তামুলপুৰত বজাৰে বজাৰে যোগানমন্ত্ৰী; পিছে মূল্য বৃদ্ধিৰ ভূ ল’বলৈ নহয়,প্ৰচাৰৰ বাবেহে

তামুলপুৰত এইবাৰ বজাৰে বজাৰে পৰিভ্ৰমণ যোগানমন্ত্ৰী ৰঞ্জিত দাসৰ। পিছে মূল্য বৃদ্ধিৰ ভূ ল’বলৈ নহয়, নিৰ্বাচনী প্ৰচাৰৰ বাবেহে বজাৰ পৰিভ্ৰমণ যোগানমন্ত্ৰীৰ।

মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ চলাইছে অসমৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসে।

তামুলপুৰৰ সাপ্তাহিক বজাৰত ক্ৰেটা-বিক্ৰেতাৰ ওচৰত গৈ ইউপিপিএল দলৰ প্ৰাৰ্থী জলেন দৈমাৰীক ট্ৰেক্টৰৰ চিহ্নত ভোট দিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে।

বিজেপি ইউপিপিএলৰ নেতা কৰ্মীক লগত লৈ জলেন দৈমাৰীৰ হৈ প্ৰচাৰ চলালে অসম চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে।

সাধাৰণতে দলৰ নিৰ্বাচনী সভা-সমিতিলৈ জাৰৰ ব্যৱসায়ী সকল যাব নোৱাৰে বাবেই বজাৰত প্ৰচাৰ চলোৱাত গুৰুত্ব দিয়া বুলি জানিবলৈ দিয়ে ৰঞ্জিত দাসে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কয় যে তামুলপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰী অনায়াসে জয়ী হ’ব। তামুলপুৰৰ জনসাধাৰণে টেক্টৰৰ চিনত ভোট দি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়ী কৰাব বুলি আত্মবিশ্বাসী ৰঞ্জিত দাস।

মন্ত্ৰী দাসৰ উপস্থিতিত তামুলপুৰত বহু ব্যক্তিয়ে বিজেপি দলত যোগদান কৰে।