নিউজ লাইভৰ ১২ বছৰ: চেনেলটোক শুভেচ্ছা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; বিভিন্নজনৰ প্ৰতিক্ৰিয়া

Untitled-1 copy(16)

অসমৰ দ্বিতীয়টো ব্যক্তিগত টিভি চেনেল নিউজ লাইভে ১২ বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে চেনেলটোৰ গৰাকী ৰাজ্যখনৰ ৰাজনীতিৰ বহুল চৰ্চিত মন্ত্ৰী তথা ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাই চেনেলটোৰ সকলোলৈকে শুভেচ্ছা জনাইছে।

নিজৰ টুইটাৰত মন্ত্ৰীগৰাকীয়ে লিখিছে: ‘’নিউজ লাইভ গুৱাহাটীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাতৰি তথা মনোৰঞ্জনৰ প্ৰয়োজনীয়তাখিনি কৰ্তব্যনিষ্ঠা আৰু দায়বদ্ধতাৰ সৈতে আগবঢ়াই আহিছে।‘’

তেওঁ লগতে  লিখিছে: ‘’অঞ্চলটোৰ তথ্য ৰাজি গতিশীলভাৱে প্ৰচাৰ কৰাৰ বাবে ৰিনিকি ভূঞা আৰু জাৰিৰ হুছেইনৰ দলটোক আন্তৰিক অভিনন্দন জনাইছো।‘’

ৰাজ্যখনৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ পত্নীৰ নামত থকা চেনেলটোৰ গৰাকী মন্ত্ৰী শৰ্মা নিজেই যদিও বিভিন্ন সময়ত তেওঁ এই কথা অস্বীকাৰ কৰাৰ চেষ্টা কৰি আহিছে।

বিশেষকৈ সাৰদা কেলেংকাৰিত জড়িত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ সময়ত তেওঁ বাৰে বাৰে চেনেলটোৰ সৈতে তেওঁৰ সম্পৰ্ক নাই আৰু সেইটো তেওঁৰ পত্নীৰহে বুলি দোহাৰিছিল।

সেয়া যি নহওক সকলোৱে এই কথা জানে যে নিউজ লাইভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা কি বা চেনেলটোৰ সৈতে তেওঁৰ সম্পৰ্ক কি।

চেনেলটোৰ সম্পাদকক কাষত বহুৱাই লৈ অসমৰ ৰাইজক এঘন্টীয়া স্পষ্টীকৰণ দিবলৈ যেতিয়া মন্ত্ৰী শৰ্মা যেতিয়া বহে, তেতিয়া তেওঁক চেনেলটোৰ মালিক বুলি কোনেনো নকব?

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তিগত চেনেলৰ ইতিহাসত বাটকটীয়া হিচাপে পৰিচিত নিউজ লাইভৰ এই সুদীৰ্ঘ যাত্ৰাক আদৰণি জনোৱাৰ মুহূৰ্ততে একাংশ লোকে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।

মন্ত্ৰীগৰাকীয়ে ফেইচবুকত প’ষ্ট কৰা উক্ত কথাখিনি পঢ়ি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এজনে লিখিছে: ‘’বাতৰি সম্পৰ্কে নিশ্চিত নহও, কিন্তু হয়, কমেডি আৰু মনোৰঞ্জন অৱশ্যেই ভৰি আছে।‘’

আন এজনে লিখিছে: ‘’এগৰাকী মন্ত্ৰীয়ে এটা নিউজ চেনেলক প্ৰশংসা কৰাটোৱে আমাক কৈ দিছে কি ধৰণৰ সাংবাদিকতাৰ সেৱা তেওঁলোকে আগবঢ়াইছে।‘’

এজনে আকৌ লিখিছে: ‘’পক্ষপাতমূলক নিউজ চেনেল।এই চেনেলবোৰ ৰাজ্যখনৰ সামাজিক-ৰাজনৈতিক স্থিতিক নিজৰ পক্ষত ব্যৱহাৰ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ এক আহিলা। ‘মিডিয়া জেপ মে, তো জনতা জেপ মে…!’’

এনেদৰে বিভিন্নজন বিৰাগী-অনুৰাগীয়ে মন্ত্ৰীগৰাকীক ফেইচবুকত লক্ষ্য কৰি লৈছে।