বিটিচিৰ ওদালগুৰিৰ জিলাৰ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ বাবে এখন হেলিপেডৰ আধাৰশিলা স্থাপন কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য আৰু আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ওদালগুৰি চহৰৰ পৰা প্ৰায় ২ কিঃমিঃ উত্তৰৰ হৰপুৰত এই হেলিপেডখনৰ আধাৰশিলা স্থাপন কৰা হৈছে।
২০১৬-১৭ আৰু ২০১৭-১৮ (সংযুক্ত পুঁজিৰে) ১ কোটি টকা ব্যয় সাপেক্ষে এই হেলিপেডখন নিৰ্মাণ কৰা হ’ব। ওদালগুৰিৰ উপায়ুক্ত দিলীপ কুমাৰ দাসৰ অধ্যক্ষতাত ওদালগুৰি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদত এই বিষয়ক এখন সভা অনুষ্ঠিত কৰা হয়।
আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী ৰিহন দৈমাৰীয়ে কয় যে ওদালগুৰিত যথেষ্ট প্ৰগতি সাধন কৰা হৈছে আৰু হেলিপেডখনে এই জিলাখনৰ গৌৰৱত আৰু এটা মাত্ৰা যোগ দিব।
তেওঁ আৰু জনাইছে যে নিটি আয়োগৰ প্ৰতিৱেদন অনুসৰি, সমগ্ৰ দেশৰে ১১৫খন জিলাৰ ভিতৰত ওদালগুৰি অসমত প্ৰথম আৰু ভাৰতৰ ভিতৰত ১৫ নম্বৰ স্থানত আছে। তেওঁ আৰু জনাইছে যে ওদালগুৰি-ৰৌতা পথ আৰু ওদালগুৰি-কলাইগাঁও পথৰ নিৰ্মাণ যুদ্ধ-কালীন প্ৰস্তুতিৰে চলি আছে।
মন্ত্ৰীগৰাকীয়ে আৰু জনাইছে যে অসম আৰু অৰুণাচলৰ মাজত পথ যোগাযোগ সুচল কৰাৰ বাবে ৩৪ কোটি ব্যয়সাপেক্ষে ভৈৰবকুণ্ডত এখন স্থলপথ দলং নিৰ্মাণ কৰা হ’ব।
বিটিচিৰ অতিৰিক্ত প্ৰধান সচিব ৰবিনছন মুছাহাৰীয়ে কৈছে যে জানুৱাৰি মাহৰ ১৫ তাৰিখে ওদালগুৰি জিলাৰ নলখামৰা গাঁৱত নিৰ্মাণ হ’বলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ আধাৰশিলা প্ৰধান মন্ত্ৰী মোডীয়ে ডিজিটেল পদ্ধতিৰে স্থাপন কৰিব।
ওদালগুৰি জিলাৰ উন্নয়নৰ বাবে হাতত লোৱা আন আন বিকাশমূলক প্ৰকল্পসমূহ হৈছে হৰিশিঙাৰ ওচৰৰ কোচপাৰাত নিৰ্মাণ হ’বলগীয়া আদৰ্শ ডিগ্ৰী মহাবিদ্যালয় (Model Degree College ) আৰু মাজবাটত নিৰ্মাণ হ’বলগীয়া এটা বিজ্ঞান কেন্দ্ৰ।