ো অধিক মটৰ চাইকেল ভঙি চূৰমাৰ কৰে।

তৃণমূল কৰ্মীৰ আক্ৰমণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  শৰীৰত কোনো আঘাত পোৱা নাই বুলি জানিব পৰা গৈছে।