নৰেন্দ্ৰ মোদী-হিমন্ত বিশ্ব থাকিলে অসমত সকলো বুথেই হ’ব কংগ্ৰেছ মুক্ত: ৰঞ্জিত কুমাৰ দাস

শীঘ্ৰে পঞ্চায়ত প্ৰতিনিধিয়ে লাভ কৰিব ২১ মাহৰ মাননি

do

*

নৰেন্দ্ৰ মোদী-হিমন্ত বিশ্ব থাকিলে অসমত সকলো বুথেই হ’ব কংগ্ৰেছ মুক্ত।

এই মন্তব্য মন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ।

ৰাজ্যত কেইবাগৰাকীও প্ৰভাৱশালী কংগ্ৰেছী নেতা-নেত্ৰীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতে পাঠশালাত ৰঞ্জিত কুমাৰ দাসে এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

তেওঁ কয় যে ৰাজ্যৰ সকলো বুথেই কংগ্ৰেছ মুক্ত হৈ পৰিব।

দুজন নহয়, কংগ্ৰেছৰ বহু কেইজন বিধায়ক বিজেপিলৈ আহিব বুলিও তেওঁ কয়।

কেৱল বিধায়ক পদ খাৰিজ হোৱাৰ ভয়ত মুকলি কৈ আহিব খোজা নাই তেওঁলোকে ।

আজি বৰাকৰ বিধায়ক এজনে কাৰ্যালয়লৈ আহি বিজেপিত যোগদান কৰাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰা বুলিও ৰঞ্জিত দাসে কয়।

প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালক বিজেপিয়ে মৰ্য্যাদা পূৰ্ণ স্থানত ৰাখিব বুলিও তেওঁ মন্তব্য কৰে।

অতি শীঘ্ৰে পঞ্চায়ত প্ৰতিনিধিক ২১ মাহৰ মাননি মুকলি কৰি দিয়া হ’ব বুলি মন্তব্য কৰি দাসে

মধ্যভোগী দালালকো সকিয়নী দিয়ে।