বৰপেটাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক; মথাউৰি নিৰ্মাণৰ কাম-কাজৰ পৰ্যালোচনা

ল’কডাউনৰ ফলত যাতে সমাগত বাৰিষাৰ পূৰ্বে ৰাজ্যৰ ভঙা মথাউৰি সমূহৰ নিৰ্মাণৰ কাম স্তব্ধ নহয় তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷

সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মথাউৰি নিৰ্মাণৰ কাম-কাজৰ পৰ্যালোচনা অব্যাহত ৰাখিছে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷

মথাউৰিৰ কাম-কাজ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি বৰপেটাত উপস্থিত হয় মন্ত্ৰী মহন্ত ৷ জিলাখনৰ মথাউৰিবোৰৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে অহা মন্ত্ৰী গৰাকীয়ে বিষয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে ৷

ক’ৰ’না ভাইৰাছ মহামাৰীক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ কাৰণে সমাগত বাৰিষাত যাতে মথাউৰিৰ বাবে জনসাধাৰণ ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে সচেষ্ট হৈ সেৱাৰ মনোভাবেৰে কাম কৰি যাবলৈ তেওঁ বিভাগীয় বিষয়া কৰ্মচাৰী সকলক আহ্বান  জনায়।

আনাহাতে, এনে জটিল সময়ত কৰ্তব্যত গফিলতি কৰা বিষয়া-কৰ্মচাৰী সকলক কোনোপধ্যেই ৰেহাই দিয়া নহ’ব বুলিও সতৰ্ক কৰি দিয়ে মন্ত্ৰী গৰাকীয়ে।

বৈঠকত বৰপেটা বিধান সভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, বাঘবৰৰ বিধায়ক ছোৰমান আলী আহমেদ, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ উপৰি প্ৰশাসনৰ সকলো জ্যেষ্ঠ বিষয়াৰ লগতে বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়া সকল উপস্থিত থাকে।