ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনকেন্দ্ৰিক বাক-যুদ্ধই ক্ৰমে তীব্ৰ ৰূপ ধাৰণ কৰিছে।
এইবাৰ বিপিএফ দলৰ এগৰাকী নেতাই বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জে’ললৈ প্ৰেৰণ কৰাৰ হুমকি দিছে।
‘নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব জে’ললৈ যাব লাগিব। আৰু জে’লত পিন্ধা কাপোৰ যোগান ধৰাৰ দায়িত্ব ল’ব বিপিএফ দলে। কাপোৰ দিব পখৰা।’ এইদৰে মন্তব্য কৰে তামুলপুৰৰ প্ৰাক্তন বিধায়ক, বিপিএফ নেতা চণ্ডী বসুমতাৰীয়ে।
বুধবাৰে তামুলপুৰ জিলা বিপিএফৰ কাৰ্যালয়ত ৫৮ নং তামুলপুৰ সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী ৰংজা খু্ংগুৰ বসুমতাৰীক সম্বৰ্ধনা জনোৱাৰ বাবে অনুষ্ঠিত হৈছিল এখন সভা।
তামুলপুৰ জিলা বিপিএফৰ সম্পাদক উপেন বসুমতাৰীয়ে আঁত ধৰা সভাত উপস্থিত থাকি বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি চণ্ডী বসুমতাৰীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰে।
এইবাৰৰ নিৰ্বাচনত বিটিচিৰ ১২ খন আসনেই মহাজোঁট বন্ধনে লাভ কৰিব বুলি উল্লেখ কৰাৰ লগতে কংগ্ৰেছ-বিপিএফৰ মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব বুলিও চণ্ডী বসুমতাৰীয়ে দাবী কৰে।
সভাত উপস্থিত থাকি বিপিএফ দলৰ বিভিন্ন সমিতি আৰু ব্যক্তিয়ে বিপিএফ দলৰ প্ৰাৰ্থী ৰংজা খু্ংগুৰ বসুমতাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে।