NORTHEAST NOW (Assamese)

ৰাজনীতিৰ পৰা মুক্ত নহ’ল অসম ফুটবল সন্থা : সভাপতি পদত বহিলে মন্ত্ৰী নৱ কুমাৰ দলে

March 24, 2019 6:22 pm · কল্পজ্যোতি শইকীয়া
অসম ফুটবল সন্থাৰ নৱ নিৰ্বাচিত সভাপতি নৱ কুমাৰ দলেৰ ফাইল ফটো

ৰাজনীতিৰ পৰা মুক্ত নহ’ল ৰাজ্যৰ ক্ৰীড়াজগত। ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগ আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ দৰে দুটাকৈ বিভাগৰ গুৰু দায়িত্বত থকা স্বত্তেও অসম ফুটবল সন্থাৰ সভাপতি পদত অধিষ্ঠিত হ’ল মন্ত্ৰী নৱ কুমাৰ দলে।

আজি নেহৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন আভ্যন্তৰিণ ষ্টেডিয়ামত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা কাৰ্য নিৰ্বাহকৰ বৈঠকতে গঠন কৰা হয় অসম ফুটবল সন্থাৰ নতুন কমিটি। বিনা ভোটগ্ৰহণেৰে নিৰ্বাচিত কৰা হয় কমিটিৰ বিষয়ববীয়াসকলক।

অসমৰ এগৰাকী অন্যতম ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিচাই নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি হিচাপে নিৰ্বাচিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে। তেওঁৰ পূৰ্বে অসম ফুটবল সন্থাৰ সভাপতি পদত আছিল হেমেন চন্দ্ৰ ব্ৰহ্ম।

ইপিনে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় হেমেন চন্দ্ৰ ব্ৰহ্ম আৰু কোষাধক্ষ্য হিচাপে নিৰ্বাচিত হয় হীৰেন গগৈ। এই কথা জনায় নুনিচাই।

ইয়াৰ উপৰি পূৰ্বে ৰেফাৰী হিচাপে কাৰ্য নিৰ্বাহ কৰা কমল দত্ত, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ বৰ্তমানৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰ আৰু সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণক নৱ নিৰ্বাচিত কমিটিখনৰ উপ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।

উল্লেখযোগ্য যে পূৰ্বতে অংকুৰ দত্ত সন্থাৰ সাধাৰণ সম্পাদক হিচাপে আছিল। সুত্ৰ অনুসৰি বিত্তীয় কেলেংকাৰিৰ বাবে বৰ্তমানৰ সম্পাদক অংকুৰ দত্ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিলে।

মন্ত্ৰী দলেৰ পূৰ্বে অসম ফুটবল সন্থাৰ সভাপতি পদত হেমেন চন্দ্ৰ ব্ৰহ্ম অধিষ্ঠিত হৈ আছিল বুলি ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিচাই জানিবলৈ দিয়ে।

উল্লেখ্য যে বহু প্ৰাক্তন ফুটবলাৰক উপেক্ষিত কৰি ফুটবলৰ সৈতে কোনো সম্পৰ্ক নথকা তথা ৰাজ্যৰ দুটাকৈ বিয়াগোম বিভাগৰ মন্ত্ৰিত্বৰ বোজা থকাৰ পাছতো অসম ফুটবল সন্থাৰ সভাপতিৰ পদত কিয় নৱ দলেক অধিষ্ঠিত কৰা হ’ল তাক লৈ এতিয়া একাংশ ক্ৰীড়া বিশেষজ্ঞ তথা সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

Related News