হিমন্ত বিশ্বৰ কথা ‘অৰ্থহীন’, নাজানে অসমৰ ইতিহাস: মৃণাল হাজৰিকা

Mrinal-Hazarika-750x375

মৃণাল হাজৰিকা। ফাইল ছবি।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘নাজানে’ অসমৰ ইতিহাস। আলফাক লৈ বুধবাৰে শৰ্মাৰ মন্তব্যৰ পিছতে মন্ত্ৰীজন সন্দৰ্ভত এইদৰে কৈছে আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই।

আলোচনাপন্থী আলফাগৰাকীৰ মতে ‘হিমন্ত বিশ্বৰ কথা অৰ্থহীন।‘ লগতে তেওঁলোকৰ হাতত প্ৰশ্নৰ উত্তৰ নাই, সেয়েহে চালে-বেৰে কোবাই যি তি মন্তব্য কৰি থাকে বুলিও তেওঁ নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা-বতৰাত মন্তব্য কৰে।

২০০৮ চনত অৰ্থাৎ যুদ্ধ বিৰতি ঘোষণা কৰাৰ সময়তে আলফাৰ ২৮ বেটেলিয়নতে ৪ শতাধিক সদস্য আছিল বুলি মৃণাল হাজৰিকাই আমাক জানিবলৈ দিয়ে।

হাজৰিকাই কয়, ‘যুদ্ধবিৰতি ঘোষণা কৰা ১০ বছৰৰ পাছত বহু ল’ৰা গৈয়ো আছে আৰু তাৰে কিছুমান উভটিয়ো আহিছে।’

ইয়াৰোপৰি, সংবাদমাধ্যমৰ আগত আলফাক কেন্দ্ৰ কৰি মন্তব্য কৰা মন্ত্ৰীগৰাকীৰ হাতত আলফাত যোগদান কৰা সন্দৰ্ভত কোনো তথ্য নাই বুলি দাবী কৰে আলোচনাপন্থী আলফাগৰাকীৰ। তেওঁৰ মতে ‘আৰক্ষীয়ে যিখিনি তথ্য দিছে সেইখিনিয়ে যথেষ্ট।‘

অৱশ্যে পৰেশ বৰুৱাৰ ভতিজা আলফাত যোৱাটো ‘কোনো ডাঙৰ বাতৰি নহয়‘ বুলি হাজৰিকায়ো মন্তব্য কৰি কয়, ‘পৰেশ বৰুৱাৰ ভতিজা হোৱা বাবে হাইলাইটটো হৈছে। তেনেকৈয়ে বহু পৰিয়ালৰ পৰা ল’ৰা আলফাত গৈয়ো আছে, ঘূৰিও আহিছে বা কিছুমানে মৃত্যুকো সাবটি লৈছে।‘

আলফালৈ ল’ৰাবোৰ যোৱাৰ বাবে বিজেপি চৰকাৰখনকেই দোষাৰোপ কৰে হাজৰিকাই।

তদুপৰি বুধবাৰে মন্ত্ৰীগৰাকীয়ে কৰা ‘পৰেশ বৰুৱাৰ ৬০-৭০ বছৰ হৈছে গতিকে উত্তৰাধিকাৰী সূত্ৰে মুন্নাক দায়িত্বভাৰ গতাব বিচাৰিছে’ মন্তব্যৰ বিৰোধিতা কৰে মৃণাল হাজৰিকাই।

তেওঁ কয়, ‘সেইবোৰ ৰাজনৈতিক দলৰহে পৰম্পৰা। হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহা মাত্ৰ ২-৩ বছৰ হৈছে। পূৰ্বতেটো তেওঁ মন্তব্যত কোৱা ধৰণে কংগ্ৰেছ দলতে বহু বছৰে আছিল।‘

হাজৰিকাৰ দাবী, ‘বৰ্তমানৰ তথাকথিত গণতন্ত্ৰৰ ফলতেই আলফাৰ প্ৰতি যুৱক-যুৱতীসকল আকৃষ্ট হৈছে।‘

তেওঁৰ মতে, ‘অসমত সাম্প্ৰদায়িক বিষবাষ্প আৰম্ভ কৰিছিল শিলাদিত্যই।‘

নৱ-প্ৰজন্মই চৰকাৰৰ আচৰণ দেখি আছে, সেয়েহে ইয়াৰ ’বিকল্প হিচাপে হাতত অস্ত্ৰ তুলি লৈছে‘ বুলিও তেওঁ মন্তব্য কৰে।